ETV Bharat / politics

পাক-সংযোগ বিতৰ্কৰ মাজতে গৌৰৱ গগৈক গুৰু দায়িত্ব; প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি

২০২৬ৰ ৰণৰ সেনাপতি পাতিলে গৌৰৱ গগৈক । প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি গৌৰৱ ক ৷ ৰিপুণ বৰা আৰু ভূপেন বৰাকো দিয়া হৈছে গুৰু দায়িত্ব ।

APCC president Gaurav Gogoi
গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 26, 2025 at 7:07 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে সাংসদ গৌৰৱ গগৈক নিযুক্তি । সোমবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে এ আই চি চিয়ে ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ভূপেন বৰাৰ ঠাইত গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ কথা এক বিবৃতিযোগে সদৰী কৰিছে ৷

সন্মুখত ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচন ৷ তাৰ পূৰ্বে অসম কংগ্ৰেছক লৈ এ আই চি চিৰ এয়া এক বৃহৎ ৰাজনৈতিক সিদ্ধান্ত বুলি গণ্য কৰা হৈছে ৷ উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈৰ অভূতপূৰ্ব জয়ৰ পিছত চৰ্চালৈ আহিছিল যে সলনি হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি; ভূপেন বৰাৰ পৰিৱৰ্তে দায়িত্ব দিয়া হ’ব গৌৰৱ গগৈক ৷

APCC president Gaurav Gogoi
গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি (ETV Bharat Assam)

অৱশেষত উক্ত চৰ্চাক সঁচা প্ৰতিপন্ন কৰি গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি এ আই চি চিৰ ৷ আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভৰ পিছতেই সোমবাৰে বিহাৰৰ পাটনাত উপস্থিত হোৱা গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এ পি চি চিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া, “এই দায়িত্বৰ বাবে মোক আস্থাত লোৱাৰ বাবে কংগ্ৰেছৰ সভাপতি শ্ৰীযুত খাৰ্গে ডাঙৰীয়া, বিৰোধীো দলপতি ৰাহুল গান্ধী, কে চি বেণুগোপালৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলো । পূৰ্বৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই সন্মুখৰ পৰা অভূতপূৰ্বভাৱে নেতৃত্ব দি অৱদান আগবঢ়াই গ’ল ৷”

“অসমত কংগ্ৰেছ দলৰ ইমানবোৰ নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক জ্যেষ্ঠ নেতা-কৰ্মীৰ সৈতে কাম কৰাটো এক আশীৰ্বাদ । তেওঁলোকৰ জ্ঞান, অভিজ্ঞতা আৰু পাৰ্টীৰ প্ৰতি থকা সমৰ্পণে মোক বহু কথা শিকাইছে । মোৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ আগ্ৰহী ।” গৌৰৱ গগৈয়ে লগতে মন্তব্য কৰে ।

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ অন্যান্য বিষববীয়াৰ ক্ষেত্ৰতো কেইটামান পৰিৱৰ্তন কৰা হৈছে । বিদায়ী সভাপতি ভূপেন বৰাকো প্ৰদান কৰা হৈছে গুৰুত্বপূৰ্ণ দায়িত্ব । ভূপেন বৰাক দিয়া হৈছে নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্ব ।

APCC
প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাক নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান (ETV BHARAT)

গৌৰৱ গগৈৰ লগতে তিনিগৰাকীকৈ কাৰ্যকৰী সভাপতি নিযুক্তি দিছে এ আই চি চিয়ে । তেওঁলোক হৈছে, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, চাহ জনগোষ্ঠীৰ নেত্ৰী ৰ'জলিনা তিৰ্কী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰ ।

ইয়াৰ উপৰিও সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক । আনহাতে, জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈক ইস্তাহাৰ সমিতিৰ অধ্যক্ষ, প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে সাংসদ ৰকিবুল হুছেইনক । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাক নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰিছে এ আই চি চিয়ে ।

উল্লেখ্য যে, কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ তথা প্ৰভাৱশালী নেতা, তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে দুবাৰকৈ কলিয়াবৰ আৰু বৰ্তমান যোৰহাট সমষ্টিৰ পৰা লোকসভাত প্ৰতিনিধিত্ব কৰি আছে । ১৯৮২ চনত জন্মগ্ৰহণ কৰা গৌৰৱ গগৈয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিক অভিষেক ঘটাইছিল ।

APCC president Gaurav Gogoi
গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি (@GauravGogoiAsm X)

মন কৰিবলগা যে গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ ব্ৰিটিছ পত্নী এলিজাবেথ ক'লবাৰ্ণকো পাকিস্তানেৰে সংযোগ থকাৰ অভিযোগ উত্থাপন কৰি অসমৰ ৰাজনীতিৰ পানী ঘোলা কৰাৰ সময়তে কংগ্ৰেছ হাইকমাণ্ডে তেওঁৰ কান্ধত এই গুৰু দায়িত্ব অৰ্পণ কৰিছে ।

ইয়াৰ লগে লগে ২০২৬ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক সন্মুখত লৈ যে কংগ্ৰেছে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামিব সেয়া নিশ্চিত হৈ পৰিছে । আভ্যন্তৰীণ কন্দলত জৰ্জৰিত অসম প্ৰদেশ কংগ্ৰেছক এতিয়া গৌৰৱ গগৈয়ে কেনে ধৰণৰ ৰণনীতিৰে কোন দিশলৈ লৈ যায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদেৰে যোৰহাট কঁপালে কংগ্ৰেছীয়ে - APCC PROTEST IN JORHAT
লগতে পঢ়ক :ভাৰত চৰকাৰক নজনোৱাকৈ সীমা পাৰ কৰিলো, ঘূৰিও আহিলো : গৌৰৱ গগৈ - COAL SYNDICATE IN ASSAM