ETV Bharat / politics

গুৱাহাটী সমষ্টিৰ পূৰ্বৰ মহিলা সাংসদ সকলে মহিলাৰ কোনো সমস্যা সংসদত তুলি নধৰাৰ অভিযোগ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 9:44 PM IST

Updated : May 4, 2024, 1:39 PM IST

GUWAHATI LS CONSTITUENCY : গুৱাহাটী সমষ্টিত মহিলা সাংসদ সকলে মহিলাৰ বাবে কোনো কাম নকৰাৰ লগতে মহিলাৰ কোনো সমস্যা সংসদত তুলি নধৰাৰ অভিযোগ ৷ গুৱাহাটী সমষ্টিৰ বাসিন্দা হিচাপে দুগৰাকীকৈ মহিলা সাংসদ লাভ কৰাৰ পিচতো মহিলাৰ সুৰক্ষাৰ দিশত তেওঁলোকে কোনো কাম নকৰিলে বুলি একাংশ সচেতন মহিলাই অভিযোগ কৰিছে ৷

LOK SABHA ELECTION 2024
গুৱাহাটীৰ একাংশ সচেতন মহিলাৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)
কি বিচাৰে গুৱাহাটীৰ মহিলাই (ETV BHARAT ASSAM)

গুৱাহাটী, 3 মে’ : ৰাজ্যত শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হৈ গ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইয়াৰ পিচতে 7 মে’ত ৰাজ্যৰ 4 টা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ইতিমধ্যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সকলো তৎপৰ হৈ পৰিছে ৷ চাৰিটা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজেপি প্ৰাৰ্থী বিজুলী কলিতাৰ মাজতে মূল যুঁজখন হ'ব বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখ্য যে, গুৱাহাটী লোকসভা সমষ্টিৰ পৰা 2009 চনৰ পৰা একেলেঠাৰিয়ে তিনিটা কাৰ্যকাল মহিলাই প্ৰতিনিধিত্ব কৰি অহাৰ পিচতে এইবাৰো গুৱাহাটী সমষ্টিত মহিলাই প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা অধিক ৷

কিন্তু গুৱাহাটী সমষ্টিত মহিলা সাংসদ সকলে মহিলাৰ বাবে কোনো কাম নকৰাৰ লগতে মহিলাৰ কোনো সমস্যা সংসদত তুলি নধৰিলে বুলি মহানগৰীৰ একাংশ সচেতন মহিলাই অভিযোগ কৰিছে ৷

তেওঁলোকে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত নাৰী সুৰক্ষিত হ'ব লাগে ৷ গুৱাহাটী সমষ্টিৰ বাসিন্দা হিচাপে দুগৰাকীকৈ মহিলা সাংসদ লাভ কৰাৰ পিচতো মহিলাৰ সুৰক্ষাৰ দিশত তেওঁলোকে কোনো কাম নকৰিলে ৷ বিজয়া চক্ৰৱৰ্তীয়ে প্ৰথম অৱস্থাত সংসদত কিছু কথা উল্লেখ কৰিছিল যদিও কুইন ওজাই 5 বছৰীয়া কাৰ্যকালত নীৰৱ হৈ থকা দেখা গ'ল বুলি অভিযোগ কৰে মহিলাসকলে ৷

তেওঁলোকে লগতে কয় যে, অসমৰ সমষ্টিবোৰৰ ভিতৰতে সন্মানীয় সমষ্টি হৈছে গুৱাহাটী সমষ্টি ৷ গুৱাহাটীত মহিলা সকল সুৰক্ষিত হ’ব লাগে ৷ পূৰ্বৰ সাংসদ সকলে কিদৰে মহিলাৰ সুৰক্ষাৰ ওপৰত কাম কৰিছে জ্ঞাত নহয় ৷ গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা যিগৰাকী প্ৰতিনিধিয়ে সৱলভাৱে মহিলাৰ সমস্যাবোৰ সংসদত তুলি ধৰিব পাৰে তেনে প্ৰাৰ্থীক প্ৰাধান্য দিব বুলি মন্তব্য কৰে সচেতন মহিলাসকলে ৷

লগতে পঢ়ক : গুৱাহাটীত জাতীয় বিদ্যালয়ৰ অভিভাৱকৰে পোনপটীয়া মত-বিনিময় মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024

Last Updated : May 4, 2024, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.