ETV Bharat / politics

কেশৱ মহন্তৰ মতে গছত গৰু উঠা কথা কোনে কয় ! - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 10:07 PM IST

Keshab Mahanta on Bhupen Borah
ভূপেন বৰাই গছত গৰু উঠা কয় বুলি মন্তব্য কেশৱ মহন্তৰ

Keshab Mahanta: আগতে মন্ত্ৰী কেশৱ মহন্তৰ মুখত এনে উত্তৰ শুনা হয়তো মনত নপৰে ৷ কিন্তু এইবাৰ ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ আক্ৰমণাত্মক হৈ পৰিল শান্ত-সমাহিত মন্তব্য কৰা মন্ত্ৰীগৰাকী ৷

ভূপেন বৰাই গছত গৰু উঠা কয় বুলি মন্তব্য কেশৱ মহন্তৰ

কলিয়াবৰ, 6 এপ্ৰিল: শনিবাৰে কলিয়াবৰত আক্ৰমণাত্মক ৰূপত দেখা গ’ল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক । সাধাৰণতে শান্ত-সমাহিত মন্তব্যই শুনা যায় মন্ত্ৰীগৰাকীৰ মুখত । বিৰোধী দলৰ নেতা-কৰ্মীক লৈ সদায় মাৰ্জিত কথা-বতৰাৰেই সমালোচনা কৰি আহিছে । ৰাজহুৱা স্থানত কদাচিতো তেওঁ অমাৰ্জিত শব্দ প্ৰয়োগ কৰা শুনা নাযায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

যদিও বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য আন নেতাৰ তুলনাত কোনো কাৰণতে অমাৰ্জিত নহয়, তৎস্বত্বেও সকলো সময়তে জুখি-মাখি কথা কোৱা কেশৱ মহন্তৰ আজিৰ ৰূপটো আন দিনাতকৈ পৃথক ।

শেহতীয়াকৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এক মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে ‘‘গছত গৰু উঠা, হোলোঙাৰে কাণ খজুওৱা কথা কয় ভূপেন বৰাই । আজিৰ দিনত ভূপেন বৰাৰ কথা কোনেও গুৰুত্ব নিদিয়ে, নুশুনেও ।’’ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীৰ ১০০ দিন সম্পৰ্কত ভূপেন বৰাই কৰা মন্তব্যক লৈ এইদৰে কলিয়াবৰত ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী কেশৱ মহন্তই । বিৰোধী কংগ্ৰেছ দলৰ অসম ৰাজ্যিক সভাপতি ভূপেন বৰাৰ মন্তব্যই বৰ্তমান ৰাজনৈতিক মহলত খলকনি তোলাৰ সময়তে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

উল্লেখ্য যে কাজিৰঙা সংসদীয় সমষ্টিত এইবেলিৰ নিৰ্বাচন উৎসৱলৈ পৰিণত হৈছে । বিৰোধী দলৰ পৰা বিশেষ প্ৰত্যাহ্বানৰ সম্মুখীন হ'বলগীয়া হোৱা নাই শাসকীয় দল বিজেপিয়ে বুলি মন্ত কৰে কেশৱ মহন্তই । তেওঁ কয় যে কলিয়াবৰৰ ৰাইজে সকলোপ্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াইছে । এই নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে কলিয়াবৰ বিধানসভা সমষ্টিত অভিলেখ সংখ্যক ভোট লাভ কৰাৰ লগতে কাজিৰঙা সমষ্টিতো অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশাপ্ৰকাশ কৰে ।

লগতে পঢ়ক: প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.