ETV Bharat / politics

গাঁও চলো অভিযান: গাঁৱে গাঁৱে ৰাইজৰ অভিযোগ শুনিব বিজেপি নেতাই

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:38 PM IST

BJYM Assam Pradesh: যোৰহাট চাৰিগাঁও অঞ্চলত গাঁও চলো অভিযানৰ অংশ হিচাবে নিশা যাপন কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই ৷ এই সময়চোৱাত তেওঁ ৰাইজৰ লগত মিলিত হৈ ৰাইজৰ সমস্যা, অভাৱ-অভিযোগৰ বিষয়ে বুজ লোৱা বুলি জানিবলৈ দিয়ে ৷

BJYM Assam Pradesh
বিজেপিৰ গাঁও চলো অভিযান
ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিয়ে গাঁৱত কটালে নিশা

যোৰহাট, 11 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে ৷ নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ লগতে বিজেপি চৰকাৰৰ শাসন কালৰ সকলো কাম সাধাৰণ ৰাইজৰ ওচৰলৈ নিবলৈ দলটোৱে হাতত লৈছে ইটোৰ পিচত সিটো কাৰ্যসূচী ৷ শেহতীয়াকৈ সমাজৰ শেষৰ জন লোকলৈকে জন সম্পৰ্ক গঢ়িবলৈ 'গাঁও চলো' অভিযান আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ এই অভিযানৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়ক তথা দলৰ বিষয়ববীয়াই গাঁৱৰ ভিতৰুৱা অঞ্চলত ৰাতি কটাই জন সম্পৰ্ক গঢ়াৰ লগতে গাঁৱৰ উন্নয়ন আৰু বিভিন্ন সমস্যা ৰাজি সম্পৰ্কে বুজ ল’ব ৷

ইতিমধ্যে যোৰহাটত এই অভিযান আৰম্ভ কৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিয়ে ৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই যুৱ মৰ্চাৰ আন কেইবাজনো বিষয়ববীয়াৰ সৈতে যোৰহাট চাৰিগাঁও অঞ্চলত নিশা যাপন কৰে ৷ এই অঞ্চলত তেওঁ ৰাতিটো কটাই ৰাইজৰ লগত মিলিত হয় আৰু ৰাইজৰ সমস্যা, অভাৱ-অভিযোগৰ বিষয়ে বুজ লোৱা বুলি জানিবলৈ দিয়ে ৷

আনহাতে চাৰিগাঁও অঞ্চলত নিশা কটোৱা সময়ৰ কথা উল্লেখ কৰি যুৱ মৰ্চাৰ সভাপতি গৰাকীয়ে কয় যে দেশৰ উন্নয়ন আৰু প্ৰগতি হ'বলৈ হ’লে গ্ৰামাঞ্চলৰ উন্নয়ন হোৱাটো অপৰিহাৰ্য ৷

উল্লেখ্য যে, গাঁও চলো অভিযানৰ অংশ হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁৱত নিশা কটাব ৷ 14 ফেব্ৰুৱাৰীত ৰজাপুখুৰী শ্যাম গাঁৱত উপস্থিত হ’ব মুখ্যমন্ত্ৰী গৰাকী ৷ ঐতিহ্যপূৰ্ণ ৰজাপুখুৰী শ্যাম গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁওখনৰ উন্নয়ন সম্পৰ্কে বুজ ল'ব ৷

লগতে পঢ়ক : ১৪ ফেব্ৰুৱাৰীতহে ৰজাপুখুৰী শ্যাম গাঁৱলৈ যাব মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.