ETV Bharat / politics

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিপৰীতে ধেমাজি কংগ্ৰেছত খহনীয়া

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 11:18 AM IST

congress worker joins bjp in dhemaji
ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিপৰীতে ধেমাজি কংগ্ৰেছত খহনীয়া

Congress worker joins BJP : কংগ্ৰেছত খহনীয়া অব্যাহত ৷ এইবাৰ ধেমাজিৰ জিলা কংগ্ৰেছৰ কেইবাজনো নেতাই মঙলবাৰে বিজেপিত যোগদান কৰে ৷

জোনাই, 24 জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ ‘24ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে উত্তৰ-পূৰ্বাঞ্চলত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ মণিপুৰৰ পৰা আৰম্ভ হোৱা যাত্ৰাই নাগালেণ্ড হৈ 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰিছিল ৷ আজিও অসমতে চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ যি সময়ত কংগ্ৰেছৰ নেতাসকলে ভাৰত ন্যায় যাত্ৰাই ৰাইজৰ মাজত ব্যাপক সহাঁৰি লাভ কৰিছে বুলি কৈ থকাৰ মাজতে খহনীয়া আৰম্ভ হৈছে কংগ্ৰেছত ৷

ধেমাজি-লখিমপুৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰা দুটা দিন হ’ল ৷ তেনে সময়তে ধেমাজি জিলা কংগ্ৰেছৰ কেইবাজনো নেতাসহ কংগ্ৰেছ কৰ্মীয়ে মঙলবাৰে বিজেপিত যোগদান কৰে ৷ চিলাপথাৰ হোটেল নভা পেলেছত অনুষ্ঠিত যোগদান কাৰ্যসূচীত জোনাই অঞ্চলৰ কংগ্ৰেছ দলৰ ৰোস্তম পেগু, বিপুল পাতিৰ, অশ্বিনী পেগু, ৰাজু দলেৰ লগতে প্ৰায় বিশজনকৈ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বাবে বিজেপিত যোগদান কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান ৷

এফালে তৃণমূল পৰ্যায়ত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে চেষ্টা অৱ্যাহত আছে ৷ কিন্তু ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়তো কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদানৰ খবৰ প্ৰকাশ পাইছে ৷ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য দল ত্যাগ কৰিছিল ৷ মঙলবাৰেও সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতি ধেমাজি জিলাৰ কেইবাজনো কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কোনো ফেক্টৰেই নহয় বিজেপিৰ বাবে; বিধায়ক বিনোদ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.