ETV Bharat / politics

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ, বতৰে ভোটাৰক সকাহ দিয়াৰ সম্ভাৱনা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:59 AM IST

4TH PHASE POLLING : ১০ খন ৰাজ্যৰ ৯৬ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আইএমডিৰ মতে সমষ্টিবোৰত গ্ৰীষ্ম প্ৰৱাহৰ সম্ভাৱনা নাই । সেয়ে ভোটাৰসকলে কোনো অসুবিধা নোহোৱাকৈ ভোটদান কৰিব পাৰিব । অৱশ্যে ভোটকেন্দ্ৰবোৰত পানী, টেণ্ট আৰু ফেনৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে ।

Lok Sabha Election 2024
চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ, বতৰে ভোটাৰক সকাহ দিয়াৰ সম্ভাৱনা (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৩ মে' : আজি দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ । ৯ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৯৬ টা সমষ্টিত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । বতৰেও সকাহ দিব ভোটাৰক ! কিয়নো নিৰ্বাচন অনুষ্ঠিত হোৱা অঞ্চলসমূহত গ্ৰীষ্ম প্ৰৱাহৰ কোনো প্ৰভাৱ নাথাকিব বুলি নিৰ্বাচন আয়োগে অনুমান কৰিছে ।

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰইও আগজাননী দিছে যে চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণৰ সময়ত সোমবাৰৰ দিনটোত গ্ৰীষ্ম প্ৰৱাহৰ কোনো উদ্বেগজনক প্ৰভাৱ নাথাকিব । ইফালে নিৰ্বাচন অনুষ্ঠিত হোৱা সংসদীয় সমষ্টিবোৰত স্বাভাৱিকৰ পৰা স্বাভাৱিক তাপমাত্ৰা (±২ ডিগ্ৰী)ৰ তললৈ যোৱাৰ সম্ভাৱনা আছে আৰু ভোটদানৰ দিনা এই অঞ্চলবোৰত কোনো গ্ৰীষ্ম প্ৰৱাহৰ দৰে পৰিস্থিতি নাথাকিব ।

অৱশ্যে, ভোটাৰসকলৰ সুবিধাৰ বাবে পানী, টেণ্ট আৰু ফেনৰ দৰে সুবিধাকে ধৰি সকলো ভোটকেন্দ্ৰত বিভিন্ন ব্যৱস্থা কৰা হৈছে বুলি নিৰ্বাচন আয়োগে উল্লেখ কৰিছে ।

কেন্দ্ৰীয় শাসিত অঞ্চলসহ ১০ খন ৰাজ্যৰ পৰা প্ৰায় ১৭১৭ গৰাকী প্ৰাৰ্থীয়ে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । চতুৰ্থ পৰ্যায়ৰ বাবে এটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ গড় সংখ্যা হৈছে ১৮ । নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিশিষ্ট নেতাসকলৰ ভিতৰত আছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ (কনৌজ, ইউপি), কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং (বেগুচৰাই, বিহাৰ) আৰু নিত্যানন্দ ৰায় (উজিয়াৰপুৰ, বিহাৰ), কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী (বাহাৰমপুৰ, পশ্চিমবংগ), বিজেপিৰ পংকজা মুণ্ডে (বিড, মহাৰাষ্ট্ৰ), এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেইচি (হায়দৰাবাদ, তেলেংগানা) আৰু অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৱাই এছ শৰ্মিলা ।

৮.৯৭ কোটি পুৰুষ আৰু ৮.৭৩ কোটি মহিলা ভোটাৰকে ধৰি ১৭.৭০ কোটিতকৈও অধিক ভোটাৰে চতুৰ্থ পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি আশা কৰা হৈছে । ১২.৪৯ লাখৰো অধিক পঞ্জীভুক্ত ৮৫ বছৰ উৰ্ধৰ আৰু ১৯.৯৯ লাখ বিশেষভাৱে সক্ষম ভোটাৰ আছে যাক তেওঁলোকৰ ঘৰৰ পৰা ভোট দিয়াৰ বিকল্প সুবিধা প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক :10 ৰাজ্যৰ 96 টা সমষ্টিত ভোটগ্ৰহণ; নিৰ্ণয় হ’ব কেবাগৰাকী ৰথী-মহাৰথীৰ ভাগ্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.