ETV Bharat / politics

10 ৰাজ্যৰ 96 টা সমষ্টিত ভোটগ্ৰহণ; সন্ধিয়া 5 বজালৈ ভোটদানৰ হাৰ 62.31% - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 7:03 AM IST

Updated : May 13, 2024, 6:37 PM IST

LS ELECTION PHASE 4
10 খন ৰাজ্যৰ 96 টা সমষ্টিত অনুষ্ঠিত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন (Photo : ANI)

18:32 May 13

LS ELECTION PHASE 4 : দেশৰ 10 খন ৰাজ্যৰ 96 টা সমষ্টিত অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ সন্ধিয়া 5 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 62.31% ৷

LS ELECTION PHASE 4
সন্ধিয়া 5 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 62.31%

সন্ধিয়া 5 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 62.31%

  1. অন্ধ্ৰ প্ৰদেশ 68.04%
  2. তেলেংগানা 61.16%
  3. উত্তৰ প্ৰদেশ 56.35%
  4. মহাৰাষ্ট্ৰ 52.49%
  5. পশ্চিমবংগ 75.66%
  6. মধ্যপ্ৰদেশ 68.01%
  7. বিহাৰ 54.14 %
  8. ঝাৰখণ্ড 63.14 %
  9. ওড়িশা 62.96%
  10. জম্মু-কাশ্মীৰ 35.75%

16:48 May 13

পুৱা 3 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 10.35% (ETV Bharat)

দিনৰ 3 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 40.32%

  1. অন্ধ্ৰ প্ৰদেশ 55.49%
  2. তেলেংগানা 52.34%
  3. উত্তৰ প্ৰদেশ 48.41%
  4. মহাৰাষ্ট্ৰ 42.35%
  5. পশ্চিমবংগ 66.05%
  6. মধ্যপ্ৰদেশ 49.63%
  7. বিহাৰ 45.23 %
  8. ঝাৰখণ্ড 56.42 %
  9. ওড়িশা 52.91%
  10. জম্মু-কাশ্মীৰ 29.93%

14:07 May 13

LS ELECTION PHASE 4
দিনৰ 1 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 40.32% (ETV Bharat)

দিনৰ 1 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 40.32%

  1. অন্ধ্ৰ প্ৰদেশ 40.26%
  2. তেলেংগানা 40.38%
  3. উত্তৰ প্ৰদেশ 39.68%
  4. মহাৰাষ্ট্ৰ 30.85%
  5. পশ্চিম বংগ 51.87 %
  6. মধ্যপ্ৰদেশ 48.52 %
  7. বিহাৰ 34.44 %
  8. ঝাৰখণ্ড 43.80 %
  9. ওড়িশা 39.30%
  10. জম্মু-কাশ্মীৰ 23.57%

13:24 May 13

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে বিজেপিৰ মাধৱী লাথাই ভোটাৰৰ ID পৰীক্ষা কৰি থকা সন্দৰ্ভত মত প্ৰকাশ কৰে :

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে বিজেপিয়ে মুছলমান ভোটক মেৰুকৰণৰ চেষ্টা চলাইছে । বিজেপিৰ প্ৰাৰ্থী মাধৱী লথাই একাংশ ভোটাৰৰ ID পৰীক্ষা কৰা দেখা পোৱা এটা ভিডিঅ’ৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত ৰেড্ডীৰ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

তেওঁ কয়, "মই (ভিডিঅ'টো) দেখা নাই, কিন্তু বিজেপিয়ে কেৱল মুছলমান ভোটক মেৰুকৰণ কৰি জয়ী হ'বলৈ চেষ্টা কৰিছে ৷ এই সকলোবোৰ বিষয়ে আছাউদ্দিন ওৱাইছিক সহায় কৰিবলৈ গৈ আছে । ইয়াৰ দ্বাৰা বিজেপিৰ কোনো লাভ নহ'ব ।"

13:10 May 13

YSRCP ৰ বিধায়ক শিৱ কুমাৰে শাৰী পাতি ৰৈ থকা ভোটাৰক মাৰিলে চৰ:

অন্ধ্ৰ প্ৰদেশত তেনালি বিধানসভা সমষ্টিৰ YSRCP ৰ বিধায়ক শিৱ কুমাৰে এটা ভোটগ্ৰহণ কেন্দ্ৰত শাৰী থখা এজন ভোটাৰক সোধালে পূৰ্ণহতীয়া চৰ ৷ অভিযোগ অনুসৰি, ভোটাৰগৰাকীয়ে শাৰী পাতি থকা ৰাইজক অশান্তি কৰিছিল ৷ সেয়ে তেওঁক শাৰীত ভালদৰে ৰৈ থাকিবলৈ কোৱা হৈছিল । কথা নুশুনাৰ বাবে ক্ষুব্ধ হৈ বিধায়কগৰাকীয়ে ভোটাৰগৰাকীক সোধালে চৰ ৷

ইয়াৰ পাচতে ভোটাৰজনেও চৰ বিধায়কগৰাকীক মাৰি প্ৰতিশোধ লয় । তেতিয়াই উক্ত ভোটকেন্দ্ৰটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ আনকি বিধায়কগৰাকী আৰু তেওঁৰ কৰ্মীসকলে ভোটাৰজনৰ ওপৰত প্ৰহাৰ কৰে ।

