সৰ্বানন্দ সোণোৱালক ভোট দিয়াৰ মুকলি আহ্বান এম জি ভি কে ভানুৰ - Lok Sabha elections 2024
Congress leader M G V K Bhanu: হঠাতে কংগ্ৰেছ নেতা তথা ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল কিয় ?

Published : April 17, 2024 at 4:04 PM IST
গুৱাহাটী, ১৭ এপ্ৰিল : এইবাৰ সৰ্বানন্দ সোণোৱালৰ পক্ষ লৈ ভোটদানৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনালে কংগ্ৰেছ নেতা তথা ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে । কংগ্ৰেছৰ যোগেদি সক্ৰিয় ৰাজনীতিলৈ অহা এম জি ভি কে ভানুৱে ডিব্ৰুগড়ৰ ৰাইজক কেন্দ্ৰীয় মন্ত্রী তথা লোকসভা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ভোট দিয়াৰ বাবে মুকলিকৈ জনালে আহ্বান ।
প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে কয়,"সোণোৱালে গোটেই জীৱন অসমৰ বাবে উচৰ্গা কৰিছে ।" সামজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভানুৱে কয় যে সোণোৱাল এজন ভাল মানুহ । সোণোৱাল জয়ী হ'লে পুনৰ কেন্দ্ৰীয় মন্ত্রী হ'ব আৰু অসমৰ বাবে কাম কৰি যাব । ৰাজনীতিত সোণোৱালৰ দৰে ভাল মানুহৰ প্ৰয়োজন আছে বুলি ভানুৱে মন্তব্য কৰি কয়, "মই নিজে ৩৫ বছৰ অসমত কাম কৰিছো ।" নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ডিব্ৰুগড় সমষ্টিৰ নিৰ্বাচনৰ প্ৰসংগত ভানুৱে কয় যে সৰ্বানন্দ সোণোৱালক ভোট দিলে তেওঁ জয়ী হৈ কেন্দ্ৰীয় মন্ত্রী হ'ব । সোণোৱালে ৰাজ্যৰ উন্নতি আৰু প্ৰগতিৰ বাবে কাম কৰিব ।
সৰ্বানন্দ সোণোৱালক ব্যক্তিগতভাৱে পোৱাৰ কথা প্ৰকাশ কৰি ভানুৱে কয়," সোণোৱাল এজন ভাল মানুহ আৰু ৰাজনীতিত এনে মানুহৰ প্ৰয়োজন আছে ।" সোণোৱালে অসমক মনে-প্ৰাণে ভাল পায় বুলি সদৰী কৰি ভানুৱে কয় যে অসমৰ উন্নয়নৰ বাবে জীৱনটো উচৰ্গা কৰিছে সোণোৱালে । সোণোৱালৰ দৰে মানুহ নৰেন্দ্ৰ মোদীৰ ওচৰত থাকিব লাগে আৰু তাৰ বাবে সোণোৱালক ভোট দিব লাগে বুলি ভানুৱে কয় ।
ইপিনে, হঠাতে কংগ্ৰেছ নেতা ভানু সোণোৱালৰ অনুগত হৈ পৰাৰ বিষয়টো ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰিছে । তৰুণ গগৈৰ কাৰ্যকালত মহাপ্ৰতাপী আমোলা হিচাপে পৰিচিত ভানুৱে অৱসৰৰ পিচত কংগ্ৰেছ দলত যোগদান কৰিছিল । আনকি ২০১৯ৰ লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিত ভানুৱে কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছিল । অৱশ্যে ভানু বিজেপিৰ পল্লৱ লোচন দাসৰ হাতত পৰাজিত হৈছিল ।

