ETV Bharat / politics

পশ্চিমবংগ আৰক্ষীৰ নিযুক্তি পৰীক্ষা, ৰাহুলে সলনি কৰিব লাগিব জলপাইগুৰি যাত্ৰাৰ পৰিকল্পনা

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 12:53 PM IST

Bharat Jodo Nyay Yatra : আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাহুল গান্ধীক জলপাইগুৰি প্ৰশাসনে কংগ্ৰেছ নেতাগৰাকীক ২৮ জানুৱাৰীত চহৰখনত প্ৰৱেশ নকৰিবলৈ অনুৰোধ জনাইছে । যাৰ বাবে নেতাগৰাকীয়ে পূৰ্ব পৰিকল্পিত কাৰ্যসূচী বাতিল কৰিব লাগিব ।

Bharat Jodo Nyay Yatra
ৰাহুলে সলনি কৰিব লাগিব জলপাইগুৰি যাত্ৰাৰ পৰিকল্পনা

নেশ্যনেল ডেস্ক,২৫ জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত পুনৰ বাধা । এইবাৰ পশ্চিমবংগ চৰকাৰৰ বাধাৰ বাবে ৰাহুল গান্ধীয়ে যাত্ৰা পথৰ কিছু পৰিৱৰ্তন কৰিব লাগিব । জলপাইগুৰিত দুপৰীয়াৰ আহাৰৰ পৰিকল্পনা বাতিল কৰিব লাগিব ৰাহুল গান্ধীয়ে ।

উল্লেখ্য যে, আসন ভাগ-বটোৱাৰাকলৈ বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰ কেইবাটাও দলৰ মাজত বিতৰ্ক অব্যাহত আছে । পশ্চিমবংগৰ নেতৃত্বাধীন টিএমচিৰ সৈতেও কংগ্ৰেছ নেতৃত্বত গঠন হোৱা 'ইণ্ডিয়া' ব্লকৰ কিছু অসন্তুষ্টি দেখা গৈছে । সেই অসন্তুষ্টি যেন ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত কিছু প্ৰভাৱ পৰিছে । ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ দলে পশ্চিমবংগত আগন্তুক লোকসভা নিৰ্বাচনত স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে ।

ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰাৰ অংশ হিচাপে ২৮ জানুৱাৰীত পশ্চিমবংগৰ জলপাইগুৰিত প্ৰৱেশ কৰাৰ কথা আছিল । কিন্তু আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলস্বৰূপে জলপাইগুৰি প্ৰশাসনে কংগ্ৰেছ নেতাগৰাকীক ২৮ জানুৱাৰীত চহৰখনত প্ৰৱেশ নকৰিবলৈ অনুৰোধ জনাইছে । সেয়েহে, তেওঁ চহৰখনত দুপৰীয়াৰ আহাৰৰ পৰিকল্পনা বাতিল কৰিব লাগিব আৰু এই কাৰ্যসূচী আন স্থানত ল'ব লাগিব ।

জানিব পৰা মতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ উত্তৰ অংশৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটৰ মাজেৰে পশ্চিমবংগত প্ৰৱেশ কৰাৰ কথা আছে । ২৬-২৭ জানুৱাৰীত দুদিনীয়া বিৰতিৰ অন্তত ২৯ জানুৱাৰীত বিহাৰত প্ৰৱেশ কৰাৰ পূৰ্বে জলপাইগুৰি, আলিপুৰদুৱাৰ, উত্তৰ দিনাজপুৰ আৰু দাৰ্জিলিং জিলাৰ মাজেৰে যাত্ৰা কৰিব ।

৩১ জানুৱাৰীত মালদা হৈ পশ্চিমবংগত পুনৰ প্ৰৱেশ কৰি ১ ফেব্ৰুৱাৰীত ৰাজ্যখন ত্যাগ কৰাৰ পূৰ্বে কংগ্ৰেছৰ দুয়োখন দুৰ্গ জিলাৰ মুৰ্শিদাবাদৰ মাজেৰে পাৰ হ'ব । যাত্ৰাৰ সময়ত পশ্চিমবংগৰ ৬ খন জিলা আৰু ৬ টা লোকসভা সমষ্টি ক্ৰমে দাৰ্জিলিং, ৰাইগুঞ্জ, উত্তৰ আৰু দক্ষিণ মালদা আৰু মুৰ্শিদাবাদত সামৰি লোৱা হ'ব ।

২০২১ চনৰ এপ্ৰিল-মে' মাহৰ বিধানসভা নিৰ্বাচনৰ পিচত ৰাহুল গান্ধীৰ পশ্চিমবংগলৈ এয়া প্ৰথম ভ্ৰমণ । তেওঁৰ ভ্ৰমণক লৈ পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছো যথেষ্ট আশাবাদী । কেৱল সাংগঠনিকভাৱেই নহয়, লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোক সহায় কৰিব বুলি আশা কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে ।

বৃহস্পতিবাৰে আবেলি ৰাজ্যখনত প্ৰৱেশ কৰাৰ পিচত গান্ধীয়ে কোচবিহাৰ চহৰৰ মা ভৱানী চকৰ পৰা পদযাত্ৰাৰ নেতৃত্ব দিব । আলিপুৰদুৱাৰ জিলাৰ ফালাকাটাত নিশাটো কটোৱাৰ পূৰ্বে তেওঁৰ গোক্ষদাঙ্গাত বাছযোগে যাত্ৰা অব্যাহত থাকিব ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ অংশ হ'লেও বংগত ইণ্ডিয়াৰ সৈতে কোনো মিত্ৰতা নাই; মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.