ETV Bharat / politics

‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে?

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 11:08 AM IST

Lok Sabha Election 2024: ডিব্ৰুগড় নে লখিমপুৰ কোনটো লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ বিশাল শোভাযাত্ৰাৰ বাবে সাজু হৈছে অজাপ দল ৷

From which Lok Sabha constituency will Lurinjyoti Gogoi contest,announcement is expected today
‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে?

‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে?

মৰাণ, 15 মাৰ্চ: অতি সোনকালে অসমৰ ৰাইজে ভাল খবৰ পাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ লক্ষণীয় বিষয় যে, লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । অৱশ্যে এতিয়াও সম্পূৰ্ণ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই কংগ্ৰেছকে ধৰি অন্য দলবোৰে ।

ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চই ডিব্ৰুগড় লোকসভা সমষ্টি অসম জাতীয় পৰিষদক এৰি দিছে । এই সমষ্টিটোৰ বাবে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নাম চৰ্চাত আছে যদিও আনুষ্ঠানিক ঘোষণা কৰা নাই দলটোৱে । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলৰ ৰণ কৌশল প্ৰস্তুতিক লৈ চহৰখনৰ আমোলাপট্টিত থকা হোটেল ট্ৰি ফাৰ্ণত অনুষ্ঠিত হয় দলটোৰ অন্তিমখন বৈঠক । উক্ত সভাতেই লুৰীণজ্যোতি গগৈ ডিব্ৰুগড়ৰ পৰা নে লখিমপুৰ লোকসভাৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব চূড়ান্ত কৰা হয় বুলি জানিব পৰা গৈছে ।

সংবাদ মাধ্যমৰ আগত সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "অতি সোনকালেই অসমৰ ৰাইজে সকলো খবৰ পাব । আপোনালোকে অলপ অপেক্ষা কৰক ৷ আপোনালোকে বিচৰা ধৰণে পাব সকলো খবৰ ৷" উল্লেখযোগ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে শুকুৰবাৰে অসম জাতীয় পৰিষদে প্ৰাৰ্থী ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি দলীয় সূত্ৰই জানিবলৈ দিছে । প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতেই দলটোৰ নেতা-কৰ্মীসকলে ডিব্ৰুগড়ত বিশাল শোভাযাত্ৰা কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে ।

সভাত অজাপৰ কেন্দ্রীয় সমিতিৰ চিত্তৰঞ্জন বসুমতাৰী, অনুপ ফুকন, বীৰেন বৰুৱা, মাণিক ফুকনৰ লগতে জিলা পৰ্যায়ৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বেই ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰথম পৰাজয়: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.