অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত আক্ষেপ প্ৰকাশ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীৰ - Lok sabha Election 2024
Kaziranga Lok Sabha constituency: কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ । বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছ নেত্ৰীগৰাকীৰ ৷ অগপৰ ভূমিকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ তিৰ্কীৰ ৷

Published : April 17, 2024 at 1:54 PM IST
গোলাঘাট, 17 এপ্ৰিল: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা-কৰ্মীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে মঙলবাৰৰ বিয়লি মহুৰামুখৰ উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ প্ৰথমে দিচৈ গাওঁ পঞ্চায়তৰ নিকৰি বালিগাওঁ তিনিআলিত অনুষ্ঠিত সভাত অংশগ্ৰহণৰ পিছতে উত্তৰ মহুৰাৰ বৰতল প্লেটফৰ্মত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
উত্তৰ মহুৰা মণ্ডল কংগ্ৰেছ সমিতিৰ সম্পাদক ধীৰেশ্বৰ লইঙে আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলেয়ে প্ৰথমে ভাষণ প্ৰদান কৰি গণতন্ত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত কংগ্ৰেছ মিত্ৰজোঁটৰ পক্ষত ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ সভাত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে জাতি আৰু ধৰ্মৰ নামত ৰাইজক ভাগ ভাগ কৰি প্ৰতাৰণাৰে মিছা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি আহিছে বুলি উল্লেখ কৰি দুখীয়া ৰাইজৰ সপক্ষে কাম কৰাৰ কথা কোৱা বিজেপি চৰকাৰে মূল্যবৃদ্ধিৰে দুখীয়া জনগণক আৰ্থিকভাবে কোঙা কৰি পেলাইছে বুলি কয় ৷
গোলাঘাট লোকসভা সমষ্টিক বৰ্তমানেও বিজেপিৰ তথাকথিত উন্নয়নে স্পৰ্শ কৰিব পৰা নাই বুলি শাসকীয় চৰকাৰখনক সমালোচনা কৰে তিৰ্কীয়ে ৷ লগতে সঁচা অৰ্থত উন্নয়ন তথা ৰাইজৰ উপকাৰ সাধিবলৈ সক্ষম নোহোৱাৰ বাবেই বিজেপি চৰকাৰখনে মাৰাথন প্ৰচাৰভিযান চলাবলগীয়া হৈছে বুলিও তিৰ্কীয়ে কয় ৷
সমান্তৰালভাবে, জাতীয়তাবাদী দল অগপই বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি অস্তিত্বহীন হৈ পৰিছে বুলি আক্ষেপ প্ৰকাশ কৰাৰ লগতে ৰাজ্যত আঞ্চলিকতাবাদী দলৰ প্ৰয়োজন আছে বুলিও তিৰ্কীয়ে কয় । ইয়াৰ লগতে বিজেপি চৰকাৰে ৰাজনৈতিক ক্ষেত্ৰত দলটোক কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰহে কৰি আহিছে বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰকাশ কৰে ৷
বিজেপি মিত্ৰজোঁট চৰকাৰৰ ফৰ্ম প্ৰদানৰ ভূমিকাক সমালোচনা কৰে তিৰ্কীয়ে । উল্লেখ্য যে দিচৈ পঞ্চায়তৰ নিকৰি বালিগাঁও তিনি আলিত অনুষ্ঠিত সভাত দিচৈ পঞ্চায়তৰ অগপ কৰ্মী ক্ৰমে 6 নং ৱাৰ্ডৰ সুমেশ্বৰ মৰাং, 7 নং ৱাডৰ মালিৰাম দলে আৰু পূৰ্ণকান্ত দলেয়ে কংগ্ৰেছত যোগদান কৰে ৷ দুয়োখন সভাত বোকাখাত মণ্ডল সমিতিৰ সভাপতি সীমান্ত শইকীয়া, বোকাখাত টাউন মণ্ডলৰ সভাপতি লক্ষী শইকীয়া, গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পৰাগ শইকীয়াৰ লগতে বিষয়ববীয়া, ৰাইজৰ দল আৰু কৃষক মুক্ত সংগ্ৰাম সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ৷
লগতে পঢ়ক: আজি অসমত মোদী-মমতাৰ মেজিক - Lok sabha Election 2024

