ETV Bharat / politics

নলবাৰীৰ কৃষিপথাৰত নিৰ্মাণ কেবাটাও পকীপথ : কাৰণ প্ৰধানমন্ত্ৰী আহিব - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 6:16 PM IST

PM Modi in Nalbari
নলবাৰীত প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি, পৰিদৰ্শন কেবাগৰাকীও মন্ত্ৰীৰ

PM Modi in Nalbari: ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী ৷ প্ৰস্তুতিৰ বুজ ল’বলৈ ইজনৰ পিচত সিজন মন্ত্ৰীৰ হেলিকপ্টাৰ পৰিছে সভাস্থলীত ৷ কৃষিপথাৰৰ মাজতে নিৰ্মাণ কৰা হৈছে পকীপথ ৷ নিৰ্মাণ কৰা হৈছে তিনিখনকৈ হেলিপেড ৷

নলবাৰীত প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি, পৰিদৰ্শন কেবাগৰাকীও মন্ত্ৰীৰ

নলবাৰী, ১২ এপ্ৰিল : ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৰপেটা লোকসভাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নলবাৰীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দুই লাখ জনসাধাৰণক সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে ৷ নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভাৰ বাবে নলবাৰীৰ বৰকুৰাৰ বিদ্যাঞ্চলৰ কাষৰ খেতিপথাৰত চলিছে ব্যাপক আয়োজন ।

বৰকুৰাৰ খেতিপথাৰত মোদীৰ নিৰ্বাচনী সভাৰ বাবে তিনিখনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে । কৃষিপথাৰৰ মাজত কেইবাটাও পকীপথ নিৰ্মাণ কৰা হৈছে ৷ খেতিপথাৰত এদিনৰ বাবে নিৰ্মাণ কৰা হ’ল বিশাল বিশাল পকীপথ । আজি নলবাৰীৰ বৰকুৰাৰ মোদীৰ নিৰ্বাচনী সভাস্থলীত উপস্থিত হ’ল পাঁচজনকৈ মন্ত্ৰী তথা দুই দলৰ ৰাজ্যিক সভাপতি । মন্ত্ৰী ৰণজিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, অতুল বৰা, ভৱেশ কলিতা আৰু জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, বিধায়ক ফণীধৰ তালুকদাৰ ।

বৰকুৰাৰ খেতিপথাৰত হ’বলগীয়া মোদীৰ সভাৰ প্ৰস্ততিৰ বুজ ল’লে মন্ত্ৰী ৰণজিত কুমাৰ দাস, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নাৰায়ণ ডেকাই । বৰকুৰাৰ নিৰ্বাচনী সভাত দুই লাখ লোকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সোতৰ তাৰিখে সমগ্ৰ নলবাৰীৰ লগতে বৰপেটা লোকসভা সমষ্টি মোদীময় হৈ পৰিব । মোদীৰ লহৰত উখল মাখল হ’ব বৰপেটা লোকসভাৰ সমষ্টিৰ লগতে গুৱাহাটী লোকসভা সমষ্টিও ।

মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই কয় যে প্ৰধানমন্ত্ৰী অগপ দলৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাটো আনন্দৰ কথা ৷ ধুবুৰীত এইবাৰ জৰাফুকাৰ ৰাজনীতি নহ’ব বুলি কৈ অতুল বৰাই মন্তব্য কৰে যে এইবাৰ ধুবুৰীত অগপ জয়ী হ’ব ৷ আনহাতে ‘কা’ৰ সন্দৰ্ভত ফণীভূষণ চৌধুৰীৰ মন্তব্যৰ সন্দৰ্ভত জানিবলৈ বিচৰাত উত্তৰ নিদি আঁতৰি যায় অগপৰ সভাপতি অতুল বৰা ।

ইফালে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক কেৰিয়াৰ ইয়াতে ফুলষ্টপ বুলি মন্তব্য কৰে জয়ন্ত মল্লবৰুৱাই । শূন্য আৰু শূন্য লগ হৈ শূন্যই হয় বুলি কয় জয়ন্ত মল্লবৰুৱাই ৷ ইফালে ১৭ এপ্ৰিলত নলবাৰীত অনুষ্ঠিত হ’বলগীয়া মোদীৰ সভা ৯ বজাত আৰম্ভ হ’ব আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০ বজাত ভাষণ ৰাখিব বুলি জনায় জয়ন্ত মল্লবৰুৱাই ।

লগতে পঢ়ক: চাবুৱাত সৰ্বানন্দ সোণোৱালে ৭০-৭৫ হাজাৰ ভোট লাভ কৰিব :মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.