ETV Bharat / politics

৭ খন লোকসভা আসনৰ বাবে দিল্লীত আজি ভোটদান; বিজেপি-ইণ্ডিয়াৰ পোনপটীয়া যুঁজ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 6:57 AM IST

Delhi Lok Sabha Election : দিল্লীৰ ৭ খন লোকসভা আসনৰ আটাইকেইখনতে শনিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ৰাষ্ট্ৰীয় ৰাজধানীত এইবাৰ বিজেপি আৰু ইণ্ডিয়া ব্লকৰ মাজত পোনপটীয়া যুঁজ হৈছে । ইণ্ডিয়া ব্লকত কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

Delhi Lok Sabha Election
দিল্লীত লোকসভা নিৰ্বাচনৰ বাবে সাজু কৰা মডেল ভোটকেন্দ্ৰ (ETV Bharat)

নিউজ ডেস্ক, ২৫ মে' : চলিত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে অনুষ্ঠিত হৈছে । এই পৰ্যায়ত দিল্লী লোকসভাৰ ৭ খন আসনৰ আটাইকেইখনতে নিৰ্বাচন অনুষ্ঠিত হৈছে । ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপি আৰু ইণ্ডিয়া ব্লকৰ মাজত এইবাৰ পোনপটীয়া যুঁজ হৈছে ।

দেশৰ ৰাজধানীৰ সাতখন আসনৰ বাবে ২,৬২৭ টা স্থানত ১৩,০০০ তকৈও অধিক ভোটকেন্দ্ৰত ৮২ লাখ পুৰুষ আৰু ৬৯ লাখ মহিলা ভোটাৰৰ লগতে ১,২২৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ সহিতে মুঠ ১.৫২ কোটি ভোটাৰে ভোটদান কৰিব । আনহাতে, এইবাৰনিৰ্বাচনত প্ৰথমবাৰৰ বাবে ২.৫২ লাখতকৈও অধিক ভোটাৰে তেওঁলোকৰ প্ৰথম ভোটদান কৰিব বুলি আশা কৰা হৈছে ।

ইণ্ডিয়া ব্লকৰ অংশীদাৰ : কংগ্ৰেছ আৰু অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে (আপ) দিল্লীৰ নিৰ্বাচনৰ বাবে প্ৰাক-নিৰ্বাচনী বুজাবুজিত উপনীত হৈছে । আপে চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে বাকী তিনিখন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে । আনহাতে, বিজেপিয়ে সাতখন আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে ।

মুখ্য ভোটাৰ

যিহেতু ৰাষ্ট্ৰীয় ৰাজধানীত ভোটদান হৈ আছে, সেয়ে শনিবাৰে কেইবাগৰাকীও গণ্য-মান্য তথা বিশিষ্ট ব্যক্তিয়ে ভোটদান কৰিব । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় ৰাজধানীত ভোটাধিকাৰ সাব্যস্ত কৰিব । এই চহৰৰ বাসিন্দা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীও মুখ্য ভোটাৰসকলৰ ভিতৰত আছে ।

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালো বিশিষ্ট ভোটাৰসকলৰ ভিতৰত আছে । ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ আৰু বীৰেন্দ্ৰ ছেহৱাগো চহৰখনৰ ভোটাৰ ।

মুখ্য প্ৰাৰ্থী

আপে পূব দিল্লীৰ আসনৰ পৰা কুলদীপ কুমাৰ, পশ্চিম দিল্লীৰ পৰা মহাবল মিশ্ৰ, নতুন দিল্লীৰ পৰা সোমনাথ ভাৰতী আৰু দক্ষিণ দিল্লীৰ পৰা চাহি ৰাম পহেলৱানক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । কংগ্ৰেছে চান্দনী চ'কৰ পৰা জে পি আগৰৱালা, ছাত্ৰ নেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা কানহাইয়া কুমাৰক উত্তৰ-পূব দিল্লীৰ পৰা আৰু উদিত ৰাজক উত্তৰ পশ্চিম দিল্লী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

