ETV Bharat / politics

বিজেপিৰ ফালে এসোপা গগৈ আছে : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 6:06 PM IST

বাক্সাৰ মানাহত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ যাৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই তেনে প্ৰাৰ্থীক অতিৰিক্ত 10 নম্বৰ দিয়া হব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ৷ জয়ন্ত বসুমতাৰী তিনি লাখ ভোটত জিকিব বুলি দাবী কৰে তেওঁ ৷

Assam CM Election Campaign
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
বাক্সাৰ মানাহত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

বৰপেটাৰোড, 27 এপ্ৰিল : 7 মে’ত তৃতীয় পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ধাৰাবাহিক প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শনিবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সাৰ মানাহত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মানাহত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

সভাত মুখ্যমন্ত্ৰীজনে কয় যে ৰাইজৰ পাৰ ভঙা উচাহ আৰু মনৰ আনন্দত প্ৰতীয়মান হৈছে যে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিজয়ী হ’ব ৷ বি টি চিখন এটা স্বায়ত্ত্বশাসিত অঞ্চল ৷ বি টি আৰৰ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুত মৰম কৰে বুলি মন্তব্য কৰে তেওঁ ৷ লগতে আজিৰ সভাখন বি পি এফ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে চোৱাহেতেন বি টি আৰৰ ৰাইজে মুখ্যমন্ত্ৰীক কিমান মৰম আৰু আশীৰ্বাদ কৰে জানিব পাৰিলেহেতেন বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ৷

নিযুক্তি সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ এইবাৰ আৰু পঞ্চাছ হাজাৰ চাকৰি দিয়া হ’ব বুলি প্ৰকাশ কৰে তেওঁ ৷ লগতে এই পঞ্চাছ হাজাৰ নিযুক্তিত যাতে একেখন ঘৰতে দুটা বা অধিক চাকৰি নহয় তাৰ বাবে যাৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই তেনে প্ৰাৰ্থীক অতিৰিক্ত 10 নম্বৰ দিয়া হব বুলিও কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে বৰ্তমানৰ চৰকাৰৰ দিনত দালাল নোহোৱা হৈছে, সুদখোৰ নোহোৱা হৈছে, ড্ৰাগছ বেপাৰী নোহোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে এইখন চৰকাৰৰ প্ৰশংসাত ৰাইজ গদগদ হৈ আছে ৷ গতিকে চৰকাৰে ৰাইজৰ কথাহে শুনিব বুলি মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ জনগাঁথনি চাই মিত্ৰ দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তিনি লাখ ভোটত জিকিব বুলি দাবী কৰে ৷ কোকৰাঝাৰত কংগ্ৰেছ আৰু বি পি এফৰ লগত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলিও কয় তেওঁ ৷ লগতে ধৰ্মীয় সংখ্যালঘু ৰাইজ বিজেপিৰ হৈ ওলাই আহিছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় যে, সংখ্যালঘুৰ এশ শতাংশ ভোট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা কৰা নাই ৷ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ভোটগ্ৰহণত 50 শতাংশ সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিছে বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে তিনি গগৈ প্ৰসংগত- বিৰোধীৰ তিনি গগৈতকৈ বিজেপিত গগৈৰ সংখ্যা বেছি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বি টি চি প্ৰধান প্ৰমোদ বড়ো উপস্থিত থাকে ৷

লগতে পঢ়ক : দ্বিতীয় পৰ্যায়ত ৪ খন আসনত বিপুল ভোটত জয় হ’ব বিজেপি, এখনত হ’ব তুমুল প্ৰতিদন্দ্বিতা: মুখ্যমন্ত্ৰী শৰ্মাৰ দাবী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.