যোৰহাট: সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰৱ হৈ থকা সময়তে সাংসদ গগৈয়ে বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে | ৰাজ্যত এতিয়াও অবৈধ কয়লাৰ চিণ্ডিকেট চলি আছে দাবী উত্থাপন কৰি জোকৰণি সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ৬ জানুৱাৰী তাৰিখে উমৰাংছ' অবৈধ কয়লা খনিত ৯ শ্ৰমিকৰ মৃত্যু হোৱা পিছতে ৰাজ্য চৰকাৰে এক এচ আই টি গঠন কৰিছিল আৰু ২৪৫ টা অবৈধ ৰেট হ'ল মাইনিং বন্ধ কৰা লগতে চীল কৰা হৈছিল ৷
শনিবাৰে যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত সাংসদ গৌৰৱ গগৈয়ে কয়, "এই ঘটনাৰ পূৰ্বে চৰকাৰে ৰাজ্যত কোনো ৰেট হ'ল মাইনিং নাই বুলি কৈছিল যদিও পৰৱৰ্তী সময়ত এছআইটিৰ তদন্তৰ পিছতে ৰাজ্যত চীল কৰা হৈছিল বৃহৎ সংখ্যক অবৈধ কয়লা খনি | ইমানলৈকে ৰাজ্যবাসীয়ে খবৰ পাই কিন্তু ইয়াৰ পিছৰ খবৰ কিয় ৰাইজে নাপালে বুলি প্ৰশ্ন কৰে সাংসদজনে ৷"
সাংসদজনে কয়, "এই ঘটনাৰ বাবে ইডিয়ে যি তদন্ত চলাইছিল সেই তদন্তত পোহৰলৈ আহিছিল ৰাজ্য চৰকাৰৰ কেতবোৰ ভয়ংকৰ তথ্য আৰু মিথ্যাচাৰিতা | প্ৰথমে অবৈধ কয়লা খনি নাই বুলি কোৱা পিছত দুই শতাধিক অবৈধ খনি কেনেকৈ ওলাল আৰু উক্ত খনিসমূহ থকা অঞ্চলৰ স্থানীয় বিধায়ক আৰক্ষী ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল ক'ত আছিল বুলি প্ৰশ্ন উত্থাপন কৰে ৷’’
‘‘উমৰাংছ' বিষয়ে সংসদত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰতো তদন্ত প্ৰক্ৰিয়া চলি থকা বুলি উত্তৰ দিছিল ৷ যোৱা এপ্ৰিল মাহৰ ২৫ তাৰিখে ইডিৰ তদন্তৰ তথ্য পোৱাৰ পিছত পোহৰলৈ আহিল ৰাজ্যৰ ১৫ স্থানত অবৈধ ৰেট হ'ল কয়লা খনন চলি থকাৰ তথ্য ৷ ইডিৰ প্ৰতিবেদনত উল্লেখ আছে অসম আৰু মেঘালয়ত চলোৱা তদন্তৰ তথ্য ৷" তেওঁ কয় ৷
সাংসদগৰাকীয়ে ইডিৰ প্ৰতিবেদন সাংবাদিকৰ সন্মুখত প্ৰদৰ্শন কৰি কয়, "এই প্ৰতিবেদনত স্পষ্টভাৱে ব্যৱহাৰ কৰা হৈছে চিণ্ডিকেট শব্দটো ৷ য'ৰ পৰা প্ৰমাণ হয় ৰাজ্যত এতিয়াও কয়লাৰ চিণ্ডিকেট চলি থকাৰ বিষয়টো ৷ প্ৰতিবেদনখনত উল্লেখ আছে মেঘালয়ৰ পৰা অবৈধ কয়লাৰ ট্ৰাক অসমলৈ আহে আৰু কোনো আৰক্ষী বা সংশ্লিষ্ট বিভাগৰ তালাচী নচলায় এই গাড়ীসমূহত ৷"
সাংসদ গৌৰৱ গগৈয়ে কয়, "গৃহ বিভাগৰ দ্বায়িত্বত বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে আৰু কি কাৰণে আৰক্ষীয়ে এই গাড়ীসমূহ তালাচী নকৰে সেয়া গৃহমন্ত্ৰী হিচাপে ৰাইজক উত্তৰ দিব লাগে ড৹ শৰ্মাই ৷ ইডিৰ প্ৰতিবেদনত লগতে উল্লেখ আছে যে এই চিণ্ডিকেটটোৱে প্ৰতিখন গাড়ীৰ পৰা ডেৰ লাখ টকা সংগ্ৰহ কৰে আৰু এই টকা ৰাজ্যৰ ভিতৰত বিভিন্ন ব্যৱসায়ীৰ হাতত জমা আছে ৷ ইডিয়ে তদন্তৰ সময়ত এখন ডায়েৰী জব্দ কৰিছিল যিখনত বৃহৎ পৰিমানৰ ধনৰ লেন দেন উল্লেখ আছে ৷ চিণ্ডিকেটৰ তদন্তত ইডিয়ে লেপটপ মোবাইল ফোন ইত্যাদি বহুত তথ্য পালে কিন্তু ইয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কিয় মনে মনে আছে ?"
সাংসদজনে দাবী কৰে যে এই চিণ্ডিকেটৰ আৰত প্ৰভাৱশালী মন্ত্ৰী তথা বিজেপিৰ বহু নেতা জড়িত হৈ থাকিব পাৰে ৷ যিটো লুকুৱাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৷ অসম মেঘালয় চিণ্ডিকেট চলি আছে এইক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ ভূমিকা কি ইয়াৰ উত্তৰ বিছাৰি সাংসদ জনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰা বিষয়েও উল্লেখ কৰে ৷"
ইডিৰ যি ৰেট হ'ল তাৰ যি তথ্য ইডিয়ে দিলে সেই বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিয়ক বুলি দাবী কৰি সাংসদ জনে কয়, "মুখ্যমন্ত্ৰীয়ে এটা এছআইটিৰ ডেডলাইন দিব পাৰিলে চিণ্ডিকেটৰ এছআইটিৰ ডেডলাইন ৰাইজক কওক ৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি অপৰাধ কৰিলে যাৰ বাবে মুখ্যমন্ত্ৰী পদবীৰ পৰা আঁতৰাই দিলে । ২০১৬ ৰ নিৰ্বাচনী প্ৰচাৰত সোণোৱালে কৈছিল যে যদি চৰকাৰ আহে চিণ্ডিকেট আঁতৰ কৰিব । পৰৱৰ্তী সময়ত চৰকাৰ গঠন হ'ল আৰু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত চিণ্ডিকেট নিয়ন্ত্ৰণলৈ আনিছিল ।"
গগৈয়ে লগতে কয়, "ইয়াকে লৈ বিজেপিৰ নেতাৰ মাজত ভূমিকম্প সৃষ্টি হৈছিল ৷" কয়লা, কণী ব্ৰইলাৰ চিণ্ডিকেট কৰা নেতাসকলে সান্দহ খোৱা বালি তল পৰাৰ ভয়ত সৰ্বাক উক্ত পদৰ পৰাই আঁতৰালে বুলি অভিযোগ উথাপন কৰে । লগতে তেওঁ কয়, "ভাৰত চৰকাৰক নজনোৱাকৈ সীমা পাৰ কৰিলো, ঘূৰিও আহিলো । ভাৰতৰ ইণ্টেলিজেন্ত ইমান দুৰ্বল নে ? খবৰ নাপালে ?