বিজেপিৰ ২৭ জনীয়া নিৰ্বাচনী ইস্তাহাৰ সমিতি ঘোষণা - BJP manifesto committee
BJP manifesto committee: অহা ১৯ এপ্ৰিলত দেশত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । প্ৰতিটো দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুতৰ বাবে পদক্ষেপ লৈছে । শনিবাৰে শাসকীয় বিজেপি দলে ইস্তাহাৰ সমিতি ঘোষণা কৰে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও আছে সমিতিত ।

Published : March 30, 2024 at 9:22 PM IST
নেশ্যনেল ডেস্ক,৩০ মাৰ্চ : ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচন উপলক্ষে দলৰ ইস্তাহাৰ সমিতি ঘোষণা কৰিছে । দলটোৱে শনিবাৰে ২৭ জনীয়া ইস্তাহাৰ সমিতিৰ সদস্যৰ তালিকা প্ৰকাশ কৰে । সমিতিখনৰ নেতৃত্ব দিছে প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে । সমিতিখনত নিৰ্মলা সীতাৰমণ, বসুন্ধৰা ৰাজে আৰু স্মৃতি ইৰাণীৰ দৰে নেতাসকলো অন্তৰ্ভুক্ত আছে ।

ৰাজনাথ সিঙক সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে । একদৰে সীতাৰমণ সমিতিৰ সমন্বয়ক আৰু কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল সহ-সমন্বয়ক । তালিকাত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, গুজৰাট, অসম আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীও আছে ।
- " class="align-text-top noRightClick twitterSection" data="">
দলৰ প্ৰাক্তন সভাপতি ৰাজনাথ সিঙে ২০১৯ ৰ নিৰ্বাচনৰ বাবেও বিজেপিৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষ আছিল । বৰ্তমানৰ পেনেলতো বহুতো সদস্যৰ পুনৰাবৃত্তি কৰা হৈছে । কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অশ্বিনী বৈষ্ণৱ, ভূপেন্দ্ৰ যাদৱ, কিৰেণ ৰিজিজু, অৰ্জুন মুণ্ডা, অৰ্জুন ৰাম মেঘৱাল, স্মৃতি ইৰাণী আৰু ৰাজীৱ চন্দ্ৰশেখৰ সেই সদস্যসকলৰ ভিতৰত আছে ।
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ছত্তীশগড়ৰ বিষ্ণু দেও চাই আৰু মধ্য প্ৰদেশৰ মোহন যাদৱো সমিতিখনত আছে । অৱশ্যে, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথকে ধৰি একাংশ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ইয়াৰ সদস্য নহয় । অৱশ্যে দলীয় সূত্ৰৰ মতে সমিতিত নথকা দলটোৰ আন জ্যেষ্ঠ নেতাসকলক নিৰ্বাচন সম্পৰ্কীয় অন্যান্য সাংগঠনিক অনুশীলনৰ অংশ কৰা হ'ব পাৰে ।
বিহাৰৰ নেতা সুশীল কুমাৰ মোদী আৰু ৰবি শংকৰ প্ৰসাদ, উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জুয়েল ওৰাম, দলৰ সাংগঠনিক নেতা যেনে বিনোদ টাৱড়ে, ৰাধা মোহন দাস আগৰৱাল, মঞ্জিন্দৰ সিং চিৰচা, তাৰিক মনচুৰ আৰু অনিল এণ্টনিকো সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে ।
এণ্টনি আৰু মনচুৰ ক্ৰমে দলটোৰ খ্ৰীষ্টান আৰু মুছলমান মুখৰ ভিতৰত আছে । হাৰিয়ানা বিজেপিৰ প্ৰাক্তন সভাপতি অ' পি ধনকাৰো সমিতিৰ সদস্য । দলটোৱে ইতিমধ্যে বিভিন্ন গোটৰ পৰা পৰামৰ্শ বিচাৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা মাহত 'বিকশিত ভাৰত মোদী কি গ্যেৰাণ্টি' শীৰ্ষক ভিডিঅ' ভানৰ শুভাৰম্ভ কৰে । যিখন বাহন ইস্তাহাৰৰ বিষয়বস্তুৰ ওপৰত মানুহৰ মতামত সংগ্ৰহ কৰিবলৈ সমগ্ৰ দেশ ভ্ৰমণ কৰিব ।
লগতে পঢ়ক :৩১ মাৰ্চত বৃহৎ ৰেলী, ঘৰে ঘৰে গৈ ৰাইজক নিমন্ত্ৰণ আপৰ - INDIA Mega Rally

