ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ ফলাফল এন ডি এৰ সপক্ষে যাব : অতুল বৰা

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:09 PM IST

Lok Sabha Election 2024
কংগ্ৰেছক কটাক্ষ অগপৰ সভাপতিৰ

Lok Sabha Election 2024 : আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী অতুল বৰাৰ ৷ আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত ফেব্ৰুৱাৰীত আলোচনা হ’ব বুলি প্ৰকাশ কৰে তেওঁ ৷

লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী অতুল বৰাৰ

গুৱাহাটী, 29 জানুৱাৰী : "2024ৰ লোকসভা নিৰ্বাচন সম্পূৰ্ণৰূপে পূৰ্বৰ নিৰ্বাচনতকৈ বেলেগ হ’ব ৷ ইয়াৰ ফলাফল এন ডি এৰ সপক্ষে যাব ৷" আমবাৰীৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান সভাত এই মন্তব্য কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷

যোগদান সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী অতুল বৰাই ৷ সমাগত লোকসভা নিৰ্বাচনত এইবাৰ বিজেপি মিত্ৰজোঁটৰ আসনৰ সংখ্যা বৃদ্ধি পাব বুলি মন্তব্য অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ ৷

ইফালে লোকসভা নিৰ্বাচনৰ আসন ভাগ-বটোৱাৰা সন্দৰ্ভত বৰাই এই বিষয়ে ফেব্ৰুৱাৰীত আলোচনা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে, নতুন ৰূপত অগপ দলটো উজ্জীৱিত কৰিব পাৰিব বুলি বিশ্বাসী ৷ সেয়ে নৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়াই দলৰ নেতৃত্বৰ লক্ষ্য বুলি উল্লেখ কৰে তেওঁ ৷

আনহাতে মন্ত্ৰী বৰাই কয় যে, দলৰ পৰা আঁতৰি যোৱা সকলো সদস্যৰ বাবে দুৱাৰ সদায় খোলা আছে ৷ যদি কোনো লোক আহিব বিচাৰে তেন্তে দললৈ স্বাগতম বুলি মন্তব্য কৰে অতুল বৰাই ৷ মন্ত্ৰী বৰাই লগতে কয় যে, কংগ্ৰেছৰ লগতে বহু কেইটা ৰাজনৈতিক দলৰ বহু তৃণমূল কৰ্মীয়ে তেওঁলোকৰ সৈতে যোগদানৰ বাবে যোগাযোগ কৰি আছে ৷ লগতে অপূৰ্ব ভট্টাচাৰ্যক আনি সাঁকো বনাই লোৱা হ’ল গতিকে আৰু চিন্তা নাই বুলি কয় তেওঁ ৷

ইফালে কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে অগপত যোগদান কৰিব বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত অতুল বৰাই কয় যে, এতিয়ালৈ ৰাণা গোস্বামীয়ে কোনো ধৰণৰ যোগাযোগ কৰা নাই ৷ লগতে মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰি কয় যে, ৰাহুল গান্ধীৰ এই যাত্ৰা ন্যায় যাত্ৰা হ'ব নোৱাৰে ৷ ৰাহুল গান্ধী অসমলৈ আহি একেবাৰে বিফল হৈছে ৷ লগতে কংগ্ৰেছৰ ইতিহাস দুৰ্নীতি, ভ্ৰষ্ট্ৰাচাৰ, অন্যায়-অবিচাৰৰ ইতিহাস বুলি দলটোক কটাক্ষ কৰে অগপৰ সভাপতিজনে ৷

লগতে পঢ়ক : পোন্ধৰ বছৰীয়া অপশাসনৰ বাবেই এটা নিৰ্বাচনতো জয়ী হ'ব নোৱাৰে কংগ্ৰেছ: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.