ETV Bharat / politics

কংগ্ৰেছ দলৰ বৰ্তমানৰ নীতি হ'ল গান্ধীবাদৰ সলনি মাওবাদী: মনোজ বৰুৱা - MANOJ BARUAH CRITICIZED CONGRESS

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 8:12 AM IST

compulsory deposit scheme actcompulsory deposit scheme act
কংগ্ৰেছ দলৰ বৰ্তমানৰ নীতি হ'ল গান্ধীবাদৰ সলনি মাওবাদী : মনোজ বৰুৱা

MANOJ BARUAH ON CONGRESS : বুধবাৰে দলৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত আয়োজন কৰা হয় এক সংবাদমেলৰ ৷ এই সংবাদমেলতে কংগ্ৰেছ দলৰ বৰ্তমানৰ নীতি গান্ধীবাদৰ সলনি মাওবাদী বুলি সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই ।

কংগ্ৰেছ দলৰ বৰ্তমানৰ নীতি হ'ল গান্ধীবাদৰ সলনি মাওবাদী : মনোজ বৰুৱা

গুৱাহাটী, ২৫ এপ্ৰিল : "তুষ্টিকৰণৰ ৰাজনীতিত নিমগ্ন কংগ্ৰেছ দলে ৬০ বছৰৰো অধিক কালজুৰি দেশৰ জনসাধাৰণৰ ব্যক্তিগত অধিকাৰত হস্তক্ষেপ কৰি আহিছিল ৷ যাৰ বাবে স্বৰাজোত্তৰ ৬ দশকৰো অধিক কাল কংগ্ৰেছ শাসনত থকাৰ পাচতো দেশৰ অৱস্থা তথৈবচ আছিল । অৱশ্যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন হোৱাৰ পাচত দেশৰ সৰ্বদিশতে বিপুল পৰিৱৰ্তন সাধন সম্ভৱ হৈছে ।" এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ ।

বুধবাৰে দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত আয়োজিত এক সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয় যে কংগ্ৰেছ দলৰ বর্তমান নীতি গান্ধীবাদৰ সলনি মাওবাদহে । কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা কেইবাটাও সিদ্ধান্তই দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু দেশৰ আভ্যন্তৰীণ বিধি ব্যৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি সংবাদমেলত বৰুৱাই উল্লেখ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিশেষকৈ দেশৰ নাগৰিকৰ ব্যক্তিগত জমা পুঁজি, সম্পত্তি আনকি মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকৰ ভৱিষ্যত নিৰাপত্তাৰ সম্বলস্বৰূপ ফিক্সড ডিপজিট (FD) পর্যন্ত অনুসৰণৰ সিদ্ধান্ত নাগৰিকৰ মৌলিক অধিকাৰৰ পৰিপন্থী ৷ লগতে মাতৃ সমাজৰ আভূষণ স্বৰূপ আ-অলংকাৰৰ তথ্য সংগ্ৰহৰ ঘোষণাও কংগ্ৰেছৰ মাওবাদী চৰিত্ৰৰ প্ৰকাশেই মাথোঁ ।

উল্লেখ্য যে, পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ আমোলত ১৯৬৩ আৰু ১৯৭৪ চনত মানুহৰ উপাৰ্জন জব্দ কৰিবলৈ একেধৰণৰ আইন প্ৰণয়ন কৰিছিল । "compulsory deposit scheme act"ৰ অধীনত সকলো কৰদাতা, সম্পত্তি ধাৰী আৰু চৰকাৰী কৰ্মচাৰীয়ে উপাৰ্জনৰ ১৮ শতাংশ চৰকাৰৰ ওচৰত জমা দিবলগীয়া হৈছিল । এইবেলিৰ লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰকাশিত ইস্তাহাৰেও পূৰ্বৰ সেই ভয়াৱহ দিনৰে ইংগিত বহন কৰিছে ।

আকৌ তাহানিৰে পৰা এতিয়ালৈ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত তুষ্টিকৰণৰ অসংখ্য প্ৰতিশ্ৰুতিৰে ভৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰে । পৰিয়ালতন্ত্ৰত বিশ্বাসী কংগ্ৰেছ দলৰ নেতাসকলে দেশক লুটপাত কৰি নিজৰ সাম্ৰাজ্যৰ সৃষ্টি কৰিছে ৷ কিন্তু দেশক একো দিব পৰা নাই । কংগ্ৰেছীসকলে জনসাধাৰণৰ ধন আৰু দেশ লুণ্ঠনক জন্মগত অধিকাৰ বুলি গণ্য কৰে ।

মুখ্য মুখপাত্ৰগৰাকীয়ে পুনৰাই কয় যে কংগ্ৰেছীসকলৰ এনে শোষণ আৰু বঞ্চনাৰ বিপৰীতে বিগত দহটা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো উন্নয়নৰ বন্য বৈছে । বিগত দহ বছৰত ২৭ বাৰ অসম ভ্ৰমণ আৰু ৫০ বাৰতকৈ অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণেৰে মোদীয়ে অঞ্চলটোলৈ বিকাশৰ অমোঘ মন্ত্ৰ লৈ আহিছে ।

লগতে পঢ়ক : দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৫ টা সমষ্টিৰ জনগাঁথনিগত বিশ্লেষণ - Lok Sabha Election 2024

লগতে পঢ়ক : নিশা নগাঁও আৰক্ষী থানাত কি কৰিছে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনে ? - PRADYUT ROCKYBUL AT POLICE STATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.