ETV Bharat / politics

শিলচৰ লোকসভা সমষ্টি : এজনো প্ৰাৰ্থীৰ বিৰুদ্ধে নাই কোনো গোচৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 8:47 PM IST

Lok sabha Election 2024: শিলচৰত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন । অৱতীৰ্ণ হৈছে আঠগৰাকী প্ৰাৰ্থী । এজনো প্ৰাৰ্থীৰ বিৰুদ্ধে নাই কোনো ধৰণৰ গোচৰ । দুগৰাকী প্ৰাৰ্থী কোটিপতি । বহুজন মহা পাৰ্টীৰ প্ৰাৰ্থী ৰাজীৱ দাসৰ সম্পত্তিৰ পৰিমাণ হৈছে 6,67,74,000 টকা । কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্যৰ মুঠ সম্পত্তিৰ পৰিমাণ 1,25,31,623 টকা । নিৰ্দলীয় প্ৰাৰ্থী অনন্ত মোহন ৰায় সম্পত্তিৰ পৰিমাণ 5500 টকা । আঠগৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকী স্নাতক ডিগ্ৰীধাৰী, এগৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু চাৰিগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ ।

education, Assets and Liabilities declaration of 8 candidates from silchar lok sabha constituency
শিলচৰ লোকসভা সমষ্টিৰ লোকসভাৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নাই কোনো গোচৰ

গুৱাহাটী, 13 এপ্ৰিল: বৰাকৰ শিলচৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা আঠগৰাকী প্ৰাৰ্থীৰ এজনৰো বিৰুদ্ধে নাই কোনো ধৰণৰ গোচৰ । নাই কোনো ধৰণৰ বিশেষ ঋণ-ধ‍াৰ । শপতনামাত দিয়া তথ্য অনুসৰি প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰে নিকা ভাৱমূৰ্তি আছে ।

অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু শিলচৰ লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত হ'ব অনুষ্ঠিত হ'ব নিৰ্বাচন । 19 এপ্ৰিলত পাঁচটা সমষ্টি ক্ৰমে যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, 26 এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, নগাঁও, কৰিমগঞ্জ আৰু শিলচৰ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

সেইদৰে, 7 মে'ত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 35 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে 61 গৰাকী প্ৰাৰ্থী । শিলচৰ লোকসভা সমষ্টিত মুঠ আঠগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । তেওঁলোকে হৈছে বিজেপিৰ পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত দাস, চি ইউ চি আইৰ (চি) প্ৰভাস চন্দ্ৰ সৰকাৰ, বেংগলী নৱনিৰ্মাণ সেনাৰ বাৰিন্দ্ৰ কুমাৰ দাস, বহুজন মহা পাৰ্টীৰ ৰাজীৱ দাস, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস, নিৰ্দলীয় প্ৰাৰ্থী অনন্ত মোহন ৰায় আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰাজু দাস ।

শিলচৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা আঠগৰাকী প্ৰাৰ্থীৰ ভিতৰত সবাটোকৈ সম্পত্তিশালী প্ৰাৰ্থীগৰাকী হৈছে বহুজন মহা পাৰ্টীৰ প্ৰাৰ্থী ৰাজীৱ দাস । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 6,67,74,000 টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 4,49,70,500 টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 2,18,03,500 টকা । তেওঁৰ হাতত থকা নগদ ধনৰ পৰিমাণ হৈছে 10 লাখ টকা ।

শিলচৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দ্বিতীয়গৰাকী কোটিপতি প্ৰাৰ্থী হৈছে বিজেপিৰ পৰিমল শুক্লবৈদ্য । ৰাজনীতিৰ ক্ষেত্রখনত দীঘলীয়া অভিজ্ঞতাৰে পুষ্ট অসম চৰকাৰৰ বৰ্তমানৰ কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্যৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 1,25,31,623 টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 74,66,623 টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 50,65,000 টকা । তেওঁৰ হাতত নগদ ধন আছে 50 হাজাৰ টকা ।

আনহাতে পৰিমল শুক্লবৈদ্যৰ পত্নীৰ নামত নগদ ধন জমা আছে 18,000 টকা । তেওঁৰ পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল 29,58,460 টকা । শিলচৰ সমষ্টিত দুই কোটিপতিৰ বিপৰীতে অৱতীৰ্ণ হোৱা কংগ্ৰেছ দলৰ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰৰ নগদ ধনৰ পৰিমাণ হৈছে 60 হাজাৰ টকা ।

আনহাতে, তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 63,84,376 টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 19 লাখ টকা । তেওঁৰ পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 2,11,910 টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 12 লাখ টকা । আনহাতে, সূৰ্যকান্ত দাসৰ ঋণৰ পৰিমাণ হৈছে 2,34,285 টকা । ইফালে, তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা জ্যেষ্ঠ ৰাজনৈতিক নেতা ৰাধেশ্যাম বিশ্বাসৰ 4 লাখ টকা নগদ ধন আছে । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 18,77,394 টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 51,90,000 টকা ।

