ETV Bharat / politics

দিল্লী-দিশপুৰত কি ৰাজনীতি চলি আছে মই নাজানো-বি পি এফ প্ৰধান হাগ্ৰামা

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 8:11 AM IST

BPF Workers Meets in Baksa : আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰতা নকৰাকৈ বি পি এফে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ক’লে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

bpf leader hagrama mohilary slame uppl
দিল্লী দিশপুৰত কি ৰাজনীতি চলি আছে মই নাজানো

বৰপেটাৰোড, 20 জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল ৷ শুকুৰবাৰে বাক্সাৰ মথনগুৰী সমষ্টিৰ হটাপাৰাস্থিত বি পি এফ দলৰ দলীয় কাৰ্যালয়ত যোগদান কাৰ্যসূচীত অংশলৈ বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বি পি এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘আগন্তুক নিৰ্বাচনত মিত্ৰতা নকৰাকৈ বি পি এফে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলৰ প্ৰাৰ্থীৰেই জয়লাভ নিশ্চিত ৷’’

আনহাতে লোকসভা নিৰ্বাচনত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’ব বুলি উল্লেখ্য কৰি তেওঁ কয়, ‘‘কোকৰাঝাৰ লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া, ইউ পি পি এল আৰু বিপিএফৰ মাজত তিনিকোণীয়া যুঁজ হ’ব ৷ কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছ দল ফেক্টৰ নহ’ব ৷ কোকৰাঝাৰ লোকসভাত বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে ইউ পি পি এল দলক আসনটো এৰি দিয়াৰ কথা শুনিছো ৷’’

বিপৰীতে দৰং-ওদালগুৰি লোকসভা সমষ্টিত কংগ্ৰেছ, বিজেপি আৰু বি পি এফৰ মাজত তিনিকোণীয়া যুঁজ হ’ব বুলিও পুৰ্বানুমান কৰিছে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ ইফালে, আগন্তুক 22 জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত হাগ্ৰামা মহিলাৰীক নিমন্ত্ৰণ কৰিছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বি পি এফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘দিল্লী কি ৰাজনীতি চলি আছে বা দিশপুৰত কি ৰাজনীতি চলি আছে সেয়া মই নাজানো ৷ বি টি চিৰ দৰে সৰু অঞ্চল এটাৰ জনগণক আগবঢ়াই নিয়াৰ বাবে আমি কাম কৰি গৈ আছো ৷’’

লগতে পঢ়ক : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল কলগাছিয়াৰ দুই বোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.