ETV Bharat / politics

বিজেপিত দহ বছৰ ঘাম দিলো, এতিয়া আমি নতুন-পুৰণাৰ কথা নামানো : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 7:55 PM IST

RAJEN GOHAIN CONTROVERSY
মিৰ্জাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনৰ আগমুহূৰ্তত যদি দলৰ ক্ষতি হোৱা মন্তব্য দিয়ে তেন্তে তেওঁ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰা নাই, পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী মোদীক বিৰোধিতা কৰিছে ৷ নিৰ্বাচনৰ পিচতে দলে ব্যৱস্থা ল’ব- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

ৰাজেন গোহাঁই সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মিৰ্জা, 27 এপ্ৰিল : জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচনৰ পিচতেই ৰাজেন গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰীজনে ৷ এই সন্দৰ্ভত শনিবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত সাংবাদিকৰ আগত তেওঁ কয় যে, বিজেপি দলৰ কোনো নেতাই নিৰ্বাচনৰ আগদিনা বা আগমুহূৰ্তত যদি দলৰ ক্ষতি হোৱা মন্তব্য দিয়ে তেন্তে তেওঁ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰা নাই, পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী মোদীক বিৰোধিতা কৰিছে ৷ কাৰণ এই নিৰ্বাচন মোদীৰ নিৰ্বাচন, সকলোৱে মোদীৰ বাবে কৰি আছে বুলি উল্লেখ কৰে তেওঁ ৷

লগতে নতুন-পুৰণিৰ ইয়াত কোনো নাই, তেওঁ নিজেও বিজেপি দলত দহ বছৰ ঘাম দিয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ কয় যে, দহ বছৰ মানে জীৱনৰ এটা বহুত ডাঙৰ যুগ ৷ সেয়েহে ইয়াত নতুন-পুৰণাৰ কথা কৈ লাভ নাই ৷ তেওঁ কয়- "এতিয়া আমি বিজেপিত নতুন-পুৰণাৰ কথা নামানো ৷ বিজেপিত আজি অহাজনকো আমি মৰ্যাদা দিওঁ আৰু পুৰণাজনকো সমান মৰ্যদা দিওঁ ৷ গতিকে এইবিলাক কথা যিয়ে কৰি থাকে, কৰি ভাল পাই তেনেকুৱাৰ ওপৰত নিৰ্বাচনৰ পিচতে দলে ব্যৱস্থা ল’ব ৷"

আনহাতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা ৰাজ্যৰ 10 টা লোকসভা সমষ্টিৰ নিৰ্বাচনত 9 টা বিজেপি দলে দখল কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এখন আসনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি কয় তেওঁ ৷ লগতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া 4 টা সমষ্টিৰ 3 টা বিজেপি মিত্ৰজোঁটে দখল কৰিব তাত কোনো সন্দেহ নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে ধুবুৰী লোকসভা সমষ্টি সন্দৰ্ভত তেওঁ নিৰ্বাচনী প্ৰচাৰলৈ যোৱাৰ পিচত সমষ্টিটোৰ বিষয়ে ক’ব পৰা হ’ব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত মিৰ্জা সৰপাৰাত শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই নিৰ্বাচনী প্ৰচাৰ ৷ পলাশবাৰী বিধানসভা সমষ্টিৰ সৰপাৰাস্থিত আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীজনে ৷

লগতে পঢ়ক : বিজেপিৰ ফালে এসোপা গগৈ আছে : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.