ETV Bharat / politics

অখিল গগৈ, লুৰীণ গগৈ মুছলমানৰ শত্ৰু : বদৰুদ্দিন আজমল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 9:36 PM IST

কংগ্ৰেছে মুছলমান লোকসকলক সদায় ভোট বেংক হিচাপে গণ্য কৰি অহাৰ অভিযোগ বদৰুদ্দিন আজমলৰ ৷ ৰকিবুল হুছেইনক বেয়া পোৱা কংগ্ৰেছৰ পাঁচ হাজাৰ লোকে তেওঁৰ হৈ কাম কৰি থকাৰ দাবী কৰি কংগ্ৰেছ নিৰ্বাচনত হৰাতো নিশ্চিত বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰে ৷

ELECTION CAMPAIGN OF AIUDF
আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ (ETV BHARAT ASSAM)
মন্দিয়াত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ (ETV BHARAT ASSAM)

বৰপেটা, 4 মে’: বৰপেটা জিলাৰ মন্দিয়াত এই আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ ৷ সভাত কংগ্ৰেছৰ লগতে দলটোৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰে ৷ কংগ্ৰেছে মুছলমান লোকসকলক সদায় ভোট বেংক হিচাপে গণ্য কৰি অহাৰ অভিযোগ কৰে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ৷ তেওঁ কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে যিমান চেষ্টা কৰিলেও ধুবুৰীত পৰাজিত কৰিব নোৱাৰে ৷

ইফালে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকো তীব্ৰ সমালোচনা কৰে বদৰুদ্দিন আমজলে ৷ অখিল গগৈ মুছলমানৰ শত্ৰু বুলিও আজমলে অভিযোগ কৰে ৷

আনহাতে ৰকিবুল হুছেইনক বেয়া পোৱা কংগ্ৰেছৰ পাঁচ হাজাৰ লোকে তেওঁৰ হৈ কাম কৰি থকাৰ দাবী কৰি কংগ্ৰেছ নিৰ্বাচনত হৰাতো নিশ্চিত বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰে ৷ আজমলে কয় যে, ধুবুৰীত কংগ্ৰেছ শূণ্য হ’ব ৷ অখিল গগৈ, লুৰীণজ্যোতি গগৈ আহিছে মানে কংগ্ৰেছ হাৰিব ৷ এই সকলো মুছলমানৰ শত্ৰু বুলি মন্তব্য কৰে ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে ৷

উল্লেখ্য যে, 7 মে’ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ চাৰিটা সমষ্টিত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ শাসকীয় দল বিজেপিৰ লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলেও তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিটা সমষ্টিৰ চাৰিটায়ে বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি দলটোৱে দাবী কৰাৰ বিপৰীতে ধুবুৰী আৰু নগাঁও এ আই ইউ ডি এফে দখল কৰিব বুলি দাবী কৰি আহিছে বদৰুদ্দিন আজমলে ৷

লগতে পঢ়ক : তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট, ৰণত নামিছে সকলো ৰথী-মহাৰথী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.