ETV Bharat / politics

বটদ্ৰৱা দৰ্শন নহ’ল ৰাহুল গান্ধীৰ; মুখ্যমন্ত্ৰীৰ ওপৰতে সমস্ত ক্ষোভ জাৰিলে কংগ্ৰেছ নেতৃত্বই

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:51 PM IST

Bharat Jodo Nyay Yatra: বটদ্ৰৱা দৰ্শনত বাধা ৰাহুল গান্ধীক ৷ এই কথা সহজে ল’ব পৰা নাই কংগ্ৰেছে ৷ মৰিগাঁৱত সংবাদমেল যোগে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, ভূপেন বৰা, গৌৰৱ গগৈ আদিৰ ৷

Batadrava Than
Bharat Jodo Nyay Yatra
বটদ্ৰৱা দৰ্শন নহ’ল ৰাহুল গান্ধীৰ

মৰিগাঁও, 22 জানুৱাৰী: সোমবাৰেও ব্যতিক্ৰম নহ’ল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ যোৱা 18 জানুৱাৰীত অসমত প্ৰৱেশৰ সময়ত লাভ কৰা বিভিন্ন বাধাৰ পিচত প্ৰায় প্ৰতিটো দিনেই প্ৰত্যাহ্বান নেওচি অসমত সমদল কৰিবলগীয়া হৈছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ দেওবাৰে চতিয়া আৰু চামগুৰিত প্ৰতিবাদৰ সন্মুখীন হৈছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা ৷ সোমবাৰে বটদ্ৰবা থান দৰ্শন বাতিল কৰিব লগীয়া হ’ল তেওঁ ৷

অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে বৰদোৱা থানৰ চৌহদতো কাৰ্যসূচী আয়োজনৰ দোহাই দি ৰাহুল গান্ধীক প্ৰৱেশত বাধা দিয়া হয় ৷ কিন্তু সাংসদ গৌৰৱ গগৈয়ে বটদ্ৰবা থানত প্ৰৱেশ কৰি দেখে যে, তাত কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হোৱা নাই পুৱা দহ বজালৈ ৷ থান পৰিচালনা সমিতিয়ে ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই বিয়লি 3 বজাৰ পিচত বটদ্ৰবা থান দৰ্শন কৰিবলৈ জাননী জাৰি কৰে ৷ এই কাৰ্যত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব ৷

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে, বটদ্ৰৱা থানত ৰাহুল গান্দীক প্ৰৱেশত বাধা দি হিমন্ত বিশ্ব শৰ্মাই কাললৈ কুখ্যাতি ৰাখিলে ৷ ৰাহুল গান্ধীৰ অনুষ্ঠান ব্লেক আউট কৰিবলৈ সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীক ধমক দিব লাগিছিল বুলি উল্লেখ কৰি গগৈয়ে কয় যে, ইতিমধ্যে বহুতো সংবাদ মাধ্যমে ৰাহুল গান্ধীক ব্লেক আউট কৰিছেই ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় য়ে ড৹ শৰ্মাই শংকৰদেৱক গুৰু বুলি মানে নে নামানে তাত সন্দেহ আছে ৷ মুখ্যমন্ত্ৰীৰ মানসিকতাক সংৰক্ষণশীল আখ্যা দি তেওঁ শংকৰদেৱৰ শিষ্য হ’ব নোৱাৰে বুলি কয় বৰাই ৷

ইফালে জয়ৰাম ৰমেশে কয় যে, এইধৰণৰ কাৰ্যক সহ্য কৰা নহ’ব ৷ সদায় আমাৰ মনত এটাই চিন্তা হৈ আছে যে সুৰক্ষা যাতে বিঘ্নিত নহয় ৷ ৰাহুল গান্ধীয়ে দেওবাৰে নিজেই প্ৰতিবাদীৰ সমুখলৈ আহি নমস্কাৰ দিয়াৰ লগতে কথা-বতৰা পাতে ৷ আমি কেতিয়াও এনেকুৱা পদক্ষেপ নলওঁ যাৰ দ্বাৰা সুৰক্ষা বিঘ্নিত হ’ব পাৰে ৷ যদি জেপি নাড্ডা, বজৰং দলে ৰেলী কৰিব পাৰে তেন্তে ভাৰত জোড়ো ন্যায় যাত্ৰা কিয় কৰিব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে জয়ৰাম ৰমেশে ৷

লগতে পঢ়ক: মৰিগাঁৱত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.