ETV Bharat / politics

দ্বিতীয় পৰ্যায়ত ৪ খন আসনত বিপুল ভোটত জয় হ’ব বিজেপি, এখনত হ’ব তুমুল প্ৰতিদন্দ্বিতা: মুখ্যমন্ত্ৰী শৰ্মাৰ দাবী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 2:30 PM IST

LS poll 2nd phase: দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৰাজ্যৰ পাঁচখন লোকসভা আসনক লৈ এক পূৰ্বানুমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁৰ মতে চাৰিখন আসনত বিজেপিৰ জয় নিশ্চিত ।

LS poll 2nd phase
Lok Sabha Election 2024

গুৱাহাটী, ২৭ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অসমত শুকুৰবাৰে ভোটগ্ৰহণ হৈ যোৱা ৫ খন আসনৰ ৪ খনত বিপুল ভোটত জয় লাভ কৰিব বিজেপিয়ে ৷ আন এখনত তুমুল প্ৰতিদ্বন্দিতা হ’ব ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰিছে এই কথা ।

শুকুৰবাৰে ৰাজ্যত ভোটগ্ৰহণ হৈ যোৱা শিলচৰ, কৰিমগঞ্জ, নগাঁও, ডিফু আৰু দৰং-ওদালগুৰি এই ৫ টা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ ফলাফল কি হ’ব তাক লৈ বিভিন্নজনৰ মাজত বিভিন্ন পূৰ্বানুমান অব্যাহত আছে । তাৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভোটগ্ৰহণৰ পৰৱৰ্তী দিনা, অৰ্থাৎ আজি পুৱা এই ৫ টা সমষ্টিক লৈ নিজা মতামত প্ৰকাশ কৰিছে সামাজিক মাধ্যমযোগে ।

“কালি হৈ যোৱা ভোটগ্ৰহণক লৈ মোৰ মতামত— আমাৰ শক্তিশালী স্থিতি থকা ঠাইত বিপুল সংখ্যাত ভোটদান হৈছে ৷ অসমত দ্বিতীয় পৰ্যায়ত বিজেপিৰ পক্ষত ভোটগ্ৰহণ হৈছে ৷ ভোটগ্ৰহণ হোৱা ৫টা সমষ্টিৰ ৪ টাত আমি বিপুল ভোটত আগবাঢ়ি আছো আৰু এখনত বিশেষ কাৰণত তুমল প্ৰতিদন্দ্বিতা হৈছে ৷” এইদৰে কালি ভোটগ্ৰহণ হোৱা ৫ টা সমষ্টিক লৈ দাবী মুখ্যখ্যন্ত্ৰীগৰাকীৰ ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিজেপিৰ সংগঠন শক্তিশালী হৈ থকা অঞ্চলসমূহত দ্বিতীয় পৰ্যায়ত ব্যাপক হাৰত ভোটদান হৈছে । সেয়ে বিজেপি ৪ টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত আগবাঢ়ি আছে অৰ্থাৎ জয়ী হ’ব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে ।

মন কৰিবলগীয়া যে শুকুৰবাৰে হৈ যোৱা ভোটগ্ৰহণত নগাঁও আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছৰ ওচৰত বিজেপি প্ৰৱল প্ৰত্যহ্বানৰ সন্মুখীন হ‘বলগীয়া হৈছে বুলি ব্যাপক চৰ্চা অব্যাহত আছে ৷ তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কেৱল এখন আসতহে তুমুল প্ৰতিদ্বন্দিতা হ’ব বুলি কৰা মন্তব্যই কোনখন আসনক ইংগিত কৰিছে সেয়া স্পষ্ট হোৱা নাই যদিও নগাঁও নাইবা কৰিমগঞ্জৰ ভিতৰত যে কোনোবা এখন আসনৰ প্ৰতি ইংগিত দিছে সেয়া প্ৰায় নিশ্চিত ।

লগতে পঢ়ক: চিপিআই(এম)ৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ কটাক্ষ শ্বেৰমান আলীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.