ETV Bharat / politics

বৰপেটা-ধুবুৰীত তিনিকোণীয়া যুঁজৰ সম্ভৱনা : সংখ্যালঘু ভোটাৰে ল'ব গুৰুত্বপূৰ্ণ ভূমিকা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 9:39 PM IST

Lok Sabha polls 2024: তধুবুৰী আৰু বৰপেটাত কি হ’ব নিৰ্বাচনী ৰণ ? নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে দুয়োটা সমষ্টিতে যুঁজ তিনিকোণীয়া হোৱাৰ সম্ভৱনা প্ৰকট হৈছে ।

Lok Sabha polls 2024
যুঁজ তিনিকোণীয়া (ETV BHARAT ASSAM)

গুৱাহাটী, ৩ মে': অহা ৭ মে'ত অসমত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ইতিমধ্যে ১০ টা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত ভোটগ্ৰহণৰ অন্ত পৰাৰ পিচত অহা ৪ জুনলৈ ফলাফললৈ অপেক্ষা কৰিব লাগিব । উল্লেখ্য যে এই চাৰিটা লোকসভা সমষ্টিৰ ভিতৰত ধুবুৰী আৰু বৰপেটা সমষ্টিত নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈ পৰিছে । নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে এই দুয়োটা সমষ্টিতে নিৰ্বাচনী যুঁজ তিনিকোণীয়া হোৱাৰ সম্ভৱনাই গা কৰি উঠিছে ।

আকৌ চাৰিটা লোকসভা সমষ্টিৰ ভিতৰত ধুবুৰীত লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক আৰু বৰপেটা সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি ৰাজনৈতিক বিশেষজ্ঞ তথা ৰাজনৈতিক মহলত বিশেষ চৰ্চা হৈছে । মন কৰিবলগীয়া যে বৰপেটা লোকসভা সমষ্টিত বিজে‌পিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়ন আৰু চি‌ পি আই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনাই দেখা দিছে ।‌ ইপিনে, ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল, কংগ্ৰেছৰ ৰকিবুল‌ হুছেইন আৰু বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ‌ মাজত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ।

বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী যুজ: উল্লেখ্য অগ‌পৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ দীপ বায়ন আৰু অজাপৰ‌ পৰা ওলায় অহা দুলু আহমেদে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ‌ চলায় আছে । নিৰ্বাচনী প্ৰচাৰত দৌৰত ফণীভূষণ চৌধুৰী, মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নে আগত আছে । প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ কংগ্ৰেছৰ যুৱ নেতা দীপ বায়ন সকলোৰে পৰিচিত মুখ নহয় যদিও শেহতীয়াকৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিঙ, কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ, ভূপেন‌ বৰা, প্ৰদ্যুৎ বৰদলয়ে তেওঁৰ সমৰ্থনত চলোৱা ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰে দীপ বায়ন শক্তিশালী প্ৰাৰ্থী হিচাপে থিয় কৰাইছে ।

ইপিনে,কেইবাবাৰো বিধায়ক হোৱাৰ উপৰি বৰপেটা লোকসভা সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দিতা আগবঢ়োৱা অগ‌পৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ভোটাৰৰ বাবে চিনাকী মুখ ।‌ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নির্বাচনী প্ৰচাৰ চলায় গৈছে প্রধানমন্ত্ৰীয়ে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৭ এপ্ৰিলত নলবাৰী জিলাৰ এখন নির্বাচনী সভাত অংশগ্রহণ কৰাৰ পিছত ফণীভূষণ চৌধুৰীয়ে সমষ্টিটোত অন্যতম শক্তিশালী প্ৰাৰ্থী হিচাপে অন্য মাত্ৰা লাভ কৰিছে । আকৌ‌ মুখ্যমন্ত্ৰীয়ে বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী গৰাকীৰ হৈ কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ।

