ETV Bharat / politics

বিমান বন্দৰত কংগনা ৰনৌতৰ গালত পৰিল চৰ ! - Kangana Ranaut Slapped By CISF

Kangana Ranaut: কংগনা ৰনৌতক বিমান বন্দৰত প্ৰহাৰৰ অভিযোগ ৷ এগৰাকী চিআইএছএফৰ মহিলা কনিষ্টবলে কংগনাক প্ৰহাৰ কৰাৰ অভিযোগ ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

Kangana Ranaut
KANGANA RANAUT SLAPPED BY CISF (ANI)
author img

By ETV Bharat Assamese Team

Published : June 6, 2024 at 7:39 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 6 জুন : বৃহস্পতিবাৰে বিজেপিৰ নৱনিৰ্বাচিত সাংসদ কংগনা ৰনৌতক দিল্লীলৈ যাওঁতে চণ্ডীগড় বিমানবন্দৰত চিআইএছএফৰ এগৰাকী মহিলা কনিষ্টবলে চৰ মৰা বুলি অভিযোগ উঠিছে । কনিষ্টবলগৰাকীক নিলম্বন কৰি তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে বুলি বিষয়াসকলে জনায় ।

কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ কনিষ্টবলগৰাকীয়ে কংগনাক বিমানত উঠাৰ পূৰ্বে বিমানবন্দৰত যাৱতীয় কামখিনি কৰি থকা অৱস্থাত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিনেত্ৰীগৰাকীৰ এজন সহায়কে দাবী কৰে যে কংগনাক চৰ মাৰিছিল । সহায়কগৰাকীয়ে কয় যে যিদৰে দেখা গৈছে, কৃষকৰ আন্দোলনৰ সময়ত তেওঁ কৰা খালিস্তানী মন্তব্যৰ বাবে তেওঁক চৰ মাৰিছিল যদিও সমগ্ৰ ঘটনাটো আমি এতিয়াও গম পোৱা নাই ।

হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা কংগনাই নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙক 74 হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে ।

লগতে পঢ়ক: মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰনেতা - lok sabha election results 2024

তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰকাশ কৰা এটা ভিডিঅ’ বিবৃতিত অভিনেত্ৰীৰ পৰা ৰাজ নীতিক হোৱা কংগনাই এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, “নমস্কাৰ বন্ধুসকল । সংবাদ মাধ্যম আৰু মোৰ শুভাকাংক্ষীৰ পৰা অসংখ্য ফোন আহি আছে ৷ প্ৰথম কথা মই নিৰাপদ । মই নিশ্চিতভাৱে ভালেই আছো ।’’

ইয়াৰ উপৰিও তেওঁ কয় যে আজি চণ্ডীগড় বিমানবন্দৰত নিৰাপত্তা পৰীক্ষাত এক কাণ্ড সংঘটিত হৈছে । "মোৰ নিৰাপত্তা পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিচত মই চিআইএছএফৰ এগৰাকী জোৱানক অতিক্ৰম কৰি গৈছিলো, যিয়ে মোৰ মুখত আঘাত কৰিছিল । তেওঁ মোক গালি-গালাজো কৰিছিল । মই যেতিয়া তেওঁক কিয় এনে কৰিছে বুলি সুধিছিলো তেতিয়া তেওঁ কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰে বুলি কৈছিল ।" পঞ্জাবত বৃদ্ধি পোৱা সন্ত্ৰাসবাদ আৰু উগ্ৰবাদক কেনেকৈ চম্ভালিব লাগে সেই বিষয়ে পঞ্জাবে প্ৰশ্ন উত্থাপন কৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ৰণৌতে ।

লগতে পঢ়ক: এয়া সনাতনৰ জয় : বিজয়ৰ পিচতে কংগনাৰ প্ৰতিক্ৰিয়া - Lok Sabha Election Results 2024