মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদেৰে যোৰহাট কঁপালে কংগ্ৰেছীয়ে
মুখ্যমন্ত্ৰী কিয় যোৰহাটত নিৰ্বাচন খেলিবলৈ প্ৰধানমন্ত্ৰী মোদীকো আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।

Published : May 26, 2025 at 6:47 PM IST
যোৰহাট : যোৰহাটত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰা পিছতেই যোৰহাটত বিজেপিয়ে অনুষ্ঠিত কৰিছিল বৰ্ধিত বিষয়ববীয়া সভা । এই সভাৰ পৰাই ২০২৬ৰ ৰণকৌশল সম্পৰ্কে প্ৰস্তুতি আৰম্ভ কৰিছিল । লগতে যোৰহাটৰ পৰা মুখ্যমন্ত্ৰীয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছিল ।
ইয়াৰ পিছতে মঙলবাৰে যোৰহাটত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাকৰি সংক্ৰান্তত মহিলাক অশ্লীল মন্তব্য কৰাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছে । মুখ্যমন্ত্ৰীৰ ফটোসম্বলিত প্লে'-কাৰ্ড জ্বলাই কংগ্ৰেছ কৰ্মীয়ে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
কংগ্ৰেছৰ দিনত অসৎ উপায়েৰে মহিলাসকলে চাকৰি পাইছিল বুলি সন্মানজনক পদবীত থাকি মহিলাসকলক অপমান কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে বুলি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য কৰে । তেওঁ কয়, "কংগ্ৰেছৰ দিনতো যোগ্যতাৰ ভিত্তিত চাকৰি পাইছিল । যিসময়ত মহিলাসকল আগুৱাই গৈছে আৰু মহিলাসকলৰ বাবে পদ আৰু আসন সংৰক্ষণ কৰা হৈছে, তেনে সময়ত মহিলাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য অসন্মানজনক ।"
ইফালে যোৰহাটত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন খেলা প্ৰসংগত তেওঁ কয়, "গণতান্ত্ৰিক ব্যৱস্থাত সেয়া সম্ভৱ । প্ৰধানমন্ত্ৰী মোদীয়েও যোৰহাটত আহি নিৰ্বাচন খেলিব পাৰে । গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলিম বুলি কোৱা কথাত আমি আনন্দিত হৈছো ।"
আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী ৰিপুণ বৰাই দেওবাৰে সম্বোধন কৰা সংবাদমেলত গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কৰা মন্তব্য তদন্তৰ বাবে ৰেকৰ্ড কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কোৱা প্ৰসংগত ৰিপুণ বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
এই সন্দৰ্ভত ৰিপুণ বৰাই কয়, "মুখ্যমন্ত্ৰীৰ এই কথা শুনি মোৰ হাঁহি উঠিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ গৌৰৱ গগৈৰ ভয়ত যেনেকৈ কংসই কৃষ্ণৰ ভয়ত য'তে ত'তে কৃষ্ণক দেখিছিল, ঠিক তেনেকুৱা অৱস্থা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ফলত এতিয়া মুখ্যমন্ত্ৰীক গৌৰৱ গগৈৰ ভূতে খেদি ফুৰিছে । তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ।"
উল্লেখ্য যে, সোমবাৰে যোৰহাটত অনুষ্ঠিত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক ভাস্কৰ বৰুৱাসহিতে কংগ্ৰেছ কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