ইপিনে, সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰপেটা লোকসভা সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।‌সেই দিশৰ পৰা তেওঁ সমষ্টিটোৰ‌ ভোটাৰৰ বাবে চিনাকি মুখ। লক্ষণীয় যে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত মাত্ৰ এটা সমষ্টি বৰপেটাত চি পি আই এমৰ প্ৰাৰ্থী দিয়াৰ‌ বাবে অসমৰ বিভিন্ন ঠাইত থকা দলৰ প্ৰায়‌ভাগ কৰ্মী এই‌ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। চি পি আই দলেও তেওঁক সমৰ্থন দিছে । নামনি অসমত বিশেষকৈ বৰপেটা জিলাত চি পি আই (এম)ৰ সাংগঠনিক ভেটিও‌ শক্তিশালী । দুদিন পূৰ্বে ত্ৰিপুৰাৰ‌ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে তেওঁৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়‌ । চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে ৰাইজৰ দলে আৰু এ আই ইউ ডি এফ দলে চি পি আই (এম)ৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি নৈতিক ‌সমৰ্থন‌ আগবঢ়াইছে ।

আজি সৰ্থেবাৰীত হোৱা চি পি আই (এম)ৰ প্ৰাৰ্থীৰ নিৰ্বাচনী সভাত ৰাইজৰ দলৰ উপদেষ্টা ঘনেশ্যাম নাথে অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত বৃহৎ জয় লাভ কৰিছিল কংগ্ৰেছ দলে । ১,৩৫,৪৪৫টা ভোটত বিজয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে । সমষ্টিটোত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফৰ মাজত হৈছিল মূল যুঁজ । তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আব্দুল খালেকে ৬,৪০,২২৭টা ভোট পোৱাৰ বিপৰীতে অগপৰ কুমাৰ দীপক দাসে ৫,০৪,৭৮২টা আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰিছিল ২,৪৪,৭৮৯টা ভোট । সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে ১০টা বিধানসভা সমষ্টি ।

বৰপেটা লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে -অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ-সৰভোগ, বৰপেটা (এছ চি),পকাবেতবাৰী, বজালী, হাজো-শুৱালকুছি (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু।সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত নতুন ভোটাৰ তালিকা অনুসৰি বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ‌ সংখ্যা ১৯, ৪৯,৮৭৩ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৯,৮৮,৫৭০ গৰাকী আৰু মহিলা ভোটাৰ ৯,৬১,২৭৬ গৰাকী আৰু তৃতীয় লিঙ্গৰ‌ ভোটাৰ ২৭ গৰাকী । পূৰ্বৰ বৰপেটা লোকসভা এই সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ১৬,৭৬,৮৫৪ জন আছিল । ইয়াৰে পুৰুষ ভোটাৰ ৮,৬৫,৩০০জন আৰু মহিলা ভোটাৰ ৮,১১,৫৩৮গৰাকী আছিল । আকৌ তৃতীয় লিংগৰ ভোটাৰ ১৬গৰাকী ।‌ গতিকে ইয়াৰ‌ পৰা দেখা যায় বৰপেটা লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । অৰ্থাৎ বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৭৩,০১৯ গৰাকী বৃদ্ধি পাইছে ।

লোকসভা সমষ্টিটো সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত সংখ্যালঘু ভোটাৰৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পাইছে যদিও বৰ্তমান সমষ্টিটোত থকা ৩০ শতাংশ সংখ্যালঘু ভোটাৰে নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা ‌ল'ব।

