ETV Bharat / politics

দেশত 'আয়া ৰাম-গয়া ৰাম'ৰ দৰে বহুলোক আছে: মল্লিকাৰ্জুন খাৰ্গে

author img

By ANI

Published : Jan 28, 2024, 1:28 PM IST

Nitish Kumar resign: নীতিশ কুমাৰৰ পদত্যাগৰ পিচতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ কঠোৰ সমালোচনাসূচক মন্তব্য । নীতিশ কুমাৰে এনে কৰিব বুলি তেওঁ আগতেই জানিছিল । বিহাৰৰ বাতৰি কাকতত আৰজেডিৰ গুৰুত্বপূৰ্ণ বিজ্ঞাপন ।

Kharge on Nitish Kumar
দেশত 'আয়া ৰাম-গয়া ৰাম'ৰ দৰে বহুলোক আছে

নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী : অৱশেষত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা নীতিশ কুমাৰে পদত্যাগ কৰে । নীতিশ কুমাৰৰ পদত্যাগৰ পিচতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । খাৰ্গেৰ মতে তেওঁ এনে হ'ব বুলি আগতেই জানিছিল । খাৰ্গেয়ে লগতে কয় যে দেশত 'আয়া ৰাম-গয়া ৰাম'ৰ দৰে বহুলোক আছে ।

খাৰ্গে কয়, "আগতে তেওঁ আৰু আমি একেলগে যুঁজি আছিলো । যেতিয়া মই লালুজী আৰু তেজস্বীৰ সৈতে কথা পাতিছিলো, তেওঁলোকে লগতে কৈছিল যে নীতিশ গৈ আছে । যদি তেওঁ থাকিব বিচাৰিছিল, তেওঁ থাকিলহেঁতেন কিন্তু তেওঁ যাব বিচাৰে । সেয়েহে আমি ইতিমধ্যে এইটো জানিছিলো, কিন্তু ইণ্ডিয়া ব্লক অক্ষুণ্ণ ৰাখিবলৈ, যদি আমি কিবা ভুল কওঁ, ভুল বাৰ্তা প্ৰেৰণ কৰা হ'ব । এই তথ্য ইতিমধ্যে লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱে আমাক দিছিল । আজি সেইটো সঁচা হ'ল । দেশত 'আয়া ৰাম-গয়া ৰাম'ৰ দৰে বহুলোক আছে।"

উল্লেখ্য যে জনতা দল (ইউনাইটেড)ৰ ৰাষ্ট্ৰীয় সভাপতি নীতিশ কুমাৰে পাটনাৰ ৰাজভৱনত উপস্থিত হৈ দেওবাৰে পুৱাই ৰাজ্যপাল ৰাজেন্দ্ৰ আৰলেকাৰক তেওঁৰ পদত্যাগ পত্ৰ প্ৰদান কৰে ।

ইয়াৰ লগে লগে নীতিশে বিজেপি নেতৃত্বাধীন এন ডি এ-ৰ সৈতে পুনৰ যোগদান কৰিব বুলি প্ৰায় নিশ্চিত হৈছে । ৰাজ্যখনত দ্ৰুত পৰিৱৰ্তনশীল ৰাজনৈতিক ঘটনাবোৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আৰজেডি প্ৰধান লালু যাদৱৰ কন্যা ৰোহিনী আচাৰ্যৰ এক সামাজিক মাধ্যমৰ পোষ্টৰ পৰাই আৰম্ভ হৈছিল য'ত তেওঁ জেডি(ইউ)ৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল । বিহাৰত চলি থকা ৰাজনৈতিক নাটকৰ মাজতে পাটনাত দলৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ বৈঠক অব্যাহত আছে ৷ ইফালে আৰজেডিয়ে দেওবাৰে ৰাজ্যখনৰ আগশাৰীৰ বাতৰি কাকতসমূহত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে য'ত দলটোৱে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱক সন্মুখত ৰাখিছে ৷

বিহাৰ বিধানসভাত ২৪৩ সদস্য আছে । য'ত আৰজেডিৰ ৭৯ বিধায়ক আছে; তাৰ পিচতে ৭৮ বিজেপিৰ. জেডি(ইউ)ৰ ৪৫ , কংগ্ৰেছৰ ১৯, চিপিআই (এম-এল)ৰ ১২, চিপিআই(এম) আৰু চিপিআই ২ জনকৈ আৰু হিন্দুস্তানী আৱাম মৰ্চা (চেকুলাৰ)ৰ ৪ গৰাকী । আন দুখন আসনত আছে এআইএমআইএম আৰু এগৰাকী নিৰ্দলীয় ।

লগতে পঢ়ক :ৰাজনৈতিক সংকটৰ মাজতে বিহাৰৰ বাতৰি কাকতত জেডিইউৰ গুৰুত্বপূৰ্ণ বিজ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.