ETV Bharat / politics

যোৰহাটত পীযুষ হাজৰীকাৰ উপস্থিতিত যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:36 PM IST

YUVA MORCHA BIKE RALLY JORHAT
যোৰহাটত যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী

Lok Sabha Election 2024: গৌৰৱ গগৈৰ মনোনয়ন দাখিলৰ দিনাই যোৰহাটত শক্তি প্ৰদৰ্শন বিজেপিৰ ৷ বিজেপি যুৱ মৰ্চাৰ নেতৃত্বত বিশাল বাইক ৰেলী ৷ কংগ্ৰেছ দল পৰাজয়ৰ ভয়ত কম্পিত হৈছে বুলি মন্তব্য পীযুষ হাজৰিকাৰ ৷

যোৰহাটত যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী

যোৰহাট, ২৬ মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনাই নিজৰ শক্তি প্ৰদৰ্শনত যোৰহাটত ব্যস্ত হৈ পৰে দুই শক্তিশালী দল বিজেপি আৰু কংগ্ৰেছ । মঙলবাৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ পিচতেই বিয়লি নিজৰ শক্তি প্ৰদৰ্শন কৰে বিজেপি দলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিয়লি যোৰহাট কঁপাই বিজেপি দলে বাহিৰ কৰে এক বিশাল বাইক ৰেলী ৷ উক্ত বাইক ৰেলীৰ জৰিয়তে নিৰ্বাচনৰ বাবে হুংকাৰ দিয়ে কংগ্ৰেছৰ লগতে কংগ্ৰেছ দলৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈক । বিজেপি যুৱ মৰ্চাৰ উদ্যোগত যোৰহাটৰ আই টি আই খেলপথাৰৰ পৰা বাহিৰ কৰা হয় এক বিশাল বাইক ৰেলী । বিজেপি জিন্দাবাদ, তপন গগৈ জিন্দাবাদ ধ্বনিৰে কঁপাই তোলে যোৰহাটৰ আকাশ-বতাহ ।

উক্ত বাইক ৰেলীত প্ৰায় দুই সহস্ৰাধিক বাইকসহ যুৱ কৰ্মীসকলে অংশগ্ৰহণ কৰে । বাইক ৰেলীটো আই টি আই ফিল্ডৰ পৰা আৰম্ভ হৈ গঁড়আলি, এ টি ৰোড, বৰিগাঁও, বাইপাছ হৈ সামৰণি পৰে যোৰহাটৰ বৰুৱা চাৰিআলিৰ মিলেনিয়াম পার্কত । উক্ত বিশাল বাইক ৰেলীৰ নেতৃত্ব প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ পল্লব লোচন দাস, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰাণা গোস্বামীয়ে ।

মঙলবাৰৰ বিশাল বাইক ৰেলীটোত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই সাংবাদিকৰ আগত কয়, ‘‘যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ জয় নিশ্চিত । এয়া আজি প্ৰমাণ কৰিছে যুৱশক্তিয়ে । যুৱশক্তি অবিহনে কোনো দেশ আগবাঢ়ি যাব নোৱাৰে । আৰু সেয়া আমাৰ বাবে বৃহৎ শক্তিস্বৰূপ । আজি আমি যুৱকসকলৰ স্বতঃস্ফূত সঁহাৰি লাভ কৰিছো । কংগ্ৰেছ দলে কয় আমি ধনবলত আগবাঢ়ি আহিছো । যদি ধনবল থাকিলেহেঁতেন তেন্তে ইমানসংখ্যক যুৱক ওলাই নাহিলহেঁতেন ।’’

আনহাতে আজিৰ ৰেলীটোৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰাণা গোস্বামীয়ে সাংবাদিকৰ আগত কয়, ‘‘নৰেন্দ্ৰ মোদীৰ সমৰ্থনত আজি অসংখ্য ৰাইজ গোট খাইছে । আমি ভাবিছিলোঁ যে পাঁচশমান বাইক হ’ব, কিন্তু আজি স্বতঃস্ফূতভাবে দুই হাজাৰৰো অধিক বাইক লৈ ওলাই আহিছে । এই শক্তিয়ে আমাক উৎসাহিত কৰিছে আৰু দলক শক্তিশালী কৰিছে । এই শক্তিৰ বলত তপন গগৈয়ে যোৰহাট সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰিব ।’’

লগতে পঢ়ক: দুই কিলোমিটাৰ পদযাত্ৰাৰে বিশাল সমৰ্থকক লৈ মনোনয়ন দাখিল গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.