ETV Bharat / politics

বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

বুধবাৰে মনোনয়ন দাখিল কৰে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে ৷ ৰাজনৈতিক ব্যক্তি এজনৰ বাবে ৰাইজৰ মৰম-আশীৰ্বাদেই যথেষ্ট বুলি উল্লেখ কৰে তেওঁ ৷

LOK SABHA ELECTION 2024
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্ব
author img

By ETV Bharat Assamese Team

Published : April 17, 2024 at 8:54 PM IST

3 Min Read
Choose ETV Bharat
দীপ বায়নৰ মনোনয়ন দাখিল

বৰপেটা, 17 এপ্ৰিল : ৰঙালী বিহুৰ উচাহৰ মাজতে ৰাজ্যত লোকসভা নিৰ্বাচনৰ জ্বৰ ৷ 7 মে’ত অনুষ্ঠিত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে মনোনয়ন দাখিলৰ পৰ্ব ৷ বুধবাৰে মনোনয়ন দাখিল কৰে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে ৷ নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ দিনাই মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থাীজনে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দলীয় কৰ্মী আৰু সমৰ্থকেৰে বৰপেটা পৌৰসভা খেল পথাৰৰ পৰা বিশাল সমদল কৰি কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷ এই সমদলত প্ৰাৰ্থীজনৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়ক ৰহিম আহমেদৰ লগতে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে ৰাইজে আশীৰ্বাদ দিছে, তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ৷ ৰাজনৈতিক ব্যক্তি এজনৰ বাবে ৰাইজৰ মৰম-আশীৰ্বাদেই যথেষ্ট বুলি উল্লেখ কৰি তেওঁ অপশক্তিক উৎখাত কৰাৰ বাবে ৰাইজৰ আশীৰ্বাদেই একমাত্ৰ শক্তি বুলি কয় ৷

ইফালে চি পি আই এমৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ সম্পৰ্কে তেওঁ কয়- "তেখেত জ্যেষ্ঠ ব্যক্তি, ৰাজনীতি বুজি পায় ৷ মনোৰঞ্জন তালুকদাৰে মনোননয়ন পত্ৰ দিয়ালৈ সময় আছে ৷ আমি কথা পাতি আছোঁ, আমি আশাবাদী ৷" আনহাতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে, এয়া প্ৰথম ৰাউণ্ডতে ইমান মানুহ ৷ ফাইনেল ৰাউণ্ডলৈ আৰু বহুত দেখিব ৷ দীপ বায়ন নিশ্চিতভাৱে বৰপেটাত জয়যুক্ত হ'ব ৷ বৰপেটা কংগ্ৰেছৰ আছিল আৰু কংগ্ৰেছৰে হৈ থাকিব বুলি মন্তব্য কৰে তেওঁ ৷

উল্লেখ্য যে, ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্য়ায়ৰ বাবে মনোনয়ন দাখিল সম্পূৰ্ণ হোৱাৰ লগতে ইতিমধ্যে 19 এপ্ৰিলত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সমাপ্ত হৈছে প্ৰচাৰ ৷ তাৰ মাজতে আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল পৰ্ব ৷ 7 মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 12 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে মনোনয়ন দাখিল ৷ 19 এপ্ৰিলত সমাপ্ত হ’ব তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল পৰ্ব ৷ তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷

লগতে পঢ়ক : নিলাজৰ নিচিনা মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীয়ে মি়ঞাৰ দুৱাৰে দুৱাৰে ঘূৰি আছে : কৰিম উদ্দিন বৰভূঞা - Lok Sabha Election 2024