ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ তদাৰক কৰিলে মন্ত্ৰী অতুল বৰাই - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 4:14 PM IST

AGP leader Atul Bora
অগপ নেতা অতুল বৰা

কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিহু, ঝুমুৰেৰে মুখ্যমন্ত্ৰীক জনোৱা হ'ব আদৰণি ।

অগপ নেতা অতুল বৰা

গোলাঘাট, ৬ এপ্ৰিল : অসমত অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এই নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ প্ৰচাৰো হৈছে তীব্ৰতৰ । এই প্ৰচাৰক অধিক গতি দিবলৈ দেওবাৰে বোকাখাত সমষ্টিৰ বিহৰা ৰাজহুৱা খেলপথাৰলৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । এই সভাৰ স্থান আজি পৰিদৰ্শন কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই । বিহৰাত অনুষ্ঠিত হ'বলগীয়া জনসভাৰ প্ৰস্তুতিৰ তদাৰক কৰিলে মন্ত্ৰী বৰাই ।

'মামা' হিচাপে জনপ্ৰিয় মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা বোকাখাতৰ বিহৰালৈ আহিব বুলি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থকা বুলি কয় মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই । অহা ৭ এপ্ৰিল দেওবাৰে এখন জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী তথা অগপ নেতা অতুল বৰাই কয় যে বিহু,ঝুমুৰ সাংস্কৃতিক কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক আদৰণি জনোৱা হ'ব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ অৱতৰণৰ বাবে অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম তীব্ৰ গতিত চলিছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে । ইফালে, দেৰগাঁও সমষ্টিতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে বিজেপি দলৰ গোলাঘাট জিলাৰ সভাপতি আৰু দলীয় নেতা কৰ্মীয়ে সভাৰ কামৰ অগ্ৰগতিৰ বুজ লৈছে ।

লগতে পঢ়ক:ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্য়ৰে চাইকেলেৰে দেশ ভ্ৰমণ পৰ্বতাৰোহীৰ : বিহু নাচে আকৃষ্ট কৰিলে পৰ্যটকক - Rongali Bihu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.