ETV Bharat / politics

বিদেশী সংস্থাৰ দ্বাৰা কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Congress election manifesto : কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ বিদেশী সংস্থাৰ সহায়ত প্ৰস্তুত কৰা বুলি কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেওঁ এক্সত কয় যে ইস্তাৰহাৰত কংগ্ৰেছ দলে আমেৰিকা আৰু থাইলেণ্ডৰ ফটো অন্তৰ্ভূক্ত কৰিছে ৷

Congress election manifesto
কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : April 5, 2024 at 9:23 PM IST

2 Min Read

গুৱাহাটী, 5 এপ্ৰিল : কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সমালোচনাত মুখৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ কংগ্ৰেছ দলে সৰ্বভাৰতীয় পৰ্যায়ত দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পিচতে সদায় কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক সমালোচনা কৰে ৷

উল্লেখ্য যে কংগ্ৰেছ দলে সৰ্বভাৰতীয় পৰ্যায়ত দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পিচতে বিজেপিয়ে দলটোক সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰখন বিদেশী সংস্থাৰ সহায়ত প্ৰস্তুত কৰা বুলি কটাক্ষ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স' ত এটা পোষ্টত কংগ্ৰেছক লক্ষ্য কৰি সমালোচনামুখৰ হৈ পৰা দেখা যায় ৷ কংগ্ৰেছে প্ৰকাশ কৰা 'ন্যায় পত্ৰ' ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই 'এক্স' ত কয় যে কংগ্ৰেছে ইস্তাহাৰত নিৰ্বাচিত চৰকাৰক আঁতৰোৱা, তিনি তালাক পুনৰুদ্ধাৰ কৰা আৰু অ’ পি এছৰ ওপৰত ইউ-টাৰ্ণ লোৱাৰ প্ৰতিশ্ৰুতি দিছে ৷ কিন্তু এই প্ৰতিশ্ৰুতি প্ৰদানৰ কোনো তাৰিখ উল্লেখ নাই ৷

ইফালে শৰ্মাই কংগ্ৰেছৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা পানী ব্যৱস্থাপনাৰ ফটোৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ এক্সত কয় যে ইস্তাৰহাৰত কংগ্ৰেছ দলে আমেৰিকা আৰু থাইলেণ্ডৰ ফটো অন্তৰ্ভূক্ত কৰিছে ৷ তেওঁলোকে (কংগ্ৰেছ) তেওঁলোকৰ ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ কোনো বিদেশী সংস্থা নিয়োগ কৰিছে নেকি বুলি প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, শুকুৰবাৰে বিভিন্ন প্ৰতিশ্ৰুতিৰে কংগ্ৰেছ দলে নতুন দিল্লীৰ এ আই চি চিৰ মুখ্য কাৰ্যালয়ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে ৷ দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচন 2024 : কংগ্ৰেছৰ ইস্তাহাৰত চাকৰি, জাতিগত লোকপিয়ল, নিশ্চিত এম এছ পিৰ প্ৰতিশ্ৰুতি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.