ETV Bharat / politics

নলবাৰীত বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ জয়ন্ত মল্ল বৰুৱাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 4:34 PM IST

Jayanta Malla Baruah
নলবাৰীত জয়ন্ত মল্ল বৰুৱা (ETV Bharat Assam)

Jayanta Malla Baruah: একেৰাহে আঠবাৰ বিধায়ক হোৱা ফণীভূষণ চৌধুৰীৰ দৰে অভিজ্ঞ ব্যক্তি অসমত দ্বিতীয়জন নাই ৷ শুকুৰবাৰে নলবাৰী নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷

নলবাৰীত জয়ন্ত মল্ল বৰুৱা (ETV Bharat Assam)

নলবাৰী, ৩ মে’: শুকুৰবাৰে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোগাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চলায় নিৰ্বাচনী প্ৰচাৰ । অঞ্চলটোত বাইক ৰেলীৰে উপস্থিত হৈ ঘোগা লাউতোলাত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ।

বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ ফণীভূষণ চৌধুৰীৰ জয় নিশ্চিত । ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি চৰকাৰে সংখ্যালঘুৰ বাবে আটাইতকৈ বেছি কাম কৰিছে । যোৱা দহটা বছৰত বিজেপি চৰকাৰে ২০ লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে, তাৰ ভিতৰত ১১ লাখতকৈ বেছি মানুহ সংখ্যালঘু সম্প্ৰদায়ৰ ।

এচাম মানুহে ধৰ্মৰ কথা কৈ সংখ্যালঘু ৰাইজক বিপথে পৰিচালিত কৰি আছিল বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই । এতিয়া সংখ্যালঘু ৰাইজে সেই কথা বুজি উঠিছে আৰু সেইকাৰণে বিজেপিৰ পক্ষত থিয় দিছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

এইবাৰ ভাৰতবৰ্ষত কংগ্ৰেছে ২০ খনৰ তলত আসন পাব বুলি মন্তব্য কৰে মন্ত্ৰী মল্ল বৰুৱাই ৷ চৰকাৰী আঁচনিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, অহা আগষ্ট মাহৰ পূৰ্বে মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ অধীনত ১০ হাজাৰকৈ টকা লাভ কৰিব । বছৰি চাৰি লাখ টকাৰ তলৰ আয়ৰ সকলোৱে ৰেচন কাৰ্ড লাভ কৰিব বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে আয়ুষ্মান কাৰ্ড লাভ কৰিব ৷

আনহাতে, বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কমেও ৫ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তৃতীয় পৰ্যায়ৰ ভোটদানত চাৰিওখন আসন লাভ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে । ধুবুৰী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ ভাল অৱস্থা দেখি বদৰুদ্দিন আজমলে ভয় খাই মানুহ মাৰিবলৈ আৰম্ভ কৰিছে, মাইক দলিয়াব আৰম্ভ কৰিছে বুলি কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক: অসম কংগ্ৰেছৰ কোন কোন সৎ নেতা ! নাম নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মুখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.