ETV Bharat / politics

বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ - Code Of Conduct Violation

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 5:02 PM IST

CODE OF CONDUCT VIOLATION
বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

Code Of Conduct Violation Allegation : নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ কংগ্ৰেছৰ ৷ সকলো দেখি-শুনিও নিৰ্বাচন আয়োগে, প্ৰশাসনে ব্যৱস্থা নোলোৱাৰ অভিযোগো উত্থাপিত হৈছে ৷

বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

কলিয়াবৰ, 7 এপ্ৰিল: পি চি সৰকাৰতকৈও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰখ্যাত যাদুকৰ বুলি অভিহিত কৰিছে কংগ্ৰেছে ৷ যাদু দেখুৱাই দেখুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক মোহাচ্ছন্ন কৰি ৰাখিছে ৷ এই অভিযোগ কলিয়াবৰ, পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ ৷

উল্লেখ্য যে বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি কাজিৰঙা লোকসভা সমষ্টিত প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাজ্যৰ প্ৰতিটো সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ নামত ঘৰে-ঘৰে গৈ অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কংগ্ৰেছে তাতোকৈ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিলেহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি প্ৰচাৰ চলোৱা হৈছে ৷

উল্লেখ্য যে দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ সাতটা পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ঘোষণা কৰাৰ লগে-লগে দেশত নিৰ্বাচনী আচৰণ বিধিও বলবৎ হৈছে । এই আচৰণ বিধিৰ জৰিয়তে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দল আৰু প্ৰাৰ্থীৰ বাবে নীতি-নিৰ্দেশনা ভাৰতৰ নিৰ্বাচনী আয়োগে ঘোষণা কৰে । কিন্তু এই শাসকীয়ে পক্ষই এই আচৰণৰ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে ৷ সেই একেই অভিযোগ কলিয়াবৰ কংগ্ৰেছৰো ৷

দেওবাৰে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ মণ্ডল কংগ্ৰেছে এক সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলত শেহতীয়াকৈ শাসকীয় পক্ষই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত প্ৰ-পত্ৰ দিনে-নিশাই বিলাই ফুৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় ৷ কংগ্ৰেছে অভিযোগ কৰিছে যে শাসকীয় পক্ষৰ এনে কাৰ্যৰ অভিযোগ নিৰ্বাচন আয়োগ আৰু প্ৰশাসনক দিয়া হৈছে যদিও ভাৰতৰ নিৰ্বাচন আয়োগে চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে ।

শনিবাৰে কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত সম্বোধন কৰা সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ বিষয়-ববীয়া মেঘনাৰ ছেত্ৰী আৰু প্ৰদীপ বৰুৱাই এই অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: অৰুণোদয় প্ৰ-পত্ৰৰ জালিয়াতি ! গোচৰ তৰিব অসম জাতীয় পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.