ETV Bharat / politics

চাহ বাগিচাৰ পৰা লাভ কৰা সঁহাৰিয়ে লাভান্বিত কৰিব মিত্ৰজোঁটক: কেশৱ মহন্ত - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 5:33 PM IST

কলিয়াবৰত কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত চাহ বাগিচাত তীব্ৰ নিৰ্বাচনী প্ৰচাৰ । সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটলৈ মুকলি সমৰ্থন অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ ।

Kaziranga Lok Sabha constituency
চাহ বাগিচাত তীব্ৰ নিৰ্বাচনী প্ৰচাৰ
চাহ বাগিচাত তীব্ৰ নিৰ্বাচনী প্ৰচাৰ

কলিয়াবৰ, ১৩ এপ্ৰিল: সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটলৈ মুকলি সমৰ্থন আগবঢ়াইছে অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাই । কেইদিনমান পূৰ্বে আয়োজিত এখন সভাত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ অন্তৰ্গত ৪২ খন বাগিচাই মুকলি সমৰ্থনৰ ঘোষণা কৰিছিল । অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ ৪২ খন চাহ বাগিচাই মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ সমৰ্থন জনোৱাৰ বিষয়ে শেহতীয়াকৈ কলিয়াবৰত হোৱা এক সভাত মন্ত্ৰী কেশৱ মহন্ত আৰু অসম চাহ মজদুৰ সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ উপস্থিতিত ঘোষণা কৰিছিল । ইয়াৰ পিচতেই সংঘই মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে ।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ এই পদক্ষেপক আদৰণি জনাই কয়,"শেহতীয়াকৈ সংঘৰ নেতৃত্বৰ লগত হোৱা আলোচনাত এই লৈ এক ইতিবাচক বাৰ্তা লাভ কৰা হৈছিল । এই সমৰ্থনে সমাগত লোকসভা নিৰ্বাচনত ৰাজ্যৰ চাহ বাগিচাসমূহৰ পৰা বিশেষ সঁহাৰিয়ে লাভান্বিত কৰিব মিত্ৰজোঁটক ।"

এই সন্দৰ্ভত বিধায়ক ৰূপেশ গোৱালাই কয়,"প্ৰত্যেকৰে ৰাজনৈতিক বিচাৰ-বিবেচনা আছে । শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ চাহ বাগিচাসমূহৰ উন্নয়নৰ যি এক নতুন ধাৰা অব্যাহত ৰাখিছে, সেই ধাৰাৰ প্ৰতি স্বাভাৱিকতে আকৰ্ষিত হৈ চাহ জনগোষ্ঠী । এতিয়া তাৰেই বহিঃপ্ৰকাশ ঘটিছে ।" আনহাতে,কংগ্ৰেছ দলে ঘোষণা কৰা পাঁচটা গেৰাণ্টিক গোৱালাই কটাক্ষ কৰি তেওঁ কয়," যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ গেৰাণ্টি ৰ'ল জানো ? দেশত মাত্ৰ মোদীৰ গেৰাণ্টিহে চলিব ।"

বিজেপিৰ উন্নয়নত আকৰ্ষিত হৈ চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে এই সিদ্ধান্ত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাই গ্ৰহণ কৰা বুলি কয় নগাঁও জিলা শাখাৰ উপদেষ্টা বিন্দু গঞ্জু আৰু নগাঁও জিলা শাখাৰ সম্পাদক পবিত্ৰ কুজুৰে । সংঘৰ বিষয়ববীয়াই উল্লেখ কৰা মতে, বৰ্তমান মোদী চৰকাৰৰ লগতে অসম চৰকাৰৰ যি উন্নয়নমূলক কাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ সদস্যসকলে অগপ-বিজেপি দলত যোগদান কৰে । অসমৰ চাহ বাগিচাসমূহৰ বৰ্তমান চৰকাৰখনৰ দিনত উন্নয়নৰ গতি যেনেদৰে ত্বৰান্বিত হৈছে সেই লৈ নগাঁও জিলাৰ ৪২ খন বাগিচাৰ প্ৰতিনিধি সকলে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

কলিয়াবৰত অসম চাহ মজদুৰ সংঘই মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক মুকলিকৈ সমৰ্থনৰ ঘোষণাৰ পাচতেই কলিয়াবৰত তীব্ৰতৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে । কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক জয়যুক্ত কৰিবলৈ উঠি পৰি লাগিছে অসম চাহ মজদূৰ সংঘ । সংঘৰ নগাঁও শাখাৰ মুখ্য উপদেষ্টা বিন্দু গঞ্জু, সভাপতি সুখদেৱ নায়ক আৰু কোষাধ্যক্ষ চনুদীপ তাঁতী প্ৰমুখ্যে কৰি বিষয়ববীয়াসকলে কলিয়াবৰৰ চাহ বাগিচাই-বাগিচাই তাছাক ভোট দিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:কিয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ চৰ্চা হোৱা নাই নিৰ্বাচনী প্ৰচাৰত ? - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.