ETV Bharat / politics

অগপ-এ আই ইউ ডি এফে প্ৰাৰ্থী দিয়াৰ পিচতহে কংগ্ৰছে ঘোষণা কৰিব অসমৰ প্ৰাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 8:22 PM IST

Congress Candidates List : কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চই এতিয়াও প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই ৷ অসমত নিজৰ প্ৰাৰ্থী ঘোষণাৰ বাবে কংগ্ৰেছে অপেক্ষা কৰিছে অগপ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী তালিকা প্ৰকাশলৈ ৷

Congress Candidates List
আউল শেষ হোৱাই নাই কংগ্ৰেছৰ

গুৱাহাটী, 6 মাৰ্চ : কোনে ক’ত লোকসভা নিৰ্বাচন খেলিব তাকে লৈ আউল শেষ হোৱাই নাই কংগ্ৰেছৰ ৷ 10 মাৰ্চৰ পূৰ্বে প্ৰাৰ্থী ঘোষণা নকৰে কংগ্ৰেছে ৷ ধুবুৰী, নগাঁও আৰু যোৰহাটক লৈ এতিয়াও সমীকৰণত প্ৰশ্নবোধক ৷ অপেক্ষা অগপ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী তালিকালৈ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে 11 টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰি অসমত বিজেপিয়ে লোকসভা নিৰ্বাচনলৈ প্ৰচাৰত জপিয়াই পৰিছে ৷ বিপৰীতে এতিয়াও কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চই প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই ৷ প্ৰথমে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰিছিল যে 8 মাৰ্চত প্ৰাৰ্থী ঘোষণা কৰিব কংগ্ৰেছে ৷ কিন্তু পুনৰ অসমত কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ দিন পিছুৱাইছে দলটোৱে ৷ 10 মাৰ্চৰ পিচতহে ঘোষিত হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ৷ অসমত নিজৰ প্ৰাৰ্থী ঘোষণাৰ বাবে কংগ্ৰেছে অপেক্ষা কৰিছে অগপ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী তালিকা প্ৰকাশলৈ ৷

“আমি প্ৰথমে অগপ আৰু এ আই ইউ ডি এফৰ তালিকাখন চাই লও ৷ তাৰ পিচতহে আমি তালিকা প্ৰকাশ কৰিম ৷ বিজেপিৰ তালিকাখন চালো ৷ এতিয়া এওঁলোকৰ তালিকাখন চাই লও ৷"- প্ৰাৰ্থী তালিকা সন্দৰ্ভত বুধবাৰে এই মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ উল্লেখযোগ্য যে অগপই 10 মাৰ্চত নিজৰ ভাগত পৰা দুই সমষ্টি বৰপেটা আৰু ধুবুৰী সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব বুলি সদৰী কৰিছে ৷ অৰ্থাৎ 10 মাৰ্চৰ পিচতহে কংগ্ৰেছে ঘোষণা কৰিব অসমৰ প্ৰাৰ্থিত্ব ৷ আনহাতে ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থী দিব এ আই ইউ ডি এফে ৷ এ আই ইউ ডি এফে এতিয়াও ঘোষণা কৰা নাই প্ৰাৰ্থী ৷ ধুবুৰীত বদৰুদ্দিন আজমল আৰু নগাঁৱত ধিঙৰ বিধায়ক আমিনুল ইছলাম এ আই ইউ ডি এফৰ প্ৰাৰ্থী হ’ব সেয়া নিশ্চিত, ঘোষণাহে বাকী ৷

কিন্তু চৰ্চাৰ বিষয়টো হ’ল শাসকীয় বিজেপিয়ে সকলো প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত দিন-ৰাতি একাকাৰ কৰি কৰিছে ৷ আনফালে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চই এতিয়াও প্ৰাৰ্থী লৈ ঐক্যমত্যত উপনীত হ’ব পৰা নাই ৷ আনকি বুধবাৰৰ দিনাও দিছপুৰত প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰ সংখ্যালঘু বিধায়ক সকলৰ মাজত চলিছে বৈঠক ৷ ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবেই এই বৈঠক আয়োজন কৰিছিল বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ দিছপুৰৰ আবাসগৃহত । ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদানৰ ঘোৰ বিৰোধিতা কৰি আহিছে দুই বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু আব্দুৰ ৰচিদ মণ্ডলে ৷ এই বিদ্ৰোহৰ ফলত ধুবুৰীত নিৰ্বাচন নেখেলো বুলি ৰাষ্ট্ৰীয় নেতৃত্বক কৈ দিম বুলি সংবাদ মাধ্যমৰ সন্মুখত বাধ্য হৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল ৰকিবুল হুছেইনে ৷

এক কথাত ধুবুৰীত এতিয়াও কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব সেয়া ঠিৰাং কৰিবলৈ সক্ষম হোৱা নাই ৷ একেদৰে এতিয়াও গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে ক’ত নিৰ্বাচন খেলিব সেয়া অস্পষ্ট ৷ লখিমপুৰ, শোণিতপুৰ ক’তোৱেই মিলা নাই প্ৰাৰ্থীৰ সমীকৰণ ৷ আজি বুধবাৰে কংগ্ৰেছৰ সৈতে মিত্ৰতা ছেদ কৰি 4 টাকৈ লোকসভা সমষ্টিত নিজাকৈ প্ৰাৰ্থী দিব বুলি ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছে ৷ মুঠতে অসমত প্ৰাৰ্থীৰ বাবে এতিয়াও অংক মিলা নাই কংগ্ৰেছৰ ৷ সেয়ে লৈছে কিছু সময়, অপেক্ষা অগপ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী তালিকালৈ ৷

লগতে পঢ়ক : কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিব তৃণমূল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.