ETV Bharat / politics

বৰাকত নিৰ্বাচনী ৰণডংকা বজাবলৈ উপস্থিত মমতা বেনাৰ্জী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:49 PM IST

Updated : Apr 17, 2024, 1:04 PM IST

Mamata Banerjee visits Silchar: নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমত উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বেনাৰ্জীয়ে ।

Mamata Banerjee visits Silchar
Lok Sabha Election 2024
বৰাকত নিৰ্বাচনী ৰণডংকা বজাবলৈ উপস্থিত মমতা বেনাৰ্জী

শিলচৰ, ১৭ এপ্ৰিল: নিৰ্বাচনী ৰণডংকা বজাবলৈ বুধবাৰে অসমত উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ এইটো প্ৰথম অসম ভ্ৰমণ । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুপৰীয়া ১২ বজাত এক বিশেষ বিমানেৰে শিলচৰ বিমানবন্দৰত অৱতৰণ কৰে । শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে মমতা বেনাৰ্জী ।

শিলচৰ টাউন ক্লাব খেলপথাৰত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । মমতা বেনাৰ্জীক আদৰণি জনোৱাৰ বাবে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ভিৰ কৰেগৈ । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা, পশ্চিমবংগৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ আৰু শিলচৰ লোকসভাৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক আদৰিবলৈ শিলচৰ বিমানবন্দৰত উপস্থিত হয় ।

আনহাতে, মমতা বেনাৰ্জীৰ নিৰ্বাচনী জনসভাৰ বাবে কাছাৰ আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে । কেৱল কাছাৰ জিলা প্ৰশাসনেই নহয়, মমতা বেনাৰ্জীৰ নিৰাপত্তাৰ বাবে পশ্চিমবংগৰ এটা আৰক্ষীৰ দলো উপস্থিত হৈছে শিলচৰত । নিৰ্বাচনী প্ৰচাৰ শেষ কৰি পুনৰ শিলচৰ বিমানবন্দৰৰ পৰা পশ্চিমবংগলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমত চাৰিখন আসনত প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে । তৃণমূল কংগ্ৰেছে কোকৰাঝাৰ, বৰপেটা, লখিমপুৰ আৰু শিলচৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৷ কোকৰাঝাৰত গৌৰী শংকৰ শৰণীয়া, লখিমপুৰত ঘনকান্ত চুতীয়া, শিলচৰত ৰাধেশ্যাম বিশ্বাস আৰু বৰপেটাত আব্দুল কালাম আজাদ হৈছে দলটোৰ প্ৰাৰ্থী ।

লগতে পঢ়ক: আজি অসমত মোদী-মমতাৰ মেজিক - Lok Sabha Election 2024

Last Updated : Apr 17, 2024, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.