ETV Bharat / politics

ভূপেন বৰাৰ কথাৰ কোনো ভেল্যু নাই: মন্ত্রী অতুল বৰা

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 9:15 PM IST

Land Patta Distribution Lakhimpur
মন্ত্ৰী অতুল বৰা

Minister Atul Bora: ভূপেন বৰাৰ কথাৰ একো ভেল্যু নাই বুলি মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই । অসমত এতিয়া বিৰোধী অস্তিত্ব নাই বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

লখিমপুৰত ভূমি পট্টা বিতৰণ কৰে মন্ত্ৰী অতুল বৰাই

লখিমপুৰ, ২৫ ফেব্ৰুৱাৰী: ভূপেন বৰাৰ কথাৰ ভেল্যু নাই বুলি লখিমপুৰত ক’লে মন্ত্ৰী অতুল বৰাই । অতুল বৰাই কয় যে ভূপেন বৰাই আজি এটা কয়, কাইলৈ বেলেগ এটা কথা কয় । কেতিয়াবা কবিতা গায় ।

দেওবাৰে লখিমপুৰৰ বগীনদীত মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ পট্টা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই ৷ উল্লেখ্য যে লখিমপুৰৰ বগীনদীত মিছন বসুন্ধৰা ২.Oৰ অধীনত লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০৮৭ গৰাকী লোকক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰা হয় ৷ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ভূমি পট্টা বিতৰন কৰে ৰাজ্যৰ পশুপালন তথা কৃষিমন্ত্ৰী অতুল বৰাই ।

লখিমপুৰ জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগেৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰদান কৰে । উপস্থিত থাকে অতিৰিক্ত সচিবৰ লগতে ৰাজহ বিভাগৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰী ।

অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমিৰ সমস্যা দূৰ কৰিবলৈ মিছন মুডত কাম কাজ আগুৱাই নিছে । মুখ্যমন্ত্ৰীয়ে ক্ষিপ্ৰতাৰে মিছন মুডত কাম-কাজ আগুৱাই নিয়াৰ বাবেহে ভূমিৰ সমস্যা দূৰ হৈছে ।

মিছন বসুন্ধৰা 1.oৰ পিচত 2.oৰ কাম-কাজ চলি আছে । ইয়াতো থাকি যোৱাসকলক পৰৱৰ্তী মিছনত সাঙুৰি লোৱা হ’ব বুলি কয় অতুল বৰাই । ভূমি সমস্যা দূৰ নোহোৱা পৰ্যন্ত চৰকাৰৰ এই প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে বিৰোধী দলক কটাক্ষ কৰি অসমত এতিয়া বিৰোধীৰ অস্তিত্ব নাই বুলি কয় অতুল বৰাই ।

লগতে পঢ়ক: আশংকা কৰা মতেই ! দল ত্যাগৰ প্ৰস্তুতি ৰাণা গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.