আনহাতে, তেওঁৰ পত্নীৰ হাতত নগদ এক লাখ টকা থকাৰ বিপৰীতে অস্থাৱৰ সম্পত্তি আছে 11,95,852 টকা আৰু স্থাৱৰ সম্পত্তি আছে 42,50,000 টকা । সেই ফালৰ পৰা পত্নীৰ সম্পত্তি যোগ দিলে ৰাধেশ্যাম বিশ্বাসো কোটিপতি । শিলচৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চি ইউ চি আইৰ (চি) প্ৰাৰ্থী প্ৰভাস চন্দ্ৰ সৰকাৰৰ হাতত নগদ ধন আছে 15 হাজাৰ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 20,043 টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 14 লাখ টকা ।

সেইদৰে, বেংগলী নৱনিৰ্মাণ সেনাৰ প্ৰাৰ্থী বাৰিন্দ্ৰ কুমাৰ দাসৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 4,43,526 টকা আৰু তেওঁৰ হাতত থকা নগদ ধনৰ পৰিমাণ হৈছে 80 হাজাৰ টকা । তেওঁৰ নামত নাই কোনো স্থাৱৰ সম্পত্তি । শিলচৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা ৰাজু দাসৰ নগদ ধন হৈছে 5 হাজাৰ টকা । তেওঁৰ স্থাৱৰ সম্পত্তি নাই যদিও অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 14,229 টকা ।

আনহাতে, শিলচৰ সমষ্টিৰ আটাইতকৈ দৰিদ্ৰ প্ৰাৰ্থীগৰাকী হৈছে অনন্ত মোহন ৰায় । নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা অনন্ত মোহন ৰায় স্থাৱৰ সম্পত্তি নাই আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 5500 টকা । নগদ ধন হিচাপে আছে 5 হাজাৰ টকা । তেওঁৰ পত্নীৰ নগদ ধন আছে 6 হাজাৰ টকা । ইফালে, শিলচৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হোৱা এজনো প্ৰাৰ্থীৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ নাই । শিক্ষাগত অৰ্হতাৰ ফালৰ পৰা বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ শিক্ষাগত অৰ্হতা হৈছে কলা শাখাত স্নাতক ডিগ্ৰী । তেওঁ 1980 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল ।

সেইদৰে, কংগ্ৰেছৰ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰৰ শিক্ষাগত অৰ্হতা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী । তেওঁ আসাম বিশ্ববিদ্যালয়ৰ অধীনৰ গুৰুচৰণ কলেজৰ পৰা 1997 চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । আনহাতে, জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ শিক্ষাগত অৰ্হতা হৈছে স্নাতক প্ৰথম বৰ্ষ । তেওঁ কৰিমগঞ্জ কলেজত 1973 চনত স্নাতক প্ৰথম বৰ্ষ পৰ্যন্ত অধ্যয়ন কৰে । শিলচৰৰ পৰা নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা ৰাজু দাসৰ শিক্ষাগত অৰ্হতা হৈছে কলা শাখাত স্নাতক ডিগ্ৰী ।

তেওঁ 2000 চনত আসাম বিশ্ববিদ্যালয়ৰ অধীনৰ জি চি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । সেইদৰে চি ইউ চি আইৰ (চি) প্ৰাৰ্থী প্ৰভাস চন্দ্ৰ সৰকাৰৰ শিক্ষাগত অৰ্হতা হৈছে মেট্ৰিক উত্তীৰ্ণ । তেওঁ হাইলাকান্দিৰ চৰকাৰী ভি এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1991 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । আনহাতে, বেংগলী নৱনিৰ্মাণ সেনাৰ প্ৰাৰ্থী বাৰিন্দ্ৰ কুমাৰ দাসৰ শিক্ষাগত অৰ্হতা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ।

তেওঁ 1990 চনত শ্ৰীকোনা হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ হয়। বহুজন মহা পাৰ্টীৰ প্ৰাৰ্থী ৰাজীৱ দাসৰ শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ । 1999 চনত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয় । ইফালে, সমষ্টিটোত সবাতোকৈ কম সম্পত্তি থকা নিৰ্দলীয় প্ৰাৰ্থী অনন্ত মোহন ৰায়ৰ শিক্ষাগত অৰ্হতা হৈছে মেট্ৰিক উত্তীৰ্ণ । তেওঁ 1974 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । শিলচৰ লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱা আঠগৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকী স্নাতক ডিগ্ৰীধাৰী, এগৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু চাৰিগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ ।

লগতে পঢ়ক: হাতৰ প্ৰতি মোহভংগ; বিজেপিত যোগদান ৱাৰ্ড কমিছনাৰৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.