ETV Bharat / politics

নলবাৰীলৈ প্ৰধানমন্ত্ৰী মোদী: প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:44 PM IST

PM MODI IN NALBARI
নলবাৰীৰ প্ৰধানমন্ত্ৰী মোদীৰ সভাৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

Himanta Biswa Sarma : কেৱল নামাজী গগৈ হ’লেই নহ’ব, ভকতীয়া গগৈও হ’ব লাগিব বুলি গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ এই মন্তব্য ৷

নলবাৰীৰ প্ৰধানমন্ত্ৰী মোদীৰ সভাৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

নলবাৰী, ১৩ এপ্ৰিল : ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ব্যাপক ব্যস্ততা আৰু তৎপৰতা ৰাজ্যিক বিজেপিকে ধৰি মিত্ৰজোঁটৰ মাজত । কিয়নো প্ৰধানমন্ত্ৰী আহিবলৈ মাজত মাথো কেইটামান দিন । ইজনৰ পিচত সিজন নেতাই হেলিকপ্টাৰ আৰু পদপথেৰে আহি ভিৰ কৰিছে নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বৰকুৰাত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতি পৰিদৰ্শন কৰিবলৈ ।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পিচত গৰুবিহুৰ দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰেৰে আহি পৰিদৰ্শন কৰে জনসভাথলী । বৰপেটা লোকসভা সমষ্টিকে ধৰি দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ একাংশ বিধানসভা পৰ্যায় মিলি প্ৰায় দুই লাখ লোকৰ সমাগম হ’ব বুলি মন্তব্য প্ৰতিগৰাকী নেতা-মন্ত্ৰীৰ । শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত এক আলোচনাত মিলিত হৈ সাংবাদিকৰ সৈতেও মত বিনিময় কৰে ।

কেবাটাও প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া আগবঢ়াই সাংবাদিকৰ প্ৰশ্নত । লোকসভা নিৰ্বাচনৰ পিচতে অসম মন্ত্ৰীসভাত ব্যাপক ৰদবদল হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নলবাৰীত ১৭ এপ্ৰিলত অনুষ্ঠিতব্য মোদীৰ নিৰ্বাচনী সভাৰ প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা কৰে ৷ কোন কোন থাকিব পাৰে সম্প্ৰসাৰিত মন্ত্ৰীসভাত তাৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় য়ে কেৱল নামাজী গগৈ নহয়, ভকতীয়া গগৈ হৈ দেখুৱাওঁক গৌৰৱ গগৈয়ে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা কিয় ৰাহুল গান্ধীয়ে বৰদোৱালৈ গৈছিল বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ গৌৰৱ গগৈক কন্দল গগৈ বুলিয়ো অভিহিত কৰে ড৹ শৰ্মাই ৷ ‘‘ভূপেন বৰাই শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি কওতে তেতিয়া গৌৰৱ গগৈয়ে কিয় প্ৰতিবাদ কৰা নাছিল ? গৌৰৱ গগৈয়ে মোক নহয় সমগ্ৰ হিন্দু সমাজক উত্তৰ দিয়ক ৷ " আনহাতে ভূপেন বৰাকো ৰাম ভক্তই কৃষ্ণ ভক্তই এইবোৰ কিয় সহ্য কৰিব বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আজি মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ইউপিপিএলৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়িকা সুমন হৰিপ্ৰিয়া, নাৰায়ণ ডেকাই ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ পিচতে সালসলনি হ’ব মন্ত্ৰীসভাৰ :মুখ্যমন্ত্ৰীৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.