ETV Bharat / politics

সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবলৈ লুৰীণজ্যোতিক সমৰ্থন চিপিআই(এম)ৰ - cpim supports lurinjyoti gogoi

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 7:03 PM IST

Dibrugarh Lok Sabha constituency: সোণোৱালক নিৰ্বাচনত পৰাজিত কৰাৰ বাবে চিপি‌আই(এম ) বদ্ধপৰিকৰ ৷ চি‌পিআই (এম)ৰ ৰাজ্যিক সম্পাদক‌ সুপ্ৰকাশ তালুকদাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰিছে ।

CPIM press meet in Guwahati
চি‌পিআই (এম)ৰ সংবাদমেল

চি‌পিআই (এম)ৰ সংবাদমেল

গুৱাহাটী, ২৩ মাৰ্চ: "কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ এইবাৰৰ নিৰ্বাচনী লোকসভা নিৰ্বাচন সুখকৰ নহয় । কাৰণ সৰ্বানন্দ সোণোৱালৰ‌ বিৰুদ্ধে এইবাৰ শক্তিশালী প্ৰাৰ্থী অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰক্ষেপ কৰা হৈছে ।" এই মন্তব্য় চি‌পিআই (এম)ৰ ৰাজ্যিক সম্পাদক‌ সুপ্ৰকাশ তালুকদাৰৰ । ‌আজি গুৱাহাটীত চিপিআই (এম)ৰ‌ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত চি‌পিআই (এম)ৰ ৰাজ্যিক সম্পাদক‌ সুপ্ৰকাশ তালুকদাৰে এইদৰে মন্তব্য় কৰি কয় যে কংগ্ৰেছ দলে এই‌ সমষ্টিটো অজাপক এৰি দিছে । আনহাতে, ৰাইজৰ দলে লুৰীণকে সমৰ্থন কৰিছে । এতিয়া আকৌ চি পি আই এম দলে শনিবাৰে মুকলিকৈ সংবাদমেলৰ জৰিয়তে সোণোৱালক পৰাজিত কৰাৰ‌ বাবে লুৰীণক সমৰ্থন দিয়াৰ কথা‌ ঘোষণা কৰিছে । যাৰ‌‌ বাবে এতিয়া বিজেপিৰ শক্তিশালী প্ৰাৰ্থী বুলি জনাজাত সোণোৱালৰ বাবে লুৰীণজ্যোতি বৃহৎ প্ৰত্যাহ্বান হিচাবে দেখা দিছে ।

সংবাদমেলখনত চি‌পিআই (এম)ৰ ৰাজ্যিক সম্পাদক‌ সুপ্ৰকাশ তালুকদাৰে কয়,"পাৰ্টীয়ে প্ৰথম পৰ্যায়ৰ বাবে অসমৰ যিকেইটা সমষ্টিত নিৰ্বাচন হয়, তাৰে ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে থিয় হোৱা অজাপৰ লুৰীণজ্যোতি গগৈৰ সমৰ্থনত জোৰদাৰ প্ৰচাৰ‌ চলাব, যাতে সোণোৱালক পৰাজিত কৰিব পৰা যায় । "

তেওঁ পুনৰ কয়,"সোণোৱালে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমত 'কা' আন্দোলনৰ সময়ত অসমবাসীৰ হৈ এষাৰ‌ মাত নামাতিলে । তেওঁ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী থকাৰ‌ সময়তে 'কা' আন্দোলনত পাঁচজন অসমীয়া যুৱক শ্বহীদ হৈছিল । এইগৰাকী সোণোৱালে আজিলৈকে শ্বহীদ হোৱা যুৱককেইজনৰ‌ মাতৃক এষাৰ মাত দিবলৈ পৰিয়ালৰ ওচৰলৈ নগ'ল । গতিকে এইগৰাকী সোণোৱালক নিৰ্বাচনত পৰাজিত কৰাৰ বাবে চিপি‌আই (এম ) বদ্ধপৰিকৰ । "

লগতে পঢ়ক:গণতন্ত্ৰক হত্যা কৰিছে বিজেপিয়ে: লুৰীণজ্যোতি গগৈ - LOK SABHA ELECTIONS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.