ETV Bharat / politics

ভাৰত জোড়ো ন্যায় যাত্ৰালৈ ভয় খাইছে মুখ্যমন্ত্ৰী শৰ্মাই: লুৰীণজ্যোতিৰ কটাক্ষ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:23 AM IST

Bharat Jodo Nyay Yatra
মাকুমত অজাপৰ সাংগঠনিক সভা

Bharat Jodo Nyay Yatra: ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰালৈ ভয় খাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷ দিল্লীত বিৰোধীৰ চৰকাৰ হ’লে ভেটি থৰক-বৰক হ’ব হিমন্ত বিশ্ব শৰ্মাৰ ৷ মাকুমত অজাপৰ সাংগঠনিক সভাত এই মন্তব্য লুৰীণজ্যোতি গগৈৰ ৷

মাকুমত অজাপৰ সাংগঠনিক সভা

তিনিচুকীয়া, ১৯ জানুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম জাতীয় পৰিষদ দলে অসমৰ গাঁৱে-ভূঞে সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ এতিয়া তৎপৰ হোৱা দেখা গৈছে । তাৰেই অংশ হিচাপে শুকুৰবাৰে মাকুম সমষ্টিৰ অন্তৰ্গত বাৰেকুৰি ন-মতাপুং গাঁৱত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰে দলটোৱে ।

উক্ত সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাকে প্ৰমুখ্যে কৰি দলটোৰ বহু কেইজন বিষয়-ববীয়া উপস্থিত থাকে । এই সভাখনতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গ’ল লুৰীণজ্যোতি গগৈক ৷ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰালৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভয় কৰিছে বুলি মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷

তেওঁ লগতে কয় যে ৰেলী অনুষ্ঠিত কৰাৰ সকলোৱে অধিকাৰ আছে । ইয়াৰ উপৰিও দিল্লীত বিৰোধীৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰীৰ ভেঁটি থৰক-বৰক হোৱাৰ লগতে তেওঁৰ পূৰ্বৰ লুইবাৰ্জাৰ, সাৰদা, কয়লা ছিণ্ডিকেট ইত্যাদি কেলেংকাৰী সমূহ ফাদিল হোৱাৰ ভয়তে বাৰে বাৰে সংবাদমেল সম্বোধন কৰি আছে বুলি মন্তব্য কৰে গগৈয়ে ।

শেহতীয়াকৈ তিনিচুকীয়া জিলাত বলপূৰ্বক চান্দা সংগ্ৰহ কৰাৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্ত আৰু তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষজনক তুলাধুনা দিয়ে লুৰীণজ্যোতি গগৈয়ে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী সাধাৰণ জনগণ বা জাতীয় দল সংগঠনৰ লগত নাই ৷ তেওঁ কেৱল বণিয়া গোষ্ঠীৰ লগত থাকি তৈলমৰ্দনত ব্যস্ত আছে ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ দুয়োগৰাকী শীর্ষ বিষয়াই কয়লা, গৰু, কাঠৰ ছিণ্ডিকেট কৰি মুখ্যমন্ত্ৰীক কমিচনৰ ভাগ যোগান ধৰা কেইটাক শাস্তি কেতিয়া প্ৰদান কৰিব বুলিও লুৰীণজ্যোতি গগৈয়ে প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক: মন্ত্ৰী যোগেন মহনৰ খুলশালীয়েকৰ চাহ বাগিচা বাজেয়াপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.