ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; তৎপৰ কাছাৰ জিলা প্ৰশাসন - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 12:52 PM IST

Second phase LS polls : কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । ৰাজ্যৰ আন চাৰিটা লোকসভা সমষ্টিৰ লগতে শিলচৰতো অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ যাৰ বাবে তৎপৰ কাছাৰ জিলা প্ৰশাসন ৷

Second phase LS poll
Second phase LS poll

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; তৎপৰ কাছাৰ জিলা প্ৰশাসন

শিলচৰ, ২৫ এপ্ৰিল : দেশ তথা ৰাজ্যত বলি আছে নিৰ্বাচনীৰ গৰম বা ৷ কি শাসক পক্ষ, কি বিৰোধী- সকলো ব্যস্ত ৷ অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত উজনি অসমৰ ৫ টা সমষ্টিত ১৯ এপ্ৰিলৰ দিনা অনুষ্ঠিত হৈ গ’ল প্ৰথম পৰ্যায়ত নিৰ্বাচন । কাইলৈ অৰ্থাৎ ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ শিলচৰ, কৰিমগঞ্জ, ডিফু, নগাঁও আৰু দৰং ওদালগুৰি- এই ৫ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

কৰিমগঞ্জ, ডিফু, নগাঁও, দৰং ওদালগুৰিৰ লগতে শিলচৰত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে কাছাৰ জিলাৰ প্ৰশাসন । বৃহস্পতিবাৰে পুৱাই শিলচৰ ৰামনগৰস্থিত ISBT ত দেখিবলৈ পোৱা গৈছে এক বিপৰীত দৃশ্য । পুৱাৰে পৰা ISBT চৌহদত পোলিং-প্ৰিজাইদিং অফিচাৰসকলক নিৰ্বাচনৰ সকলো সা-সামগ্ৰী বিতৰণ কৰা দেখা গৈছে । ইতিমধ্যে EVM আৰু অন্যান্য সা-সামগ্ৰী লৈ নিৰ্দিষ্ট ভোটকেন্দ্ৰলৈ ৰওনা হৈছে প্ৰিজাইদিং আৰু পোলিং বিষয়াসকল ।

এইবাৰ শিলচৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা হ’ল ১৩ লাখ ৫১ হাজাৰ ৪৯৬ ৷ ইয়াৰ মাজত পুৰুষ ভোটাৰৰ সংখ্যা ৬ লাখ ৭৬ হাজাৰ ৩৩১ জন ৷ মহিলা ভোটাৰৰ সংখ্যা ৬ লাখ ৭৫ হাজাৰ ১৪১ জন ৷ লগতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হ’ল ২৪ জন । জানিব পৰা মতে, এইবাৰ নিৰ্বাচনৰ বাবে শিলচৰত মুঠ ১৫৫১ টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে । এই ১৫৫১ টা ভোটকেন্দ্ৰৰ ভিতৰত ২১০ টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ।

শিলচৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে ৭ টা বিধানসভা সমষ্টি । এই সমষ্টিকেইটা হ’ল শিলচৰ, ধলাই, লক্ষীপুৰ, কাটিগড়া, উধাৰবন্দ, বৰখলা আৰু সোনাই । ইতিমধ্যে বুধবাৰৰ দিনাই লক্ষীপুৰ, কাটিগড়া আৰু ধলাই (SC)ৰ ৬১০ টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে ভোট কৰ্মীসকল । ‌বাকী থকা উদাৰবন্দ, শিলচৰ, সোণাই আৰু বৰখলা সমষ্টিৰ অন্তৰ্গত ৯৪১ টা ভোট কেন্দ্ৰলৈ আজি পুৱাই ৰাওনা হৈছে কেন্দ্ৰসমূহত নিয়োজিত বিষয়াসকল ৷

শিলচৰ লোকসভা সমষ্টিত ভোটগ্ৰহণৰ‌ বাবে মুঠ ৭১৭২ গৰাকী ভোট কৰ্মী নিয়োজিত কৰা হৈছে ৷ আনহাতে আইন-শৃংখলা পৰিস্থিতি চোৱা-চিতা কৰিবলৈ অসম আৰক্ষীৰ লগতে CRPF, ITBP আৰু BSF বাহিনীৰ ২০ টা গোট মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :-

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৫ টা সমষ্টিৰ জনগাঁথনিগত বিশ্লেষণ - Lok Sabha Election 2024

অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ : ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.