ETV Bharat / politics

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ-গ্ৰেপ্তাৰ, পৰৱৰ্তী মুখ্যমন্ত্ৰী চম্পাই ছোৰেন

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 9:03 PM IST

Updated : Jan 31, 2024, 10:19 PM IST

Hemant Soren Resigns : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ হেমন্ত ছোৰেনৰ ৷ সন্ধিয়া ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে হেমন্ত ছোৰেনে ৷ ইতিমধ্যে ই ডিয়ে নিজৰ জিম্মাত লৈছে ছোৰেনক ৷

Hemant Soren Resigns
মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ হেমন্ত ছোৰেনৰ

নিউজ ডেস্ক, 31 জানুৱাৰী : অৱধাৰিত ভাৱেই বুধবাৰে সন্ধিয়া ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে হেমন্ত ছোৰেনে ৷ আজি সন্ধিয়া ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে হেমন্ত ছোৰেনে ৷

শেহতীয়াকৈ জানিব পৰা মতে ৰাজভৱনৰ পৰা হেমন্ত ছোৰেনক ইডিৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে ৷ বৰ্তমান ইডিৰ জিম্মাত আছে হেমন্ত ছোৰেন ৷ বৃহস্পতিবাৰে পুৱা আদালতত হাজিৰ কৰোৱা হ'ব হেমন্ত ছোৰেনক ৷

Hemant Soren Resigns
চম্পাই ছোৰেন : ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী

বুধবাৰে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলৰ দৃষ্টি নিবদ্ধ আছিল ঝাৰখণ্ডৰ ওপৰত ৷ কিয়নো প্ৰৱৰ্তক সঞ্চলকালয় অৰ্থাৎ ইডিয়ে হেমন্ত ছোৰেনক গ্ৰেপ্তাৰৰ জালখন চপাই আনিছিল ৷ বুধবাৰে দিনৰ ভাগত ইডিৰ এটা বৃহৎ দল উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ চৰকাৰী বাসগৃহত ৷ প্ৰায় 7 ঘন্টাজুৰি ইডিৰ দলটোৱে জেৰা চলাইছিল মুখ্যমন্ত্ৰীগৰাকীক ৷

ভূমি কেলেংকাৰীৰ এক গোচৰত অভিযুক্ত হেমন্ত ছোৰেন গ্ৰেপ্তাৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰাৰ পিছতেই তেওঁৰ দল ঝাৰখণ্ড মুক্তি মৰ্চা (JMM)ৰ বিধায়ক সকল উপস্থিত হয় ৰাজ ভৱনত ৷ তেওঁলোকে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে চম্পাই ছোৰেনক আজি নিশাৰ ভিতৰতে শপত গ্ৰহণ কৰোৱাবলৈ এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰে ৷

আনহাতে 7 ঘন্টাজোৰা জেৰাৰ অন্তত সন্ধিয়া ৰাজ ভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন ৷ সেই সময়তে তেওঁ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে ৷ অনুমান কৰা মতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিচত এতিয়া যিকোনো মুহূৰ্ততে হেমন্ত ছোৰেন গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত হৈ পৰিছে ৷

উল্লেখ্য যে, তীব্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰৱৰ্তক সঞ্চালকালয়ৰ বিষয়াসকলে যোৱা কেইবাঘণ্টা ধৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনক তেওঁৰ বাসগৃহত জেৰা কৰিছিল ৷ শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি তথা মুখ্যমন্ত্ৰী 48 বছৰীয়া ছোৰেনক ইয়াৰ পূৰ্বে 20 জানুৱাৰীত এই গোচৰৰ সন্দৰ্ভত জেৰা কৰা হৈছিল ৷ প্ৰৱৰ্তক সঞ্চালকালয়ৰ (ইডি) বিষয়াসকলৰ মতে ঝাৰখণ্ডত "মাফিয়াৰ দ্বাৰা ভূমিৰ মালিকীস্বত্বৰ অবৈধ পৰিৱৰ্তনৰ এক বৃহৎ ৰেকেট"ৰ তদন্তৰ অংশ হিচাপে ছোৰেনক সোধা-পোছা কৰা হৈছে ৷

লগতে পঢ়ক : কেজৰিৱাললৈ ইডিৰ পঞ্চমখন চমন প্ৰেৰণ; 2 ফেব্ৰুৱাৰীত তলব

Last Updated : Jan 31, 2024, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.