11:51 May 13

LS ELECTION PHASE 4
পুৱা 11 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 24.87% (ETV Bharat)

পুৱা 11 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 24.87%

  1. অন্ধ্ৰ প্ৰদেশ 23.10%
  2. তেলেংগানা 24.31%
  3. উত্তৰ প্ৰদেশ 27.12%
  4. মহাৰাষ্ট্ৰ 17.51%
  5. পশ্চিম বংগ 32.78%
  6. মধ্যপ্ৰদেশ 32.38%
  7. বিহাৰ 22.50 %
  8. ঝাৰখণ্ড 27.40%
  9. ওড়িশা 23.28%
  10. জম্মু-কাশ্মীৰ 14.94%

11:12 May 13

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে সাব্যস্ত কৰিলে গণতান্ত্ৰিক অধিকাৰ :

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে খুঁটি লোকসভা সমষ্টিৰ অন্তৰ্গত শৰাইকেলা খাৰছাৱান জিলাৰ জিলিংগোৰাত ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ । ভোটদানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চম্পাইয়ে ৰাইজক ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।

10:04 May 13

LS ELECTION PHASE 4
পুৱা 9 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 10.35% (ETV Bharat)

পুৱা 9 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 10.35%

  1. অন্ধ্ৰ প্ৰদেশ 9.05%
  2. তেলেংগানা 9.51%
  3. উত্তৰ প্ৰদেশ 11.67%
  4. মহাৰাষ্ট্ৰ 6.45%
  5. পশ্চিম বংগ 15.24%
  6. মধ্যপ্ৰদেশ 14.97%
  7. বিহাৰ 10.18 %
  8. ঝাৰখণ্ড 11.78%
  9. ওড়িশা 9.23%
  10. জম্মু-কাশ্মীৰ 5.07%

09:47 May 13

পশ্চিম বংগত বোমা বিস্ফোৰণত নিহত TMC ৰ কৰ্মী

দেওবাৰে সন্ধিয়া পূর্ব বর্ধমান জিলাৰ কেটুগ্রামত সংঘটিত বোমা বিস্ফোৰণত নিহত হয় এজন তৃণমূল কংগ্রেছ কর্মী ৷ বিয়লি দেৰিকৈ ঘৰলৈ উভতি অহাৰ পথতে মিন্টু শ্বেখ (৪৫) লগত সংঘটিত হয় এই ঘটনাটো ।

সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, কেতুগ্ৰাম বিধানসভাৰ চেঞ্চুৰী গাঁৱৰ সমীপত একাংশ দুস্কৃতিকাৰীয়ে তেওঁৰ পথ অৱৰোধ কৰে । তাৰ পাচত চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰে । তাৰ পিছত আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত বোমা নিক্ষেপ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় মিন্টু শ্বেখ । পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যু হয় শ্বেখৰ ।

উল্লেখ্য যে, পশ্চিম বংগৰ আঠখন সংসদীয় আসন ক্ৰমে বাহাৰমপুৰ, কৃষ্ণনগৰ, ৰানাঘাট, বৰধমন পূৰবা, বুৰ্দৱান-দুৰ্গাপুৰ, আছানছল, বলপুৰ, বীৰভূমত আজি চতুৰ্থ পৰ্যায়ত ভোটদান চলি আছে । পুৱা 9 বজালৈকে পশ্চিম বংগত 15.24% ভোটদান হৈছে ৷

06:38 May 13

নিউজ ডেস্ক, 13 মে’ : 13 মে’ অৰ্থাৎ আজি (সোমবাৰ) 10 খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96 টা সমষ্টিত অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন । পুৱা 7 বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইফালে ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে (পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ) তেলেংগানাৰ 17 টা সংসদীয় সমষ্টিৰ কিছু বিধানসভা খণ্ডত ভোটদানৰ সময় বৃদ্ধি কৰিছে ৷

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা 10 ৰাজ্য হৈছে-

  1. অন্ধ্ৰ প্ৰদেশৰ 25 টা সমষ্টি
  2. তেলেংগানাৰ 17 টা সমষ্টি
  3. উত্তৰ প্ৰদেশৰ 13 টা সমষ্টি
  4. মহাৰাষ্ট্ৰৰ 11 টা সমষ্টি
  5. পশ্চিম বংগৰ 8 টা সমষ্টি
  6. মধ্যপ্ৰদেশৰ 8 টা সমষ্টি
  7. বিহাৰৰ 5 টা সমষ্টি
  8. ঝাৰখণ্ডৰ 4 টা সমষ্টি
  9. ওড়িশাৰ 4 টা সমষ্টি
  10. জম্মু-কাশ্মীৰৰ 1 টা সমষ্টি

এই ভোটগ্ৰহণৰ বাবে সৰ্বমুঠ 19 লাখৰো অধিক বিষয়াক 1.92 লাখ ভোটকেন্দ্ৰত নিয়োজিত কৰা হৈছে ৷ 17.7 কোটিৰো অধিক ভোটাৰে (8.97 কোটি পুৰুষ আৰু 8.73 কোটি মহিলা) অংশগ্ৰহণ কৰিব দেশৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৷

Last Updated : May 13, 2024, 6:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.