ETV Bharat / politics

উত্তৰ দিবলৈ সাজু হৈ আছিল লুৰীণজ্যোতি; একোৱেই নক'লে অমিত শ্বাহে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 8:12 PM IST

Updated : Apr 10, 2024, 8:30 PM IST

Lok Sabha Election 2024
Lurin jyoti Gogoi slams BJP

Lurin jyoti Gogoi slams BJP: তিনিচুকীয়াত আহি কোনো মন্তব্যই নকৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত ভয় খাইছে বিজেপিয়ে, যাৰ বাবে নামি পৰিছে ৰথী-মহাৰথীসকল ৷ গেৰুৱা দলক এইদৰে সমালোচনা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ৷

লুৰীণজ্যোতি গগৈৰ মন্তব্য

তিনিচুকীয়া, ১০ এপ্ৰিল: গাঁৱে-ভূঞে নিৰ্বাচনী প্ৰচাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ৷ বুধবাৰে তিনিচুকীয়াৰ বৰলাইপুলিৰ নিজা বাসগৃহৰ পৰা পানীতোলালৈ এক বিশাল মটৰচাইকেল সমদল বাহিৰ কৰাৰ লগতে পানীতোলাত লুৰীণজ্যোতি গগৈয়ে সম্বোধন কৰে এখন জনসভা ৷ পৰৱৰ্তী সময়ত পুনৰ ৰঙাগড়াত অংশগ্ৰহণ কৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে বিজেপি এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত কম্পিত হৈছে বুলি উল্লেখ কৰি কয় যে সেইবাবেই গেৰুৱা দলে ৰথী-মহাৰথীসকলক নিৰ্বাচনী প্ৰচাৰত নমাই দিছে ৷

উল্লেখ্য যে মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিচুকীয়াত বিশাল সমদল কৰে । এই যাত্ৰাৰ সময়ত শ্বাহৰ সৈতে আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তিনিচুকীয়াৰ ৰাজপথ মঙলবাৰে সন্ধিয়া ৰেলীৰ সময়ত জনসমুদ্ৰত পৰিণত হয় । ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াত শ্বাহৰ ৰেলীৰ সময়ত অৱশ্যে লোকসভা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল উপস্থিত নাছিল । ইয়াকে লৈ সমালোচনা কৰা দেখা গৈছে লুৰীণজ্যোতি গগৈক ।

ইফালে নিৰ্বাচনী প্ৰচাৰৰ বাবে বুধবাৰে দিল্লীৰ পৰা মনোজ তিৱাৰী আহিছে তিনিচুকীয়ালৈ । অসমৰ মুখ্যমন্ত্ৰীগৰাকী ছয়বাৰ আহিব ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰচাৰ চলাবলৈ । লুৰীণজ্য়োতিয়ে কয় যে ইয়াৰ অৰ্থ এইটোৱেই যে বিজেপি ভয়ত কঁপিছে ৷

আনহাতে, মঙলবাৰে তিনিচুকীয়াত গৃহমন্ত্ৰী অমিত শ্বাহে বক্তব্য দাঙি ধৰাৰ লগতে বিগত কাৰ্যকালৰ ৰিপ'ৰ্ট কাৰ্ড দিব বুলি লুৰীণজ্যোতি গগৈয়ে আশা কৰি থকা বুলি উল্লেখ কৰে । তেওঁৰ কয় যে শ্বাহক প্ৰত্যুত্তৰ দিবলৈ তেওঁ সাজু হৈ আছিল, কিন্তু গৃহমন্ত্ৰীগৰাকীয়ে বক্তব্যই নাৰাখিলে ৷

নতুন ৰঙাগড়া গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত লুৰীণজ্যোতি গগৈৰ লগতে অংশগ্ৰহণ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘটোৱাৰ, প্ৰাক্তন শিক্ষামন্ত্ৰী ভৱেন বৰুৱা, প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ লগতে অসম জাতীয় পৰিষদ, কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ কৰ্মকৰ্তাসকলে ৷

লগতে পঢ়ক: নিৰ্বাচনী ৰণক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল : ডিব্ৰুগড়ৰ প্ৰাৰ্থীগৰাকীৰ সৈতে বিশেষ সাক্ষাৎকাৰ - Sarbananda Sonowal

Last Updated :Apr 10, 2024, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.