ETV Bharat / politics

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশৰ লগতে অসমজুৰি‌ আন্দোলনৰ‌ ঘোষণা কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:35 PM IST

Updated : Feb 8, 2024, 8:38 PM IST

Congress against Agnipath Scheme : অগ্নিপথ আঁচনিক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ ৷ দেশজোৰা 'জয় জোৱান' অভিযানৰ ঘোষণা কংগ্ৰেছৰ ৷

Etv BharatCongress slams Agnipath Scheme
অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশৰ লগতে অসমজুৰি‌ আন্দোলনৰ‌ ঘোষণা কংগ্ৰেছৰ
অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশৰ লগতে অসমজুৰি‌ আন্দোলনৰ‌ ঘোষণা কংগ্ৰেছৰ

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: অগ্নিপথ আঁচনিৰ জৰিয়তে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ 1.5 লাখ যুৱক-যুৱতীৰ সপোন ভাঙি পেলোৱাৰ বিৰুদ্ধে কংগ্ৰেছ দলে দেশজুৰি আন্দোলনৰ ঘোষণা কৰিছে। গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আলোক শৰ্মাই এই কথা ঘোষণা কৰি‌ কয় যে এই আন্দোলন অসমতো কৰা হ'ব ।

তেওঁ লগতে কয় যে, সৈন্য বাহিনীৰ নিয়মীয়া নিযুক্তিৰ অধীনত কঠিন মানসিক আৰু শাৰীৰিক পৰীক্ষা দি সশস্ত্ৰ বাহিনীত যোগদান কৰা 1.5 লাখ যুৱক-যুৱতীক বিজেপিৰ দ্বাৰা বিশ্বাসঘাতকতা কৰা হৈছে ! যোৱা 31 জানুৱাৰীৰ পৰা ৰাহুল গান্ধীয়ে তেওঁলোকৰ বাবে ন্যায় নিশ্চিত কৰিবলৈ "জয় জোৱান" অভিযান আৰম্ভ কৰিছে । এনেকুৱা দুমুখীয়া চৰকাৰ না আজিলৈ আহিছে না আগলৈ আহিব ৷ যাৰ প্ৰতিশ্ৰুতি দিয়া আৰু পূৰণ কৰাত আকাশ পাতালৰ পাৰ্থক্য আছে ৷

ভাৰতীয় জাতীয় কংগ্ৰেছে যোৱা 31 জানুৱাৰীৰ পৰা বিহাৰত ৰাহুল গান্ধীয়ে আৰম্ভ কৰা দেশজোৰা প্ৰচাৰৰ জৰিয়তে 'জয় জৱান- অন্যায় কে বিৰুদ্ধ ন্যায় কা যুদ্ধ' আৰম্ভ কৰিছে । দেশজোৰা 'জয় জোৱান' অভিযান 3 টা পৰ্যায়ত আয়োজন কৰা হৈছে আৰু 31 জানুৱাৰীৰ পৰা 20 মাৰ্চলৈকে এই অভিযান চলিব‌ বুলি তেওঁ সদৰী কৰে ।

তেওঁ লগতে কয় যে, দেশজোৰা আৰম্ভ হোৱা "জয় জোৱান" অভিযানৰ জৰিয়তে কংগ্ৰেছ দলে 30 লাখ পৰিয়ালৰ কাষ চাপিব । সকলো ব্লক/চহৰত ধৰ্ণাৰ আয়োজন কৰিব আৰু এখন সমন্বয় সমিতি গঠন কৰিব । লগতে সকলো জিলাত 50 কিলোমিটাৰলৈকে পদযাত্ৰা সম্পন্ন কৰা হ'ব । এই সংবাদমেলত কংগ্ৰেছৰ নেতা ভৰত চন্দ্ৰ নৰহ, বেদব্ৰত বৰা আদি‌ উপস্থিত আছিল।

লগতে পঢ়ক: অসমৰ চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ শীঘ্ৰে সমাধা হ'ব; মন্ত্ৰী অতুল বৰা

Last Updated : Feb 8, 2024, 8:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.