আনহাতে, বিজেপিয়ে উত্তৰ-পূব দিল্লীৰ পৰা মনোজ তিৱাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তেওঁ হৈছে দিল্লীৰ বৰ্তমানৰ একমাত্ৰ সাংসদ, যাক দলটোৱে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । গেৰুৱা দলটোৱে ৰামবীৰ সিং বিধুৰীক দক্ষিণ দিল্লীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । লগতে নতুন দিল্লী সমষ্টিৰ পৰা জ্যেষ্ঠ বিজেপি নেত্ৰী প্ৰয়াত সুষমা স্বৰাজৰ কন্যা বনচুৰী স্বৰাজক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

ইয়াৰ উপৰি বিজেপিয়ে পূব দিল্লীৰ পৰা হৰ্ষ দীপ মলহোত্ৰা, উত্তৰ পশ্চিম দিল্লীৰ যোগেন্দ্ৰ চান্দোলিয়া, চান্দনী চ'কৰ পৰা প্ৰবীণ খাণ্ডেলৱাল আৰু পশ্চিম দিল্লীৰ পৰা কমলজিৎ চেহৰাৱতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

মূল পৰিসংখ্যা

মুঠ ২৫.৮৭ লাখ ভোটাৰেৰে পশ্চিম দিল্লী সমষ্টিটো হৈছে দিল্লীৰ সৰ্ববৃহৎ লোকসভা সমষ্টি । আনহাতে, ১৫.২৫ লাখ ভোটেৰে নতুন দিল্লী সমষ্টিটো আটাইতকৈ সৰু । সাতটা সমষ্টিৰ ভিতৰত উত্তৰ পশ্চিম দিল্লী সমষ্টিটো একমাত্ৰ সংৰক্ষিত সমষ্টি ।

দিল্লীত ২,৮৯১ টা গুৰুত্বপূৰ্ণ ভোটকেন্দ্ৰ আছে । ৰাষ্ট্ৰীয় ৰাজধানীত ৭০ টা গুলপীয়া বুথ স্থাপন কৰা হৈছে আৰু সেইবোৰ কেৱল মহিলা বিষয়াসকলৰ দ্বাৰাহে পৰিচালিত হ'ব । ৰাষ্ট্ৰীয় ৰাজধানীত ৭০ টা মডেল ভোটকেন্দ্ৰও স্থাপন কৰা হৈছে ।

নিৰাপত্তা বৃদ্ধি

দিল্লী আৰক্ষীয়ে শান্তিপূৰ্ণ, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ৬০,০০০ কৰ্মচাৰীৰ সৈতে এক বৃহৎ সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছে । নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ড, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ পৰা অৰ্ধসামৰিক বাহিনীৰ ৫১ টা কোম্পানী আৰু ১৩,৫০০ গৃহৰক্ষী আৰু ড্ৰোণ আৰু চিচিটিভি কেমেৰায়ো এই ব্যৱস্থাটো শক্তিশালী কৰিব । ভোটকেন্দ্ৰসমূহত প্ৰায় ৩৩,০০০ আৰক্ষী আৰু অৰ্ধসামৰিক কৰ্মী নিযুক্ত কৰা হ'ব, ইয়াৰে ভিতৰত আছে ৪২৯ টা সংবেদনশীল ভোটকেন্দ্ৰ ।

ভোটকেন্দ্ৰত প্ৰদান কৰা সুবিধাসমূহ

দেশৰ ৰাজধানীৰ ভোটকেন্দ্ৰসমূহত ৰেম্প, শৌচালয় আৰু খোৱাপানীৰ দৰে সুবিধা প্ৰদান কৰা হ'ব । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অৱশ্যে তীব্ৰ গ্ৰীষ্মপ্ৰৱাহৰ পূৰ্বানুমান কৰিছে ।

লগতে পঢ়ক :কাশ্মীৰ উপত্যকাত নিৰ্বাচনৰ পৰিৱৰ্তিত পৰিস্থিতি; অতীত আৰু বৰ্তমানৰ তুলনামূলক স্থিতি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.