ETV Bharat / politics

পুনৰ অসম জাতীয় পৰিষদলৈ আহিব চিত্তৰঞ্জন বসুমতাৰী

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:40 PM IST

Assam Jatiya Parishad : পুনৰ অসম জাতীয় পৰিষদলৈ আহিব চিত্তৰঞ্জন বসুমতাৰী ৷ দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব বসুমতাৰীয়ে ৷

Assam Jatiya Parishad
পুনৰ অসম জাতীয় পৰিষদত যোগদান কৰিব চিত্তৰঞ্জন বসুমতাৰী

গুৱাহাটী, 23 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা আছে ৷ পুনৰ অসম জাতীয় পৰিষদলৈ আহিব চিত্তৰঞ্জন বসুমতাৰী আৰু গ্ৰহণ কৰিব দলৰ বিশেষ দায়িত্ব ৷ জানিব পৰা মতে চিত্তৰঞ্জন বসুমতাৰীয়ে দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব ৷

উল্লেখ্য যে 2022 বৰ্ষৰ মে’ মাহত অজাপৰ সম্পাদকৰ দায়িত্বত থকা চিত্তৰঞ্জন বসুমতাৰীয়ে আকস্মিকভাৱে দলৰ পৰা পদত্যাগ কৰিছিল ৷ দলীয় কাম-কাজক লৈ অসন্তুষ্টি ব্যক্ত কৰি চিত্তৰঞ্জন বসুমতাৰীয়ে অজাপৰ পৰা পদত্যাগ কৰিছিল ৷ দলটোৰ সাংগঠনিক কাম-কাজত ক্ষুব্ধ হৈছিল চিত্তৰঞ্জন বসুমতাৰী ৷

লক্ষণীয় বিষয় যে অসম জাতীয় পৰিষদ গঠনৰ ক্ষেত্ৰত চিত্তৰঞ্জন বসুমতাৰীৰ এক অন্যতম ভূমিকা আছিল ৷ যাৰ বাবে তেওঁৰ পদত্যাগ দলটোৰ বাবে বিস্তৰ ক্ষতি ৰূপে প্ৰতিপন্ন হৈছিল ৷ উল্লেখ্য যে 2021 চনত বিধান সভা নিৰ্বাচনত ধেমাজি সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ চিত্তৰঞ্জন বসুমতাৰী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷ সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰা চিত্তৰঞ্জন বসুমতাৰী আছিল দ্বিতীয় স্থানত ৷

আনহাতে মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনত তেওঁ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়ায় যদিও বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰিছিল ৷ মাজুলীৰ উপ-নিৰ্বাচনত ভূৱন গামৰ হাতত পৰাজিত হৈছিল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী ৷ পদত্যাগ কৰাৰ সময়ত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চিত্তৰঞ্জন বসুমতাৰীৰ পুনৰ দললৈ উভতি আহিব আশা প্ৰকাশ কৰিছিল ৷ অৱশ্যে পলমকে হ'লেও লুৰিণজ্যোতি গগৈৰ আশা পূৰণ হোৱাৰ পথত ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে অজাপক শক্তিশালী কৰাৰ বাবে পুনৰ উভতি আহিব চিত্তৰঞ্জন বসুমতাৰী ৷

লগতে পঢ়ক : ৯ মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কথা পাতিব লাখপতি বাইদেউৰ সৈতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.