ETV Bharat / politics

পীযুষ হাজৰীকা হিন্দু বাংলাদেশীৰ লীডাৰ: অখিল গগৈ - INDI Alliance huge march

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 9:55 AM IST

Minister Pijush hazarika is the leader of Hindu Bangladeshi says MLA Akhil Gogoi
পীযুষ হাজৰীকা হিন্দু বাংলাদেশীৰ লীডাৰ: অখিল গগৈ

INDI Alliance huge march : মৰাণত শনিবাৰে বিৰোধী মিত্ৰজোঁটৰ বিশাল পদযাত্ৰা ৷ পদযাত্ৰাত অংশগ্ৰহণ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷ মন্ত্ৰী পীযুষ হাজৰীকাক ক্ষুৰধাৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে ৷

পীযুষ হাজৰীকা হিন্দু বাংলাদেশীৰ লীডাৰ: অখিল গগৈ

মৰাণ, 24 মাৰ্চ : কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ ভেঁটিত কঁপনি তুলি মৰাণত বিৰোধী মিত্ৰজোঁটৰ বিশাল পদযাত্ৰা ৷ মৰাণত শনিবাৰৰ সন্ধিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটে এক বিশাল পদযাত্ৰা বাহিৰ কৰে ৷ মৰাণৰ প্ৰজাপতি বিবাহ ভৱনৰ সমুখৰ পৰা উলিওৱা এই পদযাত্ৰাত কেইবাহাজাৰ দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰি লুৰীণজ্যোতি গগৈৰ সমৰ্থনত শ্ল’গান দিয়ে ৷

এই যাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাক তীক্ষ্ণ সমালোচনা কৰে ৷ গগৈয়ে কয়, "উজনি অসমত পীযুষ হাজৰীকাৰ কথাৰ কোনো ভেল্যু নাই ৷ পীযুষ হাজৰীকাৰ কথা হিন্দু বাংলাদেশীসকলৰ মাজতহে আছে ৷ পীযুষ হাজৰীকা হিন্দু বাংলাদেশীৰ লীডাৰ ৷ পীযুষ হাজৰীকাৰ কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবো ৷"

লগতে, অখিল গগৈয়ে ডিব্ৰুগড় লোকসভা আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক বিৰোধী ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী ক্ৰমে লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক ভোট দি সমৰ্থন আগবঢ়াবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনায় ৷ এই পদযাত্ৰাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, ৰাজু ফুকন, প্ৰাক্তন উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী, কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাকে ধৰি বিৰোধী মিত্ৰজোঁটৰ বিভিন্ন দলৰ বহুসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শনিবাৰৰ সন্ধিয়াৰ এই পদযাত্ৰা কাৰ্যসূচীৰ সময়ত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে মৰাণ নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পদপথৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময়ত ভাগ লয় ৷

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈৰ জয় হোৱাটো নিশ্চিত : অখিল গগৈ - lok sabha elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.