ধুবুৰী লোকসভাত নিৰ্বাচনী যুজ: ২০০৯ চনৰ পৰা তিনিবাৰকৈ সাংসদ হোৱা এ আই ইউ ডি এফ সাংসদ বদৰুদ্দিন আজমলক কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে তীব্র প্রত্যাহ্বান জনাইছে । অসম গণ পৰিষদৰ জাবেদ ইছলামো এজন শক্তিশালী প্রার্থী হিচাপে থিয় দিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, পীয়ুষ হাজৰীকা আদিয়ে জাবেদ ইছলামৰ সমৰ্থনত কেবাখনো নিৰ্বাচনী প্ৰচাৰ কৰাৰ‌ পিছত ইছলামে শক্তিশালী প্ৰাৰ্থী হিচাপে থিয় দিছে। ধুবুৰী লোকসভা সমষ্টিত সর্বমুঠ ২৬,৬৩,৯৮৭ গৰাকী ভোটাৰ আছে। ২০২৩ চনত সমষ্টি পুননিৰ্দ্ধাৰণ হোৱাৰ পাছত ১১টা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্তিৰে সমষ্টিটোৰ ভৌগোলিক মানচিত্র সলনি কৰা হৈছে ৷

ধুবুৰী লোকসভা সমষ্টিত বিধানসভা সমষ্টিভেদে ৰাজনৈতিক অংক বেলেগ বেলেগ হৈছে । আজমলৰ জনপ্ৰিয়তা ক্রমে হ্রাস হ'বলৈ ধৰাৰ সুযোগ গ্ৰহণ কৰিছে ৰকিবুল হুছেইনে । তৰুণ গগৈ চৰকাৰৰ সময়ৰ মন্ত্ৰী কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজমলৰ ধুবুৰীৰ ভোট বেংকত খহনীয়া সৃষ্টি কৰিবলৈ সক্ষম হৈছে । লক্ষণীয় যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধুবুৰীৰ নিৰ্বাচনী ৰাজনীতি এসপ্তাহৰ ভিতৰতেই সলনি কৰিবলৈ সক্ষম হৈছে । গগৈয়ে মাৰাথন গতিত দিনে নিশাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আছে ।‌ শেষ মুহূৰ্তত কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে সমষ্টিটোত প্ৰচাৰ চলোৱাত যুঁজ অধিক আকৰ্ষণীয় হৈ পৰিছে ।

সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিটোত বিধানসভাৰ ১০টা আছিল । বিধানসভা সমষ্টি কেইটা আছিল ২১ নং মানকাচৰ , ২২ নং দক্ষিণ শালমাৰা , ২৩ নং ধুবুৰী , ২৪ নং গৌৰীপুৰ, ২৫ নং গোলোকগঞ্জ, ২৬ নং পশ্চিম বিলাসীপাৰা, ২৭ নং বিলাসীপাৰা (পূৱ), ৩৭ নং গোৱালপাৰা (পূব), ৩৮ নং গোৱালপাৰা (পশ্চিম), ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি । সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত ধুবুৰী লোকসভা সমষ্টিৰ সমষ্টিটোত বিধানসভাৰ সংখ্যা ১১টালৈ বৃদ্ধি হয় ।

বিধানসভা সমষ্টি কেইটা হ'ল- গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং-জৰুৱা, বিলাসীপাৰা, মানকাচাৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি।উল্লেখ্য যে সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১৮,৪৪,০৪০ গৰাকী। বৰ্তমান ধুবুৰী লোকসভা সমষ্টিত সর্বমুঠ ২৬,৬৩,৯৮৭ গৰাকী ভোটাৰ হৈছে। সমষ্টিটোত সংখ্যালঘু ভোটাৰৰ সংখ্যা‌ প্ৰায় ৮০ শতাংশ। এই ক্ষেত্ৰত এ আই ইউ ডি এফ , অ‌গ‌‌প আৰু‌ কংগ্ৰেছৰ কোনজন প্ৰাৰ্থীয়ে সংখ্যালঘুৰ ভোট আদায় কৰাত সমৰ্থন‌ হয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁলোকৰ বিজয়ী ।

লগতে পঢ়ক:আজমলক ৰণত পেলাব পাৰিবনে ৰকিবুলে ? শক্তি দেখুৱাব পাৰিবনে অগপৰ জাভেদে ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.