ETV Bharat / politics

কংগ্ৰেছ দলটো এটা প্ৰাইভেট কোম্পানী, ৰাহুল গান্ধী পৰিচালন সঞ্চালক : পবিত্ৰ মাৰ্ঘেৰিটা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 8:49 PM IST

Pabitra Margherita : কংগ্ৰেছ নামৰ প্ৰাইভেট কোম্পানীটোৰ পৰিচালন সঞ্চালক ৰাহুল গান্ধী ৷ ভূপেন বৰা জ’নেল মেনেজাৰ ৷ পবিত্ৰ মাৰ্ঘেৰিটাই ক’লে এনেদৰে ৷ টানত পৰি কংগ্ৰেছে ৰামৰ নাম লোৱা বুলিও ক’লে সাংসদগৰাকীয়ে ৷

Pabitra Margherita
ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

গুৱাহাটী ৪ মে: ‘‘কংগ্ৰেছ দলটো এটা প্ৰাইভেট লিমিটেড কোম্পানী ৷ কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাহুল গান্ধী ৷ সেই কোম্পনীৰ অসমৰ জ’নেল মেনেজাৰ ভূপেন বৰা ৷ পৰিচালন সঞ্চালকৰ কথা মতেই ভূপেন বৰাই উঠা-বহা কৰে ৷’’- এইদৰে কংগ্ৰেছ দলৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে ব্যাখ্যা কৰিলে সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ৷

ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে কোম্পানীৰ মালিক কোন সমষ্টিত উঠে তেওঁৰ কথা ৷ মালিকৰ য’তেই ইচ্ছা ত’তেই উঠিব পাৰে বুলি মন্তব্য ৰাজ্যসভাৰ সাংসদগৰাকীৰ ৷ আনহাতে কংগ্ৰেছ নামৰ কোম্পানীটোত শেহতীয়াকৈ লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে ঠিকাভিত্তিক চাকৰিত যোগদান কৰা বুলিও সাংসদ মাৰ্ঘেৰিটাই মন্তব্য কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে শেহতীয়াকৈ গৌৰৱ গগৈয়ে ৰামৰ নাম লোৱাৰ বাবে ভালপোৱা বুলি ক’লে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ কিন্তু নিৰ্বাচনৰ সময়ত ৰামলৈ মনত পৰাত আচৰিত হোৱা বুলি কয় সাংসদগৰাকীয়ে ৷ মাৰ্ঘেৰিটাই কয়, ‘‘ 2007 চনত কংগ্ৰেছেই উচ্চতম ন্যায়ালয়ত কৈছিল শ্ৰীৰামচন্দ্ৰৰ অৱস্থিতিৰ সন্দৰ্ভত কোনো প্ৰামাণিক তথ্য নাই ৷ কংগ্ৰেছে হিন্দু ধৰ্মক ডেংগু, মেলেৰীয়া, কলেৰা, এইডছ আদিৰ লগত তুলনা কৰে ৷’’ টানত পৰি কংগ্ৰেছে ৰামৰ নাম লোৱা বুলি কয় পবিত্ৰ মাৰ্ঘেৰিটাই ৷

7 মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয়, ‘‘প্ৰথম আৰু দ্বিতীয় পযায়ৰ নিৰ্বাচনত ৰাইজ ওলাই আহিছিল ভোটদান কৰিবলৈ । আশা কৰো তৃতীয় পৰ্যায়তো এই ধাৰা অক্ষুণ্ণ থাকিব । বাকী থকা চাৰিটা সমষ্টিৰ নিৰ্বাচনত ৰাইজ ভোট দিবলৈ ওলাই আহিব বুলি আশা কৰা হৈছে ।’’

তদুপৰি তেওঁ কয়, ‘‘অন্য ৰাজ্যৰ তুলনাত ভোটদানৰ ক্ষেত্ৰত শীৰ্ষ তিনি স্থানত আছে অসম । মুখ্যমন্ত্ৰীয়ে ১ এপ্ৰিলৰ পৰা বৰ্তমান সময়লৈকে ১০০ খনৰো অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে । প্ৰতিটো সমষ্টিতে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ এয়া ৰাইজৰ আশীৰ্বাদ ।’’

লগতে পঢ়ক: উন্নয়ন কেৱল নামত হ’ব নে মানুহে প্ৰকৃতাৰ্থত সুবিধাও লাভ কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.