ETV Bharat / politics

এইবাৰ দেশত নিৰ্বাচন ৰাহুল গান্ধী-নৰেন্দ্ৰ মোদী মাজত হ'ব: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:14 PM IST

Himanta Biswa Sarma: এই‌বাৰ গঠনমূলক প্ৰচাৰ‌ চলাব বিজেপিয়ে । কাকো গালি-গালাজ নাপাৰে বিজেপিয়ে ৷ পূৰ্বৰ ধাৰা সলনি কৰা‌ হ’ব ।‌‌ কোনে কোনে চৰকাৰী আঁচনি পোৱা নাই, তাৰ তালিকা প্ৰস্তুত কৰিব বিজেপিয়ে ৷

Himanta Biswa Sarma
ড৹ হিমন্ত‌ বিশ্ব শৰ্মা

গুৱাহাটী, ১৫ মাৰ্চ : এইবাৰ দেশত নিৰ্বাচন ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ মাজত হ’ব । এই‌‌ মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত‌ বিশ্ব শৰ্মাৰ । গুৱাহাটীত বাজপেয়ী ভৱনত শুকুৰবাৰে অনুষ্ঠিত এখন‌ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে‌‌ কয় যে দেশত এতিয়া বিৰোধী ঐক্য‌ বুলি একো নাই ।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা ২৯ ফেব্ৰুৱাৰীৰ পৰা অসমত বিকাশ যাত্ৰা হৈছে ৷ ২২ ফেব্ৰুৱাৰীৰ পৰা বসুন্ধৰাৰ অধীনত‌ মাটিৰ পট্টা দিয়া হৈছে । যোৱা জানুৱাৰীত ২২ লাখ লোকক ৰেচন‌ কাৰ্ড দিয়া হয় ৷‌ ১ কোটি মানহক আয়ুস্মান‌ কাৰ্ড বিতৰণ কৰা হৈছে । যোৱা দুমাহ ধৰি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ সম্পূৰ্ণ কৰাৰ বাবে পদক্ষেপ‌ গ্ৰহণ কৰা হয় । আগতে এনেদৰে কৰা‌ হোৱা নাছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে এইবাৰ প্ৰতিটো বুথৰ লগত সম্পৰ্ক ৰক্ষা কৰা হ’ব ।‌ দৰং-ওদালগুৰি, কোকৰাঝাৰ আদি সমষ্টিত বিশাল‌ সাংগাঠনিক কাৰ্যসূচী গ্ৰহণ কৰা‌ হৈছে । তদুপৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী ঐক্য ভাগি যোৱাৰ বিপৰীতে মিত্ৰজোঁটত কোনো বিসম্বাদ হোৱা নাই ।‌ পাৰম্পৰিক বুজাবুজি মতে হৈছে ।

বিজেপিৰ কেবাজনো সাংসদ আৰু মন্ত্ৰী টিকটৰ পৰা বঞ্চিত হৈছে যদিও‌ কোনেও ক্ষোভ উজৰা নাই ।‌ সহজভাৱেই দলৰ স্বাৰ্থত মানি লৈছে । এইবাৰৰ নিৰ্বাচনত শৃংখলিত‌ভাৱে বিজেপি আগবাঢ়িছে । বিজেপিয়ে এইবাৰ ১৪ টা সমষ্টিৰ ১৩ টা সমষ্টি দখল‌ কৰিব । মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’ব ।

তেওঁ কয় যে ২০১৪ চনৰ‌ পিছত ২৭ বাৰ‌ অসম‌ ভ্ৰমণ কৰিছে মোদীয়ে । কাজিৰঙাত থাকে ৷ এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰ চকুত‌ আৰু মুখত মোদী থাকিব‌ লাগিব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই‌বাৰ বিজেপিৰ প্ৰচাৰ‌ গঠনমূলক হ’ব । পূৰ্বৰ ধাৰা সলনি কৰা‌ হ’ব ।‌‌ সকলো‌ বুথলৈ যোৱা হ’ব ।‌ কোনে চৰকাৰী আঁচনি পোৱা নাই, তাৰ তালিকা প্ৰস্তুত কৰা‌ হ’ব ।

অৰুণোদয়, আবাস যোজনা, জল জীৱন, বিদ্যুৎ সংযোগ আদি নোপোৱা মানুহৰ তালিকা কৰা হ’ব ।‌‌ এইবাৰৰ নিৰ্বাচন আৰ্থসামাজিক, ৰাজনৈতিক সমীক্ষাকেন্দ্ৰিক নিৰ্বাচন‌ হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লোকসভা নিৰ্বাচনৰ পিছত ২০২৬ লৈ কাম কৰাৰ সুবিধা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ প্ৰচাৰত গালি-গালাজ নহয় ৷

লগতে পঢ়ক: হোজাইত সামৰণি পৰিল দুসপ্তাহজোৰা বিকাশ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.