ETV Bharat / politics

লোকসভা নিৰ্বাচনত খেলিবলৈ হ’লে বুথ পৰ্যায়লৈকে শক্তিশালী হ'ব লাগিব : মীৰা বৰঠাকুৰ - Lok Sabha Election 2024

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লে বুথ পৰ্যায়লৈকে শক্তিশালী হ'ব লাগিব ৷ কংগ্ৰেছ এটা ডাঙৰ দল গতিকে যি সিদ্ধান্ত ল’ব দলৰ হিতৰ বাবে ল’ব ৷ এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৷

কাৰ ভাগত পৰিব গুৱাহাটী লোকসভা সমষ্টি
Lok Sabha Election 2024
author img

By ETV Bharat Assamese Team

Published : January 29, 2024 at 7:36 PM IST

2 Min Read
গুৱাহাটী লোকসভা সমষ্টিক লৈ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 29 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত কংগ্ৰেছ নেতৃত্বাধীন 15 টা দলৰ বিৰোধী ঐক্য মঞ্চৰ আসন ভাগ বাটোৱাৰাক লৈ স্থিতাৱস্থা অব্যাহত আছে ৷ কোনো এটা দলে নিজৰ স্থিতিৰ পৰা আঁতৰি আহিব বিচৰা নাই ৷ তাৰ‌ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনৰ টিকট বিচাৰি আৱেদন কৰা অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সোমবাৰে সমষ্টিটোৰ সন্দৰ্ভত বিৰোধী ঐক্য মঞ্চৰ অন্য ৰাজনৈতিক দল বিশেষকৈ আপৰ সাংগঠনিক ভেটি সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৷

তেওঁ কয় যে, সকলো দলে নিজৰ স্থিতি সবল‌ভাৱে প্ৰতিষ্ঠা কৰিবলৈ আসন বিচাৰিবই ৷ কিন্তু এটা দলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লে বুথ পৰ্যায়লৈকে শক্তিশালী হৈ থাকিব লাগিব ৷ কংগ্ৰেছে নিৰ্বাচনত হাৰিছে যদিও বুথ পৰ্যায়লৈকে দলটোৰ ভেটি সুদৃঢ় ৷ গতিকে দলে এই বিষয়সমূহ বিবেচনা কৰিব বুলি কয় তেওঁ ৷

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পুনৰ কয় যে, দল এটাই নিৰ্বাচনত টিকট বিচৰাত ভুল নাই ৷ কাৰণ টিকট নিবিচাৰিলে মানুহে এই দলক সমৰ্থন কৰি কোনো লাভেই নাই বুলি ভাবিব ৷ গতিকে টিকট বিচাৰি আগদিনালৈকে হেঁচা প্ৰয়োগ কৰিব বুলি কয় বৰঠাকুৰে ৷ তেওঁ লগতে কয় যে, তেওঁলোকে জানে যে বুথ পৰ্যায়লৈকে সংগঠন নহ’লে লোকসভা নিৰ্বাচন জিকিব নোৱাৰে ৷ এই কথাটো তেওঁলোকে খুউব ভালদৰে জানে ৷ গতিকে ইয়াত হতাশ হ’বলগা বিশেষ একো নাই ৷ 2026 চনলৈকে এই মিত্ৰতা থাকিব ৷ গতিকে পৰৱৰ্তী সময়ত ৰাইজৰ সহায়-সহযোগিতাত তেওঁলোক আগবাঢ়ি যাব বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে ৷

তেওঁ আৰু কয় যে, গুৱাহাটীত তৃণমূল পৰ্যায়লৈকে জিলা কমিটি, ব্লক কমিটি, মণ্ডল, পঞ্চায়ত, বুথ পৰ্যায়লৈকে থাকিব লাগে সেইয়া বেলেগ দলৰ নাই ৷ কংগ্ৰেছ এটা ডাঙৰ দল গতিকে দলে যি সিদ্ধান্ত ল’ব দলৰ হিতৰ বাবে ল’ব বুলি কয় তেওঁ ৷

লগতে পঢ়ক : 14 টা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে পেনেল প্ৰস্তুত; কোন আছে কোন সমষ্টিত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.